• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰোগ নিৰ্ণয়ৰ পৰীক্ষাৰ ভুল প্ৰতিবেদন দিয়া ব্যক্তিগত পৰীক্ষা কেন্দ্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৃষক সংঘৰ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
April 30, 2018 7:41 pm
clinical-ESTABLISHMENT-act1

প্ৰতিনিধিত্বমূলক ফটো: উৎস ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৰঙৰ এটা জিলা পৰ্যায়ৰ কৃষক সংঘই জিলাখনৰ উপায়ুক্ত আৰু মেডিকেল ডায়গ্নষ্টিক আৰু ইমেজিং প্ৰতিষ্ঠানসমূহ পঞ্জীয়ন কৰা জিলা পৰ্যায়ৰ কৰ্তৃপক্ষৰ সভাপতিৰ ওচৰত দাবী জনাইছে যাতে  জিলাখনত  চলি থকা ভুল চিকিৎসাজনিত প্ৰতিৱেদন দিয়া মেডিকেল ডায়গ্নষ্টিক আৰু ইমেজিং প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰশাসনৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হয়।

দৰং জিলা কৃষক সংঘৰ সভাপতি মুজাফৰ হুছেইনে জিলা উপায়ুক্তলৈ প্ৰেৰম কৰা শেহতীয়া আবেদনপত্ৰখনত উল্লেখ কৰিছে যে অসম চিকিৎসা প্ৰতিষ্ঠান (পঞ্জীয়ন আৰু নিয়ন্ত্ৰণ) আইন ২০১০ আৰু ২০১৬ (Assam Clinical Establishment (Registration and Regulation) Act , 2010 and Rules 2016)ৰ নিয়ম মুক্তভাৱে ভংগ কৰা ব্যক্তিগত খণ্ডৰ চিকিৎসা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই আইনখন যথাৰ্থভাৱে প্ৰয়োগ কৰা হ’লে ৰোগীক হাৰাশাস্তি কৰা আৰু কৰ্তব্যত অৱহেলা কৰা ব্যক্তিগত চিকিৎসা কেন্দ্ৰসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব। আন্তঃগাঁথনি, যন্ত্ৰপাতি আদি মানকবিশিষ্ট হয় নে নহয় তাৰো অনুসন্ধান নোহোৱাৰ বাবে এই সমূহত চৰম অনিয়ম হৈ আহিছে বুলি আবেদনপত্ৰখনত অভিযোগ উত্থাপন কৰা হৈছে। আবেদনপত্ৰখনত এই স্বাস্থ্য কেন্দ্ৰসমূহত স্বাস্থ্য পৰীক্ষাৰ নামত অশিক্ষিত আৰু অৰ্ধ-শিক্ষিত কৃষক পৰিয়ালসমূহক অযথা হাৰাশাস্তি কৰা হোৱাৰো তথ্যসহ অভিযোগ উত্থাপিত কৰা হৈছে।

Apply Now

আবেদনকাৰীয়ে এনে উদাহৰণো উল্লেখ কৰা হৈছে যে দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দুলীয়াপাৰা গাঁওৰ মুৰ্ছিদা বেগম আৰু মুছতাজ আলী নামৰ এহাল দুখীয়া দম্পতীৰ ছনোগ্ৰাফিৰ প্ৰতিৱেদনৰ ভুল তথ্যৰ বাবে মাতৃ সন্তানৰ সংকটজনক অৱস্থা হৈছিল। অত্যন্ত খৰচী ছনোগ্ৰাফি প্ৰতিৱেদনখনত এটা ভ্ৰুণ বুলি দিয়া প্ৰতিৱেদনৰ বিপৰীতে মাতৃগৰ্ভত দুটা ভ্ৰুণে স্থিতি লৈছিল আৰু দুয়োটা সন্তান আৰু মাতৃ অপুষ্টিত ভুগিছিল। এই ভুল প্ৰতিৱেদন দিয়া প্ৰতিষ্ঠানটো ব্যক্তিগত চিকিৎসা  পৰীক্ষা  প্ৰতিষ্ঠান মঙলদৈৰ ৱাৰ্ড নং-১ত থকা এক্যুস্কেন (Accuscan) । এইটোৰ দৰে প্ৰতিষ্ঠানসমূহে এই  দুখীয়া দম্পতীহালৰ নিচিনা বহুতো লোকৰ কষ্টোপাৰ্জিত ধনৰ টকা  এইদৰে সৰকাই আছে। জানিব পৰা গৈছে যে  দম্পতিী হালে মঙলদৈ চৰকাৰী চিকিৎসালয়ৰ স্ত্ৰীৰোগ বিশেষজ্ঞৰ উপদেশ অনুযায়ী এই স্বাস্থ্য পৰীক্ষা কেন্দ্ৰটোলৈ গৈছিল।

এইদৰে গ্ৰাহকক ঠগা এই প্ৰতিষ্ঠানটোৰ ভুল ছনোগ্ৰাফি প্ৰতিৱেদনৰ বাবে সংকটজনক অৱস্থাত  দুটা সন্তানসহ মাকক প্ৰথমতে মঙলদৈত আৰু তাৰ পাছত জৰুৰীকালীনভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। দুটা সন্তানৰ বাবে প্ৰয়োজনীয় পূৰ্ব প্ৰস্তুতি নথকা হেতুকে পৰিয়ালটো অত্যন্ত হাৰাশাস্তিৰ সমুখিন হ’বলগীয়া হৈছিল।

ইতিমধ্যে কৃষক সংঘই এই ঘটনাটোৰ এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে আৰু জিলাখত থকা এনে ত্ৰুটিপূৰ্ণ স্বাস্থ্য পৰীক্ষা কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি, চিকিৎসা আৰু উপ চিকিৎসা কৰ্মচাৰী (medical and para-medical staff), যন্ত্ৰপাতি, সেৱাৰ মান আদিৰ এটা তদন্তৰ দাবী কৰিছে।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত কৃষক সংঘৰ সভাপতিগৰাকীয়ে ব্যাখ্যা কৰিছে কেনেদৰে বহু দূৰৰ পৰা মঙলদৈ অসামৰিক স্বাস্থ্য কেন্দ্ৰলৈ অহা অশিক্ষিত আৰু অৰ্ধ শিক্ষিত ৰোগীসকললে চৰকাৰী স্বাস্থ্য কেন্দ্ৰটোত এগৰাকী নিয়মীয়া ৰেডিঅ’লিষ্ট আৰু আল্ট্ৰা ছাউণ্ড পৰিসেৱা নথকা বাবে কেনেদৰে অৰ্থনৈতিকভৱে জুৰুলা হ’বলগীয়া হয়।

উল্লেখযোগ্য যে অসমাৰিক চিকিৎসা কেন্দ্ৰটোৰ ওচৰত থকা ৰিজিয়নেল ডায়েগ্নষ্টিক চেণ্টাৰৰ কাৰ্যক্ষম আল্ট্ৰা ছাউণ্ড মেছিনটো ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্যটোলৈ উঠাই নিয়া হৈছে। অসামৰিক চিকিৎসালয়খনত থকা আল্ট্ৰা ছাউণ্ড মেছিনটোত অত্যন্ত কম পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি কৃষক নেতাগৰাকীয়ে অভিযোগ কৰিছে। জিলাখনৰ দুখীয়া লোকসকলৰ সুবিধাৰ বাবে মুখ্য মন্ত্ৰীৰ মুক্ত চিকিৎসা পৰীক্ষা আৰু ইমেজিং আঁচনিৰ অধীনত আল্ট্ৰা ছাউণ্ড সেৱাৰ সূচনা কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰীলৈ অনুৰোধ জনায়।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd