• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অব্ৰাহ্মণৰে বিবাহ নিষেধ : পুনৰ এনে নকৰিবলৈ ব্ৰাহ্মণ সমাজক কঠোৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 13, 2018 4:47 pm

2 min read

Guwahati-High-Court-678x381
334
VIEWS
Share on FacebookShare on Twitter

অব্ৰাহ্মণ জাতৰ লোকৰ সৈতে বিয়াত বহা ব্ৰাহ্মণ জাতিৰ লোকক সমাজৰ পৰা বহিষ্কাৰ কৰা হ’ব বুলি দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজে জাৰি কৰা আদেশ সন্দৰ্ভত সংগঠনটোক পুনৰ এনেকুৱা প্ৰস্তাৱ নল’বলৈ আজি ১২ জুনত কঠোৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

ভৱিষ্যতে এনে সিদ্ধান্ত ল’লে বিহিত ব্যৱস্থা লোৱা হ’ব বুলিও ব্ৰাহ্মণ সমাজক সকীয়াই দিয়ে ন্যায়ালয়ে।

অধিবক্তা অনুপম শৰ্মাই ব্ৰাহ্মণ সমাজৰ প্ৰস্তাৱৰ বিৰুদ্ধে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গ্ৰহণ কৰি যোৱা ৪ এপ্ৰিল বুধবাৰে উক্ত সংগঠনটো আৰু জিলাৰ উপায়ুক্তলৈ জাননী জাৰি কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উক্ত জাননীৰ পিছতে ব্ৰাহ্মণ সমাজে তেওঁলোকৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছিল।

সাংবাদিকৰে হোৱা কথা-বতৰাত অধিবক্তা শৰ্মাই পূৰ্বে জনাইছিল যে যোৱা ২০১৭ চনতে প্ৰায় এবছৰ আগতেই তেওঁ সংশ্লিষ্ট জিলাৰ উপায়ুক্তক ব্ৰাহ্মণ সমাজৰ এই সিদ্ধান্তসমূহৰ বিষয়ে জনাইছিল কিন্তু উপায়ুক্তই কোনো ব্যৱস্থা নোলোৱা বাবে তেওঁ উচ্চ ন্যায়ালয়ত এই আবেদনখন দাখিল কৰিছিল।

যোৱা ২০১৬ চনৰ ১৯ মাৰ্চতে এখন সভাযোগে ১৯২১ চনত প্ৰতিষ্ঠিত ব্ৰাহ্মণ সংগঠনটোৱে লোৱা এইধৰণৰ সিদ্ধান্তসমূহ অধিবক্তাজনৰ আবেদনখনৰ জৰিয়তে পোহৰলৈ আহে।

সভাখনত অসবৰ্ণ বিবাহত বহা লোকক ‘তৎকালে’ সমাজৰ পৰা ‘বহিষ্কাৰ’ কৰাৰ সিদ্ধান্তৰ লগতে এনে লোকৰ মাংগলিক কৰ্ম-কাণ্ডত ব্ৰাহ্মণ ৰান্ধনীকে ধৰি পুৰোহিতৰ অংশগ্ৰহণ নিষেধ কৰি আৰু এনে লোকক মাংগলিক অনুষ্ঠানলৈ নিমন্ত্ৰণ নিষিদ্ধ কৰি ব্ৰাহ্মণ সমাজে প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

‘মই নিজে ব্ৰাহ্মণ’ বুলি উল্লেখ কৰি আবেদনকাৰী অধিবক্তা শৰ্মাই আজিৰ দিনত এই বামুণ, কোঁচ, কলিতা আদি বিভাজন নচলে বুলি পূৰ্বে মন্তব্য কৰিছিল।

‘সমাজৰ অভ্যন্তৰীণ, সামাজিক, ধৰ্মীয় নীতিত কুঠাৰাঘাত কৰি সমাজৰ সুনাম বিনষ্ট কৰিবলৈ এচামে সমাজৰ পৰিপন্থী কামত লিপ্ত হোৱা দেখা গৈছে। সমাজৰ বিস্তৰ ক্ষতি কৰিব পৰা তেনে বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা কৰি এই প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হৈছে’ বুলি ব্ৰাহ্মণ সমাজৰ গৃহীত প্ৰস্তাৱত কোৱা হৈছিল।

Recent News

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd