DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অগপ নেতৃত্বৰ দুতলীয়া স্থিতিক সমালোচনা আঞ্চলিকতাবাদী অগপৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
December 29, 2017 6:19 pm
অগপ নেতৃত্বৰ দুতলীয়া স্থিতিক সমালোচনা আঞ্চলিকতাবাদী অগপৰ
816
VIEWS
Share on FacebookShare on Twitter

আজি ডিব্ৰুগড় প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি অসম গণ পৰিষদৰ পৰা ফাটি যোৱা আঞ্চলিকতাবাদী অগপই (AAGP) অগপ নেতৃত্বৰ দুতলীয়া স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰে। সাংবাদিকৰে হোৱা কথা-বতৰাত আঅগপৰ সভাপতি সুনীল ৰাজকোঁৱৰে কয় যে বিজেপিৰ সৈতে মিত্ৰতাৰ পিছত অগপ নেতৃত্বই আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱালে। ৰাজকোঁৱৰে লগতে অভিযোগ কৰে যে, ‘অগপ আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ বাবে গঠন কৰা হৈছিল অথচ বৰ্তমানৰ অগপৰ শীৰ্ষ নেতৃত্বই বিজেপিৰে মিত্ৰতা কৰি তেওঁলোকৰ আচল পৰিচয় হেৰুৱালে। বিজেপি-আৰ এছ এছে অসমৰ পৰা আঞ্চলিকতাবাদক নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে। সেয়ে তেওঁলোকে অগপৰ নেতাসকলক পথভ্ৰষ্ট কৰি তেওঁলোকক ৰাষ্ট্ৰীয়তাবাদীত পৰিণত কৰিছে।’ তেওঁ কয় যে সাম্প্ৰদায়িক বিজেপি-আৰ এছ এছে তেওঁলোকৰ আদৰ্শ জাপি দি অসমীয়া সংস্কৃতি শেষ কৰিব খুজিছে। ৰাজকোঁৱৰে কয়, ‘তেওঁলোকে হিন্দু-বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি অসমত সংস্থাপিত কৰিব খুজিছে আৰু অগপ নেতৃত্ব বোবা হৈ আছে। মই অগপৰ শীৰ্ষ নেতৃত্বক এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছো।’ তেওঁ লগতে কয় যে, ‘ত্ৰিপুৰা আৰু মেঘালয় নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি হিন্দু-বাংলাদেশী ৰাজনীতি কাৰ্ড খেলি ভোট আদায়ৰ চেষ্টা কৰিছে। হিন্দু-বাংলাদেশীক বিজেপিয়ে নাগৰিকত্ব দিলে নিজ ৰাজ্যতে অসমৰ খিলঞ্জীয়া লোক সংখ্যা লঘুত পৰিণত হ’ব আৰু অসম হৈ পৰিব এখন বাংলাদেশী সংখ্যা গৰিষ্ঠ ৰাজ্য।’ তেওঁ কয় যে আঞ্চলিকতাবাদী কাৰ্যসূচীৰে অগপই দুবাৰকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। আঅগপৰ সভাপতিজনে লগতে কয়, ‘অসমৰ খিলঞ্জীয়া সকলৰ অধিকাৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে সম্পূৰ্ণ ওলোটা খৰ মাৰি হিন্দু-বাংলাদেশী নাগৰিকত্ব দিব খুজিছে। যিকোনো উপায়েৰে নহ’লেও আমাৰ অধিকাৰৰ সুৰক্ষা লাগিবই। সেই বাবে অগপই বিজেপিৰে মিত্ৰতা ভংগ কৰি অসমৰ জনগণৰ উন্নতিৰ পক্ষে কাম কৰা উচিত।’

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd