• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ সকলো সমস্যাতে মাত মতাৰ ঠিকা লোৱা বুলি অখিলক কটাক্ষ কৃঃ শ্ৰঃ উঃ পঃৰ সভাপতি মুকুল বৰাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 20, 2018 8:57 pm
MUKUL_Bora
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ৰাজ্যৰ সকলোবোৰ সমস্যাৰ বাবে আন্দোলনৰ নামত আন্দোলন কৰিবলৈ অসমৰ ৰাইজে অখিল গগৈক ঠিকা দিছে নেকি?” শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবল গণসংগ্ৰাম গঢ়ি তোলা  কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে এইদৰে প্ৰশ্ন কৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি মুকুল বৰাই।

উল্লেখ্য যে, কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে হঠাৎ এনেদৰে সৰৱ হৈ পৰা কৃষক শ্ৰমিক উন্নয়ন পৰিষদে যোৱা ১২ জুলাইলৈকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে একেলগে ধৰ্ণা-আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল। কিন্তু তাৰ দুদিন পিছতেই আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকৰ অস্তিত্ব নাইকিয়া কৰি কেৱল নিজৰ সংগঠনৰ প্ৰচাৰ কৰা বুলি সংবাদমেল যোগে অখিল গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলে সংগঠনটোৰ সভাপতি মুকুল বৰাই।

Apply Now

তদুপৰি উক্ত সংবাদমেলখনত তেওঁ অখিল গগৈৰ প্ৰতিটো আন্দোলনৰ পৰিসমাপ্তি কেনেদৰে হয়, সেই কথা অসমৰ ৰাইজক জনাবৰ বাবে আহ্বান জনায়।

কৃষক নেতা অখিল গগৈয়ে খেতি কৰিবলৈ পাহৰি কেৱল যিকোনো সমস্যাৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰিছে বুলিও তেওঁ সংবাদমেলত অভিযোগ কৰে।

তেওঁ লগতে ‘এতিয়া খেতিৰ বতৰ’ বুলি অখিল গগৈক কটাক্ষ কৰি কয়, “কৃষক শ্ৰমিক উন্নয়ন পৰিষদে পথাৰত গৈ খেতি কৰিছো।”

“১০টাকৈ সংগঠনক একাষৰীয়া কৰি তেজ দি হ’লেও ৰহাৰ টোলগেট বন্ধ কৰিব লাগে বুলি অখিল গগৈয়ে দম্ভালি মৰাৰ কোনো অৰ্থ নাই। অসমৰ সমস্যাৰ বিৰুদ্ধে মাত মাতিবলৈ বহু দল-সংগঠন আছে।” মুকুল বৰাই এইদৰে কয়।

আনহাতে কৃষক নেতা অখিল গগৈয়ে কৃষকৰ উন্নয়নৰ স্বাৰ্থত মাত মাতিব লাগে বুলি তেওঁক আহ্বান জনোৱাৰ লগতে কয়, কিন্তু তেওঁ ৰহা টোলগেটৰ কাৰণে তেজ দিব লাগে বুলি ক’ব নালাগে।

তাৎপৰ্য্যপূৰ্ণভাৱে, উক্ত সংবাদমেলতে মুকুল বৰাই অসমীয়া জাতিৰ স্বাৰ্থৰ প্ৰতি আজিৰ তাৰিখত অখিল গগৈৰ কোনো দায়িত্ববোধ নাই বুলিও সমালোচনা কৰে।

“যোৰহাটৰ দিল্লী পাব্লিক স্কুল বন্ধ হ’ব লাগিব তথা অনা-অসমীয়াৰ দপদপনি নচলিব বুলি ৰাজপথলৈ হাজাৰ-হাজাৰ মানুহ উলিয়াই আনিলে। কিন্তু আন্দোলনটোৰ ফল শূন্য। বৃহৎ নদীবান্ধৰ বিৰুদ্ধে মাত মাতিলে, তাৰ ফলাফল কি? একাংশ ভূ-মাফিয়াৰ বিৰুদ্ধে তেওঁলোকৰ গৃহ তথা কাৰ্য্যালয় ঘেৰাও কৰিলে, কিন্তু ফলাফল শূন্য।”  সংবাদমেলত বৰাই এইদৰে আক্ৰমণ কৰে অখিল গগৈক।

অৱশ্যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অবিৰত আন্দোলন কৰা বাবে অখিল গগৈক ধন্যবাদ জ্ঞাপন কৰি তেওঁ লগতে কয়, “কিন্তু এটা আন্দোলনতে সীমাবদ্ধ নাথাকি ইটোৰ পাছত আনটো আন্দোলন কৰি প্ৰত্যেকখন চৰকাৰকে ব্যতিব্যস্ত কৰি তোলাটোৱেই তেওঁৰ মূল লক্ষ্য। ইয়াৰ অন্তৰালত নিশ্চয় গোপন ৰহস্য আছে।”

উক্ত সংবাদমেলৰ জৰিয়তে কৃষক নেতা অখিল গগৈক সাহসেৰে প্ৰত্যেকটো আন্দোলনৰ পৰিসমাপ্তিৰ বিষয়ে অসমৰ ৰাইজক অৱগত কৰিবৰ বাবে তেওঁ মুকলি আহ্বান জনায়।

ইয়াৰোপৰি, নিৰ্বাচন আহিলেই অখিল গগৈয়ে সকলো ৰাজনৈতিক দলৰ বিৰুদ্ধে প্ৰচাৰ পত্ৰ বিতৰণ কৰে বুলি উল্লেখ কৰাৰ লগতে অখিলক প্ৰশ্ন কৰি কয়, “কংগ্ৰেছক ভোট দিব নালাগে, এ আই ইউ ডি এফক ভোট দিব নালাগে, বিজেপিক ভোট দিব নালাগে, তেন্তে কাক দিব লাগে?”

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd