অসমত নৱেম্বৰ মাহত চাহৰ উৎপাদন হ্ৰাস

যোৱা নৱেম্বৰ মাহত পূৰ্বত্কৈ অসমত চাহৰ উৎপাদন হ্ৰাস পাইছে। ২০১৭ চনৰ নৱেম্বৰত সমগ্ৰ ভাৰততে চাহৰ উৎপাদন হ্ৰাস পোৱাৰ লগতে অসমত এই সেউজ সোণবিধৰ উৎপাদন প্ৰায় ৮ মিলিয়ন কেজি হ্ৰাস পাইছে।

চাহ ব’ৰ্ডৰ তথ্য অনুসৰি অসমত চাহৰ উৎপাদন নৱেম্বৰ, ২০১৬ত ৬৮.২ মিলিয়ন কেজি হোৱাৰ বিপৰীতে নৱেম্বৰ, ২০১৭ত হয়গৈ আনুমানিক ৬০.৭ মিলিয়ন কেজি। অসম পৃথিৱীৰ বৃ্হত্তম চাহ উৎপাদনকাৰী অঞ্চল আৰু ইয়াৰ চাহ উৎপাদনৰ ইতিহাস ১৯০ বছৰতকৈও অধিক পুৰণি।

পশ্চিমবংগৰ বাগান সমূহতো চাহৰ উৎপাদন নৱেম্বৰ, ২০১৬ত ৩৮.৬৯ মিলিয়ন কেজিৰপৰা হ্ৰাস হৈ নৱেম্বৰ, ২০১৭ত হয়গৈ আনুমানিক ৩৫.৩৫ মিলিয়ন কেজি। উত্তৰ ভাৰতত যোৱা নৱেম্বৰত চাহৰ উৎপাদন হ্ৰাস হয় সৰ্বমুঠ ১১.৩৯ মিলিয়ন কেজি।

অৱশ্যে দক্ষিণ ভাৰতত পূৰ্বৰ বছৰৰ ১৯.২ মিলিয়নতকৈ চাহৰ উৎপাদন কিছু বাঢ়ি ২০১৭ চনৰ নৱেম্বৰত ২০.৫৫ মিলিয়ন কেজি হয়গৈ।

চাহ ব’ৰ্ডৰ তথ্য অনুসৰি উত্তৰ আৰু দক্ষিণ ভাৰত মিলাই ২০১৭ চনৰ নৱেম্বৰ মাহত ভাৰতত চাহৰ উৎপাদন হ্ৰাস হয় সৰ্বমুঠ ১০.০৪ মিলিয়ন কেজি।