• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অম্বুবাচী : নীলাচলত জনসমুদ্ৰ, দেওবাৰে সমাগম দহ লক্ষাধিক ভক্তৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 24, 2018 11:04 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অম্বুবাচী মেলাৰ তৃতীয় দিনাও লোকে-লোকাৰণ্য হৈ পৰিল নীলাচলৰ বুকু। মা কামাখ্যাৰ আশীৰ্বাদ ল’বলৈ পুৱাৰে পৰা দেখা গ’ল ভক্তৰ লানি নিচিঙা সোঁত। বিগত বছৰবোৰৰ দৰে এইবাৰো অসমৰ উপৰি বিশ্বৰ লগতে ভাৰতৰ বিশেষকৈ পশ্চিম বংগৰ লাখ লাখ ভক্তৰ আগমণ ঘটিছে অম্বুবাচী মেলাত।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে নীলাচল পাহাৰৰ বিভিন্ন স্থানত স্থাপন কৰা লে’জাৰ কেমেৰাৰ সহায়ত লাভ কৰা তথ্য অনুসৰি দেওবাৰে বিয়লি চাৰি বজাপৰ্যন্ত সমাগম হৈছে দহ লক্ষাধিক ভক্তৰ।

Apply Now

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন ৰাজ্য বিশেষকৈ পশ্চিম বংগ, বিহাৰ আদিৰ পৰা পূৰ্বৰ দৰেই অম্বুবাচী মেলালৈ যথেষ্ট সংখ্যক ভক্ত অহা বুলি কামাখ্যা দেৱালয়ৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰিও আমেৰিকা, ইটালি, কেনাডা, জাৰ্মেনি, নেপাল আদিৰ পৰাও বহু ভক্ত অহা বুলি কামাখ্যা মন্দিৰৰ সূত্ৰই প্ৰকাশ কৰে।

অম্বুবাচী মেলা সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত চৰকাৰৰে গ্ৰহণ কৰা পদক্ষেপত সন্তুষ্ট কামাখ্যা মন্দিৰ কৰ্তৃপক্ষ। ‘মেলা পৰিচলনাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। অম্বুবাচী মেলাৰ কেবাদিনো পূৰ্বেই মুখ্য মন্ত্ৰীয়ে নিজেই কামাখ্যালৈ আহি মন্দিৰ পৰিচালনা সমিতিৰ লগতে মন্দিৰৰ বিভিন্ন সংগঠনৰ লগত আলোচনা কৰি মেলাখন সুন্দৰভাৱে পৰিচালনাৰ ক্ষেত্ৰত আগভাগ লৈছে লগতে প্ৰশাসনকো উচিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে,’ জনালে মন্দিৰৰ দলৈ মোহিত চন্দ্ৰ শৰ্মাই।

ইপিনে জনস্ৰোত নিয়ন্ত্ৰণত দেওবাৰৰ দিনটোত যথেষ্ট সমস্যাৰ সন্মুখীন হয় আৰক্ষী-প্ৰশাসন আৰু স্বেচ্ছাসেৱকসকল। মন্দিৰলৈ গাড়ী যোৱা পথেৰে খোজকাঢ়ি যোৱা লোকসকলক আৰক্ষী আৰু স্বেচ্ছাসেৱকসকলে বহুকেইটা স্থানত ৰখাই ভাগ ভাগ কৰি ভিৰ নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। মন্দিৰ চৌহদৰ ভিতৰভাগতো মন্দিৰ কৰ্তৃপক্ষই নিয়োগ কৰা স্বেচ্ছাসেৱকসকলে ভিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অহৰহ ব্যস্ত থাকিবলগীয়া হয়।

অম্বুবাচী মেলালৈ যোৱা শিশু, বৃদ্ধ আৰু প্ৰতিবন্ধীসকলৰ সহায়ৰ বাবে প্ৰশাসনে নীলাচল পাহাৰৰ তলৰ পৰা বাহনৰ ব্যৱস্থা কৰিছিল যদিও দেওবাৰে গাড়ী যোৱা পথটোত অস্বাভাৱিক হাৰত হোৱা ভক্তৰ ভিৰৰ বাবে দুপৰীয়াৰ ভাগৰ পৰা গাড়ীৰ চলাচল বন্ধ কৰি দিবলগীয়া হয়। ফলত অসুবিধাত পৰে ভক্তসকল।

দুপৰীয়াৰ ভাগৰপৰা সকলো ভক্ত খোজকাঢ়িয়েই মন্দিৰলৈ যাত্ৰা কৰিবলগীয়া হয়। আনকি বিভিন্ন দায়িত্বত থকা বহুকেইজন উচ্চপদস্থ বিষয়ায়ো খোজকাঢ়িয়েই মন্দিৰলৈ যোৱা দেখা গ’ল।

আনহাতে ৰাইজৰ ভিৰ নিয়ন্ত্ৰণৰ দায়িত্বত থকা আৰক্ষীয়ে ভক্তসকলক গালি-গালাজ কৰাৰ অভিযোগ পোৱা বুলি জনাই মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক চন্দন শৰ্মাই। ভক্তসকলক দুৰ্ব্যৱহাৰ নকৰিবলৈ তেওঁ লগতে আৰক্ষীক আহ্বান জনাইছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd