• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰিয়েলিটি শ্ব’ৰ পৰা অব্যাহতি পাপনক : বলীউডৰ একাংশ শিল্পীৰো গৰিহণা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2018 11:22 am
PAPON-33-644x362
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাপন অংগৰাগ মহন্তই চুম্বন বিতৰ্কৰ বাবে ৰাজহুৱাকৈ ক্ষমা বিচাৰিছে যদিও একাংশ ৰাজনৈতিক নেতাকে ধৰি একাংশ বলীউডৰ শিল্পীয়ে পাপনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

ইতিমধ্যে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ লগতে মহাৰাষ্ট্ৰ আৰু অসম শিশু অধিকাৰ আয়োগে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে।

Apply Now

মহাৰাষ্ট্ৰৰ লগতে অসমতো ইতিমধ্যে পাপনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। পৰিস্থিতি ইমানেই বিষম হৈ পৰিছে যে শনিবাৰে পাপনে এণ্ড টিভিত চলি থকা ‘দ্য ভয়চ অব্‌ ইণ্ডিয়া কিড্‌ছ ২০১৮’ নামৰ ৰিয়েলিটি  শ্ব’টোৰ দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত লয়।

শিল্পীজনে প্ৰকাশ কৰিছে যে ‘’মই ইমানেই মানসিকভাৱে ভাগি পৰিছো যে এনে সময়ত মই মোৰ পেছাগত দায়িত্ব পালন কৰিব পৰা অৱস্থাত নাই। যেতিয়ালৈকে মোক লৈ চলি থকা বিতৰ্কসমূহৰ অৱসান নঘটে তেতিয়ালৈকে মই উক্ত ৰিয়েলিটি শ্ব’টোৰ বিচাৰক পদত নাথাকোঁ।‘’

ইপিনে ৰিয়েলিটি শ্ব’টোৰ পৰা পাপনক চেনেলটোৱেহে অব্যাহতি দিয়া বুলি জানিব পৰা গৈছে। চুম্বন বিতৰ্কৰ পিছত দেশৰ বিভিন্ন মহলত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিছত চেনেলটোৱে পাপনক শ্ব’টোৰ পৰা অব্যাহতি দিয়ে।

আনহাতে, শনিবাৰে উক্ত ৰিয়েলিটি  শ্ব’টোত অংশগ্ৰহণ কৰা শিশুসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গই মুকলিভাৱে পাপনলৈ সমৰ্থন আগবঢ়োৱাৰ লগতে শিল্পীজনে কোনো ধৰণৰ বেয়া মনোভাব লৈ নাবালিকাগৰাকীক চুম্বন কৰা নাছিল বুলি প্ৰকাশ কৰে।

পাপনে চুম্বন কৰা উক্ত নাবালিকাগৰাকীয়ে শনিবাৰে স্পষ্ট কৰি দিছে যে ঘৰত মাক-দেউতাকে সন্তানক যিদৰে চুমা যাচি মৰম কৰে, ঠিক একেদৰেই পাপনেও তেওঁক মৰমতে চুমা খাইছিল।

একেদৰে শিশুটিৰ পিতৃয়ে প্ৰকাশ কৰিছে যে পাপন আৰু শিশুটিৰ মাজৰ সম্পৰ্ক  গুৰু-শিষ্যৰ সম্পৰ্ক। গতিকে ইয়াত বেয়া কোনো কথাই আহিব নোৱাৰে।

মহাৰাষ্ট্ৰ চৰকাৰে সমগ্ৰ ঘটনাটোৰ তদন্ত ঘোষণা কৰিছে। ৰাজ্যখনৰ শিশু বিকাশ বিভাগৰ ৰাজ্য মন্ত্ৰী বিদ্যা থাকৰেই প্ৰকাশ কৰিছে যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টো  প্ৰত্যক্ষ কৰি তেওঁ ঘটনাটোৰ  তদন্ত কৰাৰ বাবে মুম্বাই আৰক্ষীক নিৰ্দেশ দিছে।

অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ আৱেদনৰ ভিত্তিতো  দিছপুৰ আৰক্ষী থানাত পাপনৰ বিৰুদ্ধে ৫০২/২০১৮ নম্বৰত গোচৰ ৰুজু কৰা হৈছে। গোচৰটোত পাপনৰ বিৰুদ্ধে শিশুৰ যৌন নিৰ্যাতন প্ৰতিৰোধ আইন-২০১২ৰ ১০নং ধাৰাৰ অধীনত আৰু আইনখনৰ ২১নং ধাৰাৰ অধীনত উক্ত  ভিডিঅ’টোৰ কলা-কুশলীকো অভিযুক্ত কৰা হৈছে।

অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষা সুনীতা চাংকাকতীয়ে কয় যে ভিডিঅ’টো প্ৰত্যক্ষ কৰাৰ পাছত পাপনে নাবালিকাগৰাকীক চুমা খোৱাটো স্পষ্ট হয়।  এয়া যৌন নিৰ্যাতন হিচাপে গণ্য কৰা হৈছে।  ইয়াৰ বাবে আয়েগে আৰক্ষী আয়ুক্তক ব্যৱস্থা ল’ব লাগে বুলি পত্ৰ দিছে।

পাপনৰ চুনা বিতৰ্কক লৈ বলিউডৰ একাংশ শিল্পীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পৰিচালক তথা কৰিঅ’গ্ৰাফাৰ ফাৰাহ খানে প্ৰকাশ কৰিছে যে পাপনৰ উক্ত বিতৰ্কিত ভিডিঅ’টো প্ৰত্যক্ষ কৰি মই অস্বস্তি বোধ কৰিছোঁ। পাপনে চুম্বন কৰাৰ পাছত উক্ত নাবালিকাগৰাকীয়েও যে অস্বস্তি বোধ কৰিছিল সেয়া ভিডিঅ’টোত স্পষ্ট হৈ পৰিছে বুলি জনাই খানে এনে ঘটনা আমাৰ কাম্য নহয় বুলি মন্তব্য কৰিছে।

একেদৰে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনে এই ঘটনা ঘৃণনীয় আৰু লজ্জাজনক বুলি অভিহিত কৰি পাপনক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে।

মন কৰিবলগীয়া কথা যে দিল্লীস্থিত অসমীয়া অধিবক্তা ৰুণা ভূঞাই ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগত পাপনৰ বিৰুদ্ধে এখন আবেদন দাখিল কৰিছে।

উক্ত আবেদনখনত উল্লেখ কৰা হৈছে যে কণ্ঠশিল্পী পাপনে ‘দ্য ভয়চ অব্‌ ইণ্ডিয়া কিড্‌ছ ২০১৮’ শীৰ্ষক অনুষ্ঠানত এগৰাকী শিশুক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছে।  অধিবক্তাগৰাকীয়ে পাপনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ ওচৰত উক্ত বিতৰ্কিত ভিডিঅ’টো দাখিল কৰিছে।

লক্ষণীয়ভাৱে পাপনৰ পক্ষত থিয় দিছে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গৰ লগতে বলিউডৰ জনপ্ৰিয় নেপথ্য গায়িকা মানালী ঠাকুৰ। জুবিন গাৰ্গে পাপনৰ আচৰণত অশ্লীল আচৰণ নাছিল বুলি উল্লেখ কৰি কয় যে পাপনক তেওঁ বহুদিনৰ পৰা আৰু ভালদৰে জানে। তেওঁ পাপনক এই বিতৰ্কৰ পৰা মুক্তি দিবলৈ সকলোকে আহ্বান জনায়।

আনহাতে, মানালী ঠাকুৰে পাপনৰ পক্ষ লৈ কয় যে নিজে এগৰাকী ছোৱালী হিচাপে পুৰুষৰ যৌন আচৰণ চিনি পায়। পাপনৰ আচৰণত তেওঁ কোনো যৌন আচৰণ প্ৰত্যক্ষ কৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd