• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যজুৰি নিম্ন গৰ্ভাশয় কৰ্কটৰ ছিটা প্ৰদান কাৰ্যসূচী প্ৰৱৰ্তন কৰা প্ৰথম ৰাজ্য হ’ব ছিকিম

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2018 3:21 pm
Sikkim-vaccine-570x320
228
VIEWS
Share on FacebookShare on Twitter

মহিলাসকলৰ নিম্ন গৰ্ভাশয়ৰ কৰ্কট (cervical cancer) ওপৰত এটা ছিটা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছে ছিকিম। অহা ৩০ জুলাইত ছিকিমৰ আটাইকেইখন জিলাতেই নিম্ন গৰ্ভাশয়ৰ প্ৰধান কাৰক ‘হিউমেন পেপিল’মা ভাইৰাছ’ৰ (HPV) ছিটা প্ৰদান কাৰ্যসূচীটো আনুষ্ঠানিক ভাৱে উন্মোচন কৰিব। কৰ্কট ৰোগ চিকিৎসাৰ এই অভিলাসী অভিযান আৰম্ভ কৰা ভাৰতৰ প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হ’বলৈ আগবাঢ়িছে ছিকিম।

উল্লেখ্য যে পাঞ্জাবৰ দুখন জিলাতো একেধৰণৰ কাৰ্যসূচী এটা পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছে।

কিন্তু ছিকিমত এইটো কাৰ্যসূচী সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ কৰা হ’ব।

ৰাজ্যখনৰ ৯ৰ পৰা ১৪ বছৰীয়া বালিকা আৰু কিশোৰীক নিম্ন গৰ্ভাশয়ৰ কৰ্কটৰ পৰা ৰক্ষা কৰিব পৰা  এই ছিটা বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব।

উল্লেখ্য যে বিশ্বত মহিলাসকলক দ্বিতীয়টো অধিক আক্ৰান্ত কৰা কৰ্কট ৰোগ হৈছে নিম্ন গৰ্ভাশয়ৰ কৰ্কট।

বুধবাৰে গেংটকত অনুষ্ঠিত হিউমেন পেপিল’মা ভাইৰাছ ছিটা প্ৰদান সজাগতামূলক কৰ্মশালাত উপস্থিত থাকি এই কথা ঘোষণা কৰে ছিকিমৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলে।

এই কৰ্মশালাৰ আয়োজন কৰিছিল ছিকিম স্বাস্থ্য বিভাগে আৰু ইয়াৰ পৃষ্ঠপোষকতা কৰিছিল ইউনিচেফে।

সাংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰাজ্যিক প্ৰতিষেধক বিষয়া ফুমজে ডেনজংপাই জনাইছে যে হিউমেন পেপিল’মা ভাইৰাছ ছিটাৰ প্ৰকৃত মূল্য হৈছে ৩০০০ টকা কিন্তু কেন্দ্ৰীয় চৰকাৰে ইউনিচেফৰ পৰা ইয়াক ৪০০ টকাত ক্ৰয় কৰিছে আৰু ছোৱালীসকলে এই ছিটা বিনামূলীয়াকৈ লাভ কৰিব।

প্ৰথম ছিটা প্ৰদান আৰম্ভ হ’ব ৩০ জুলাইত আৰু ১৪ দিনত ৯ ৰ পৰা ১৪ বছৰৰ ভিতৰৰ সকলো ছোৱালীকে ছিটা প্ৰদান কৰা হ’ব।

ছিটাৰ দ্বিতীয়টো পালি ২০১৯ৰ ফেব্ৰুৱাৰিত প্ৰদান কৰা হ’ব।

উত্তৰ-পূৰ্বাঞ্চলৰ হকে নিয়োজিত ইউনিচেফৰ স্বাস্থ্য বিষয়া মৌলিক শ্বাহে জনাইছে যে  হিউমেন পেপিল’মা ভাইৰাছ ছিটা প্ৰদান কাৰ্যসূচীটো দেশৰ ভিতৰতে বৃহত্তম ৰাজহুৱা স্বাস্থ্য কাৰ্যসূচী।

উল্লেখ্য যে  হিউমেন পেপিল’মা ভাইৰাছ হৈছে নিম্ন গৰ্ভাশয়ৰ কৰ্কট ৰোগৰ প্ৰধান কাৰক। এইটো এটা সাধাৰণ ভাইৰাছ আৰু যৌন ক্ৰিয়াৰ সময়ত এই ভাইৰাছৰ সংক্ৰমণ ঘটে। কমবয়সত যৌন ক্ৰিয়া, বহু (যৌন) সংগিত্ব, ধঁপাতৰ ব্যৱহাৰ আদি নিম্ন গৰ্ভাশয়ৰ কৰ্কটৰ কেইটামান শংকাযুক্ত কাৰক।

বিশ্বত প্ৰতি বছৰ নিম্ন গৰ্ভাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ ৫.২ লাখ নতুন ঘটনা নিৰূপিত হয়। তাৰে ভিতৰত ২.৭ লাখ ৰোগীৰ মৃত্যু হয়। নিম্ন গৰ্ভাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত ৰোগী আৰু ৰোগীৰ মৃত্যুৰ ৮৫শতাংশ উন্নয়নশীল দেশসমূহত সংঘটিত হয়।

Recent News

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

অভিলেখ গঢ়িও দোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে থমকি ৰ’ল নীৰজ চোপ্ৰা

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd