• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্রীয় নাগৰিকপঞ্জীখন শুদ্ধ নহ’লে অসমত অশান্তিৰ সৃষ্টি হ’ব : ড০ হীৰেন গোহাঁই

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2018 11:09 am
Asom Gaurav award to Hiren Gohain
118
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্রীয় নাগৰিকপঞ্জীখন শুদ্ধ নহ’লে অসমত অশান্তিৰ সৃষ্টি হ’ব। গুৱাহাটী প্রেছ ক্লাবত দেওবাৰে যোৰহাটৰ গতি সাংস্কৃতিক গোষ্ঠীয়ে প্রদান কৰা ২০১৮ বর্ষৰ ‘অসম গৌৰৱ বঁটা’ গ্রহণ কৰি ড০ গোহাঁয়ে এই মন্তব্য কৰে।

ড০ গোহাঁয়ে এই সন্মান পাই উৎসাহিত হোৱা বুলি উল্লেখ কৰি কয় যে এয়া এক আশীর্বাদ। তেওঁ লগতে সদায় অসমীয়া সমাজৰ উপকাৰ হোৱাকৈ কাম কৰি আহিছোঁ বুলি ব্যক্ত কৰে।

তেওঁ কয় যে এই বঁটাৰ যোগ্যতা সময়েহে দিব ৷ ১৯৪৭ চনৰ স্বাধীনতাৰ পতাকা উত্তোলন দেখা বুলি উল্লেখ কৰি তেওঁ এই স্বাধীনতা সার্থক নহ’ল আৰু নাগৰিকে এতিয়াও প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ থকা বুলি কয়।

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-ৰ বিৰোধিতাত তীব্র প্রতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে জাতিধবংসী বিধেয়কখন বাতিলৰ দাবীত সকলোকে ওলাই আহিবলৈ পুনৰ আহবান জনায়।

গতি সাংস্কৃতিক গোষ্ঠীৰ সভাপতি মৃদুল কুমাৰ বৰাই সঞ্চালনা কৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা, নিৱন্ধকাৰ বৰুণ বৰগোহাঁই আৰু কেইবাজনো বিশিষ্ট ব্যক্তি।

গতি সাংস্কৃতিক গোষ্ঠীয়ে ড০ গোহাঁইক অসমীয়া জাতিটোৰ উত্তৰণৰ ক্ষেত্রত আগবঢ়োৱা অৱদানৰ বাবে প্রদান কৰা এই বঁটাৰ লগত নগদ ১০ হাজাৰ টকা, এখন অভিনন্দন পত্র, শৰাই আৰু এটা স্মাৰক প্রদান কৰে।

আনহাতে এই বঁটা প্রদান অনুষ্ঠানত অজিত কুমাৰ ভূঞাই ড০ হীৰেন গোহাঁইক সাম্প্রতিক অসমীয়া জাতিৰ এগৰাকী বিবেক আখ্যা দি কয় যে তেওঁৰ পাণ্ডিত্য, অৰিহণাক লৈ প্রতিজন অসমীয়াই গৌৰৱ কৰিব লাগে। তেওঁ কয় যে ড০ গোহাঁই ঘৰত সোমাই থাকি লিখা-মেলা কৰি থকা বুদ্ধিজীৱী নহয়৷ আজি জাতিৰ সংকটৰ সময়ত তেওঁ ওলাই আহিছে।

অধিবক্তা অৰূপ বৰবৰাই হীৰেন গোহাঁইক এটা বৌদ্ধিক অনুষ্ঠান বুলি উল্লেখ কৰি তেওঁৰ নিভাঁজ দেশপ্রেম, জাতিপ্রেম, সামাজিক দায়বদ্ধতা আৰু সাম্যবাদী চেতনাৰ বিষয়ে ব্যক্ত কৰে। সভাত যোৰহাটৰ ‘আজিৰ সময়’ আলোচনীখনৰ পৰিয়ালৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়েও ড০ গোহাঁইক সম্বর্ধনা জনায়।

আনহাতে, বিশিষ্ট শিক্ষাবিদ, কবি, সাহিত্যিক,  ৰাজনীতিজ্ঞ হেম বৰুৱাৰ নামত প্ৰতিষ্ঠিত, হেম বৰুৱা ন্যাসে ২০১৭-২০১৮ বৰ্ষৰ বাবে হেম বৰুৱা বঁটা আগবঢ়াইছে বিশিষ্ট শিক্ষাবিদ, সাহিত্য সমালোচক, সমাজকৰ্মী, চিন্তাবিদ ড০ হীৰেন গোহাঁইলৈ।

হেম বৰুৱা ন্যাসে প্ৰকাশ কৰা অনুসৰি চলিত মাহৰ ১১ জুনত দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত ৰাজ্যখনৰ বিশিষ্ট চিন্তাবিদ গৰাকীক এই বঁটা প্ৰদান কৰা হ’ব।

Recent News

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd