DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ধঁপাত সেৱনকাৰীৰ সংখ্যা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 30, 2018 10:06 pm
bbc18a0f-ce72-431f-ab1d-9ff9d2bc09d8
150
VIEWS
Share on FacebookShare on Twitter

কৰ্কট ৰোগকে ধৰি মুখমণ্ডল, ডিঙি আৰু হাওফাওৰ বিভিন্ন মাৰাত্মক ৰোগৰ কাৰক ধঁপাত সেৱনকাৰীৰ সংখ্যা অসমত দিনক দিনে ভয়াৱহ ধৰণে বৃদ্ধি পাইছে। ভাৰতৰ অধিক ধঁপাত সেৱনকাৰী থকা তিনি ৰাজ্যৰ ভিতৰত অসম অন্যতম।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি এই বিষয়ে কয় ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ডাঃ অশোক দাসৰ নেতৃত্বত অহা এটা চিকিৎসকৰ দলে।

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ এক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি ২০১৬-১৭ বৰ্ষত অসমত ধঁপাত সেৱনকাৰীৰ হাৰ ৪৮.২ শতাংশ। এই হাৰ ২০০৯-১০ চনত আছিল ৩৯.৬ শতাংশ। আনহাতে ২০১৬-১৭ চনত ইয়াৰ সৰ্বভাৰতীয় হাৰ ২৮.৬ শতাংশ। তাৰ বিপৰীতে ২০০৯-১০ চনত সমগ্ৰ ভাৰতত ধঁপাত সেৱনকাৰীৰ হাৰ আছিল ৩৪ শতাংশ।

ইয়াৰ পৰা এটা কথা স্পষ্ট যে ২০০৯-১০ৰ তুলনাত ২০১৬-১৭ বৰ্ষত ভাৰতত ধঁপাত সেৱনকাৰীৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে এই হাৰ অসমত যথেষ্ট পৰিমানে বৃদ্ধি পাইছে। একেধৰণে এই হাৰ বৃদ্ধি পাইছে ত্ৰিপুৰা আৰু কেৰেলাত।

চিকিৎসকসকলে মুখ, ডিঙি, হাওফাও, কন্ঠ আদিকে ধৰি শৰীৰৰ বিভিন্ন অংগত হোৱা কৰ্কট ৰোগৰ ক্ষেত্ৰত ধঁপাত এটা অন্যতম কাৰক হিচাপে অভিহিত কৰি কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৫০%  পুৰুষৰ আৰু ২৫%  মহিলাৰ কৰ্কটৰোগৰ কাৰণ ধঁপাত। ইয়াৰ উপৰিও ৯০% মুখমণ্ডলৰ কৰ্কটৰোগ ধঁপাতৰ ফলত হয় বুলিও জানিবলৈ দিয়ে।

বৰ্তমান সময়ত যুৱপ্ৰজন্মৰ এক বৃহৎসংখ্যকে চিগাৰেট, জৰ্দা, গুটখাকে ধৰি বিভিন্ন ধৰণৰ ধঁপাতজাতীয় দ্ৰব্য সেৱন কৰাৰ কথা কৈ চিকিৎসকসকলে ২০১১ চনৰ পৰা ২০১৫ চনলৈ প্ৰকাশ পোৱা এক তথ্যত ৪০ বছৰ বয়সৰ অনুৰ্ধৰ ব্যক্তি কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে, ধঁপাতৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই ৩১ মে’ৰ দিনটো বিশ্ব ধঁপাত মুক্ত দিৱস হিচাপে পালন কৰি আহিছে। সেই উপলক্ষে ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৩১ মে’ৰ দিনৰ ২.৩০ বজাৰ পৰা এক সজাগতামুলক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি চিকিৎসকসকলে জানিবলৈ দিয়ে। অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

Recent News

Chess গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা

Chessসদৌ অসম অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১৯বছৰ অনলাইন দবা প্ৰতিযোগিতা

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd