DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অম্বুবাচী : নীলাচলত জনসমুদ্ৰ, দেওবাৰে সমাগম দহ লক্ষাধিক ভক্তৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 24, 2018 11:04 pm
অম্বুবাচী : নীলাচলত জনসমুদ্ৰ, দেওবাৰে সমাগম দহ লক্ষাধিক ভক্তৰ
125
VIEWS
Share on FacebookShare on Twitter

অম্বুবাচী মেলাৰ তৃতীয় দিনাও লোকে-লোকাৰণ্য হৈ পৰিল নীলাচলৰ বুকু। মা কামাখ্যাৰ আশীৰ্বাদ ল’বলৈ পুৱাৰে পৰা দেখা গ’ল ভক্তৰ লানি নিচিঙা সোঁত। বিগত বছৰবোৰৰ দৰে এইবাৰো অসমৰ উপৰি বিশ্বৰ লগতে ভাৰতৰ বিশেষকৈ পশ্চিম বংগৰ লাখ লাখ ভক্তৰ আগমণ ঘটিছে অম্বুবাচী মেলাত।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে নীলাচল পাহাৰৰ বিভিন্ন স্থানত স্থাপন কৰা লে’জাৰ কেমেৰাৰ সহায়ত লাভ কৰা তথ্য অনুসৰি দেওবাৰে বিয়লি চাৰি বজাপৰ্যন্ত সমাগম হৈছে দহ লক্ষাধিক ভক্তৰ।

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন ৰাজ্য বিশেষকৈ পশ্চিম বংগ, বিহাৰ আদিৰ পৰা পূৰ্বৰ দৰেই অম্বুবাচী মেলালৈ যথেষ্ট সংখ্যক ভক্ত অহা বুলি কামাখ্যা দেৱালয়ৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰিও আমেৰিকা, ইটালি, কেনাডা, জাৰ্মেনি, নেপাল আদিৰ পৰাও বহু ভক্ত অহা বুলি কামাখ্যা মন্দিৰৰ সূত্ৰই প্ৰকাশ কৰে।

অম্বুবাচী মেলা সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত চৰকাৰৰে গ্ৰহণ কৰা পদক্ষেপত সন্তুষ্ট কামাখ্যা মন্দিৰ কৰ্তৃপক্ষ। ‘মেলা পৰিচলনাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। অম্বুবাচী মেলাৰ কেবাদিনো পূৰ্বেই মুখ্য মন্ত্ৰীয়ে নিজেই কামাখ্যালৈ আহি মন্দিৰ পৰিচালনা সমিতিৰ লগতে মন্দিৰৰ বিভিন্ন সংগঠনৰ লগত আলোচনা কৰি মেলাখন সুন্দৰভাৱে পৰিচালনাৰ ক্ষেত্ৰত আগভাগ লৈছে লগতে প্ৰশাসনকো উচিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে,’ জনালে মন্দিৰৰ দলৈ মোহিত চন্দ্ৰ শৰ্মাই।

ইপিনে জনস্ৰোত নিয়ন্ত্ৰণত দেওবাৰৰ দিনটোত যথেষ্ট সমস্যাৰ সন্মুখীন হয় আৰক্ষী-প্ৰশাসন আৰু স্বেচ্ছাসেৱকসকল। মন্দিৰলৈ গাড়ী যোৱা পথেৰে খোজকাঢ়ি যোৱা লোকসকলক আৰক্ষী আৰু স্বেচ্ছাসেৱকসকলে বহুকেইটা স্থানত ৰখাই ভাগ ভাগ কৰি ভিৰ নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। মন্দিৰ চৌহদৰ ভিতৰভাগতো মন্দিৰ কৰ্তৃপক্ষই নিয়োগ কৰা স্বেচ্ছাসেৱকসকলে ভিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অহৰহ ব্যস্ত থাকিবলগীয়া হয়।

অম্বুবাচী মেলালৈ যোৱা শিশু, বৃদ্ধ আৰু প্ৰতিবন্ধীসকলৰ সহায়ৰ বাবে প্ৰশাসনে নীলাচল পাহাৰৰ তলৰ পৰা বাহনৰ ব্যৱস্থা কৰিছিল যদিও দেওবাৰে গাড়ী যোৱা পথটোত অস্বাভাৱিক হাৰত হোৱা ভক্তৰ ভিৰৰ বাবে দুপৰীয়াৰ ভাগৰ পৰা গাড়ীৰ চলাচল বন্ধ কৰি দিবলগীয়া হয়। ফলত অসুবিধাত পৰে ভক্তসকল।

দুপৰীয়াৰ ভাগৰপৰা সকলো ভক্ত খোজকাঢ়িয়েই মন্দিৰলৈ যাত্ৰা কৰিবলগীয়া হয়। আনকি বিভিন্ন দায়িত্বত থকা বহুকেইজন উচ্চপদস্থ বিষয়ায়ো খোজকাঢ়িয়েই মন্দিৰলৈ যোৱা দেখা গ’ল।

আনহাতে ৰাইজৰ ভিৰ নিয়ন্ত্ৰণৰ দায়িত্বত থকা আৰক্ষীয়ে ভক্তসকলক গালি-গালাজ কৰাৰ অভিযোগ পোৱা বুলি জনাই মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক চন্দন শৰ্মাই। ভক্তসকলক দুৰ্ব্যৱহাৰ নকৰিবলৈ তেওঁ লগতে আৰক্ষীক আহ্বান জনাইছে।

Recent News

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd