• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অপাৰে’শ্যন দালাল’ত হিমন্ত বিশ্ব শৰ্মা : এ বি পি নিউজৰ অভিযানত নাম ওলাল অসমৰ ক্ষমতাশালী মন্ত্ৰীৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 20, 2018 7:56 pm
HimantaBiswaSarma
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় সংবাদমাধ্যম এ বি পি নিউজে প্ৰচাৰ কৰা ‘অপাৰে’শ্যন দালাল’ত অসমৰ ক্ষমতাশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলোৱাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এ বি পি নিউজে দিল্লীৰ অনুজ পোদ্দাৰ নামৰ এজন দালালৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ তথ্যৰে এক বাতৰি প্ৰচাৰ কৰিছে। এই অনুজ পোদ্দাৰৰ নতুন দিল্লীৰ ঘৰত আয়কৰ বিভাগে কৰফাঁকিৰ অভিযোগত চলোৱা অভিযানত মন্ত্ৰী শৰ্মাৰ সৈতে তেওঁৰ সম্পৰ্ক থকা বুলি তথ্য পোৱা গৈছে বুলি বাতৰিটো পৰিৱেশিত হৈছে।

Apply Now

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অনুজ পোদ্দাৰৰ বিভিন্ন প্ৰজেক্ট আৰু নিবিদা সম্পৰ্কীয় লেনদেনৰ তথ্য অভিযানত পোহৰলৈ আহিছে। ইয়াৰ উপৰিও অনুজ পোদ্দাৰৰ ই-মে’ইলত অসম চৰকাৰৰ বিভিন্ন তথ্যও লাভ কৰা হৈছে বুলি বাতৰিটোত প্ৰকাশ পাইছে।

এ বি পি নিউজৰ বাতৰিটো মতে সুৰা, টকা আৰু নাৰীৰ জৰিয়তে বহু প্ৰভাৱশালী নেতা, ৰাজনীতিক আৰু আই এ এচ আৰু আই পি এচ বিষয়াৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰা পোদ্দাৰে বিভিন্ন প্ৰজেক্টৰ লেনদেন কৰি নিজকে ‘Power Broker’ বুলি পৰিচয় দিয়ে।

বাতৰিটোত প্ৰকাশ পোৱা মতে কেৱল হিমন্ত বিশ্ব শৰ্মাই নহয়, দেশৰ আন কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰী আৰু বিষয়াৰ সৈতে সম্পৰ্ক আছে অনুজ পোদ্দাৰৰ।

তাৰোপৰি পোদ্দাৰৰ ঘৰত চলা আভিযানত দেশৰ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ বহু গোপনীয় তথ্য লাভ কৰাৰ কথাও এ বি পি নিউজৰ বাতৰিত প্ৰকাশ পাইছে।

যোৱা ২৭ মে’ত আয়কৰ বিভাগৰ এটা দলে দক্ষিণ দিল্লীৰ ডিফেন্স কলনিত থকা অনুজ পোদ্দাৰৰ ঘৰত অভিযান চলাই ঘৰটো জব্দ কৰিছিল।

ইপিনে অনুজ পোদ্দাৰৰ দৰে দালালৰ লগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কৰ কথা পোহৰলৈ আহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অনুজ পোদ্দাৰৰ লগত মন্ত্ৰী শৰ্মাৰ সম্পৰ্কক লৈ প্ৰকাশিত বাতৰি সন্দৰ্ভত কৃষক নেতা অখিল গগৈয়ে কয়, ‘দিল্লীৰ দালাল অনুজ পোদ্দাৰৰ লগত অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি অবৈধ লেনদেনৰ অভিযোগ উত্থাপন হৈছে সেয়া অত্যন্ত চিন্তনীয়। অসমৰ প্ৰত্যেকজন মানুহেই জানে হিমন্ত বিশ্ব শৰ্মা এজন আপাদমস্তক দুৰ্নীতিপৰায়ণ ব্যক্তি। তেওঁ অসমৰ ৰাজনীতিত আটাইতকৈ কলংকিত ব্যক্তি। হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক মাফিয়াকৰণৰ প্ৰধান মানুহ’।

অখিল গগৈয়ে এই সন্দৰ্ভত চি বি আই তদন্তৰো দাবী কৰিছে।

আনহাতে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক ৰক্ষণাৱেক্ষণ দিয়া বুলি অভিযোগ কৰি অখিল গগৈয়ে কয়, ‘আমি পূৰ্বৰেপৰা হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি তন্নতন্নকৈ আঙুলিয়াই দি উপযুক্ত প্ৰমাণসহ প্ৰকাশ কৰিছিলো। কিন্তু বিজেপিয়ে তেওঁক আদৰি লৈ তেওঁৰ দুৰ্নীতিপৰায়ণ চৰিত্ৰটোক ঢাকোন দিলে’।

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ উপ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘এই বাতৰিটো মই পাইছো। কিন্তু কিমানদূৰ সঁচা এতিয়াই ক’ব নোৱাৰিম। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ অতীতটো চালে দেখা যায় যে লুই বাৰ্জাৰ কেলেংকাৰি, ডিমা হাচাওৰ কেলেংকাৰি আদি সকলোতে তেওঁৰ নামটো সাঙোৰ খাই পৰিছিল। গতিকে এই ক্ষেত্ৰটো হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙোৰ খোৱাটো নুই কৰিব নোৱাৰি’।

বৰদলৈয়ে লগতে ইয়াৰ এক উচিত তদন্ত হোৱাটো বিচাৰিছে।

আনহাতে এ বি পি নিউজৰ সাংবাদিকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ে সোধাত তেওঁ ‘কোন অনুজ পোদ্দাৰ?’, ‘জীৱনত অনুজ পোদ্দাৰৰ নামেই শুনা নাই’ বুলি মন্তব্য কৰে।

নৰ্থ ইষ্ট নাও-ৰ সাংবাদিকৰ বাৰম্বাৰ চেষ্টাৰ পিছতো ড০ শৰ্মাক ফ’নত পোৱা হোৱা নাই।

আয়কৰ বিভাগে বিষয়টো ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (NIA)লৈ প্ৰেৰণ কৰিছে যদিও বৰ্তমানলৈ নিআই কোনো ব্যৱস্থা কৰা নাই।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd