• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমীয়া জাতি-জনগোষ্ঠী ভাগ ভাগ হ’লে বাংলাদেশীয়ে দাঁত নিকটাই হাঁহিব : জিতেন দত্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 15, 2018 2:28 pm
JitenDutta-570x320

আলফা নেতা জিতেন দত্ত। ফাইল ফটো

350
VIEWS
Share on FacebookShare on Twitter

‘অসমীয়া জাতিটো ভাগ ভাগ হৈ গৈছে। এই জাতিটোক ৰক্ষা কৰিবৰ হ’লে আমি জাতি-জনগোষ্ঠী ঐক্য হৈ থাকিব লাগিব। আমি ভাগ-ভাগ হৈ গ’লে হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশীয়ে দাঁত নিকটাই হাঁহিব।‘

বৃহস্পতিবাৰে কাৰ্বি আংলঙৰ ডকমকাত উপস্থিত হৈ দুর্বৃত্তৰ হত্যাৰ বলি হোৱা নীলোৎপল-অভিজিৎৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লৈ ভাষণ প্ৰসংগত এই মন্তব্য কৰে আলফাৰ ২৮ নং বেটেলিয়ানৰ সেনাধ্যক্ষ জীতেন দত্তই।

উল্লেখযোগ্য যে কালি অনুপ চেতিয়াৰ নেতৃত্বত খিলঞ্জীয়া মঞ্চ অসমৰ এটা দল ডকমতাত উপস্থিত হৈ সকলোকে সমন্বয় ৰক্ষা কৰি চলিবলৈ পৰামৰ্শ দিয়ে।

5672b569-6bc3-4721-b19f-0e4f705cfc1e
ডকমকাত নীল-অভিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমবেত ৰাইজ।

‘৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকা ঘোষণা কৰিব,’ বুলি উনুকিয়াই জীতেন দত্তই লগতে কয়, ‘’ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ঘোষণা কৰাৰ আগমুহূৰ্তত খিলঞ্জীয়াৰ মাজত যাতে ভাগ-ভাগ নহয় তাৰ কাৰণে আমি সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিব লাগিব।‘‘

‘নীলোৎপল-অভিজিৎ শ্বহীদ হৈছে বুলি ইয়াৰ এজন বিশিষ্ট লোকে কৈছে। নীলোৎপল আৰু অভিজিতৰ হত্যাকাণ্ডৰ সৈতে জৰিত দোষীসকলে উচিত শাস্তি পাবই লাগিব। তাৰ কাৰণে চৰকাৰৰ ওচৰত যি ধৰণে দাবী জনাব লাগে দাবী জনাম,‘- এনেদৰে জীতেন দত্তই কয়।

‘‘কিন্তু আইনে এইদৰে দোষীক শস্তি দিব নোৱাৰে,’-এইদৰে ক্ষোভ প্ৰকাশ কৰি তেওঁ স্থানীয় লোকসকলৰ প্ৰতি আহ্বান জনাই কয়, ‘দোষীয়ে শাস্তি পাবলৈ হ’লে সাক্ষী লাগিব। কাৰ্বি আংলঙৰ ডকমকাৰ লোকসকলে যিসকলে এই ঘটনাটো নিজ চকুৰে দেখিছে সেইসকলে মুক্ত মনে আদালতে বিচাৰিলে সাক্ষী দিবলৈ যাবৰ বাবে সাজু হ’ব লাগিব।‘’

‘কিয় ঝংকাৰ হত্যাৰ দোষীয়ে ৰেহাই পালে?’-এনেদৰে প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে ঝংকাৰ শইকীয়া হত্যাৰ দোষীৰ বিৰুদ্ধে তাত থকা কোনো লোকে উপযুক্তভাৱে সাক্ষী দিবৰ বাবে আগবাঢ়ি নাহিল, যাৰবাবে তেওঁলোক আজিও মুকলি আকাশৰ তলত।

তদুপৰি সাক্ষী দিয়াৰ ক্ষেত্ৰত যদি কোনো দুস্কৃতিকাৰীয়ে ভাবুকি দিয়ে তেন্তে  খিলঞ্জীয়া মঞ্চই তেওঁলোকক এই ক্ষেত্ৰত সহায় কৰিব বুলি দত্তই আশ্বাস দিয়ে।

কাৰ্বি, কলিতা, দেউৰী অথবা বড়ো যিয়েই নহওঁক সকলোকে ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়াকৈ ধৰি ৰাখিবলৈ তেওঁ কাৰ্বি আংলঙবাসীক আহ্বান জনায়।

অসমৰ যি স্থানতেই নহওঁক কিয় খিলঞ্জীয়া ৰাইজ আত্মসন্মানসহকাৰে জীয়াই থাকিব পাৰিব লাগিব বুলি তেওঁ উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ব্যক্ত কৰে।

‘খিলঞ্জীয়া মানুহে কোনোবা দুস্কৃতিকাৰীৰ হেঁচাত মূৰ দোঁৱাই থকিব সেইটো কেতিয়াও হ’ব নোৱাৰে,‘-দত্তই কয়।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd