• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসমৰ অৱস্থা বৰ্তমান বিৰাট বেয়া, বিজেপি চৰকাৰে অসমখনক শুকুৱাই পেলাইছে’ : সংবাদমেলত দাবী অখিল গগৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 22, 2018 9:53 pm
akhil gogoi kmss assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমৰ অৱস্থা বৰ্তমান বিৰাট বেয়া, বিজেপি চৰকাৰে অসমখনক প্ৰায় শুকুৱাই পেলাইছে’ আজি এক সংবাদমেলত এই মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।

তেওঁ কয় ‘২০১৫ চনত কেন্দ্ৰীয় চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্য্যাদা কৰ্তন কৰাৰ পিছৰে পৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিত অসম চৰকাৰে দিবলগীয়া অংশটো বৃদ্ধি পোৱাৰ লগে লগে অসমৰ উন্নয়ন স্থবিৰ হৈ পৰিল।’

Apply Now

অসমৰ অৰ্থনৈতিক অৱস্থা একেবাৰে মন্দা বুলি দাবী কৰি তেওঁ  মন্তব্য কৰে যে ‘অসমত বৰ্তমান ব্যৱসায়, ঠিকাৰ কাম স্তব্ধ। লগতে পূৰ্বতে কাৰ্য্যকৰী হোৱা খোৱাপানীৰ প্ৰকল্প বিজেপি চৰকাৰৰ দিনত সম্পূৰ্ণ স্তব্ধ। আনকি বানপানী হৈ যোৱাৰ পিছতো ভগা মাথাউৰি কেইটা নিৰ্মাণ কৰিব পৰাকৈ এই চৰকাৰৰ ধনৰ অভাৱ।’

আনহাতে গগৈয়ে গড়কাপ্তানি বিভাগৰ অধীনত কেৱল কিছুসংখ্যক গাঁৱৰ ৰাস্তা-ঘাটহে পুনৰ নিৰ্মাণ হোৱা বুলি দাবী কৰে।

যোৱা ২০ ফেব্ৰুৱাৰিত অসম চৰকাৰৰ বিত্ত বিভাগৰ পৰা প্ৰকাশ পোৱা জাননীখন সন্দৰ্ভত নেতাজনে কয় ‘এতিয়াৰ পৰা চৰকাৰে চতুৰ্থ বৰ্গৰ চাকৰিসমূহ নিয়মীয়াকৰণ নকৰে লগতে এই পদসমূহত স্থানীয় নিবনুৱাক সংস্থাপন নিদিয়ে।’

এই সন্দৰ্ভত তেওঁ কয় ‘ব্যক্তিগত খণ্ডৰপৰা ঠিকাভিত্তিকভাৱে লোকসকলক আনি এই পদসমূহত ভৰ্তি কৰোৱা হ’ব। এয়া হৈছে অসম কঁপি যাবলগীয়া এটা ঘটনা। ২৬ লাখ নিবনুৱাক চাকৰি দিব বিচৰা চৰকাৰখনে এতিয়া অৰ্থনৈতিক বোজা নাইকিয়া কৰিবৰ বাবে চতুৰ্থ বৰ্গৰ পদসমূহ বন্ধ কৰি দিব বিচৰাটো চৰম লজ্জাজনক কথা।’

আনহাতে কয়লা-চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে আজি পুনৰবাৰ কৃষক নেতাজনক সৰৱ হৈ পৰা দেখিবলৈ পোৱা গ’ল।

তেওঁৰ মতে ‘মাৰ্ঘেৰিটাত কয়লাৰ ছিণ্ডিকেট বন্ধ হৈছে বুলি কোৱা হৈছে যদিও এয়া সম্পূৰ্ণ মিছা কথা। লিডু থানাৰ ৫০ মিটাৰ দূৰত ৫২ টা ক’ক ভাটাই কয়লাৰ ছিণ্ডিকেট চলাই আছে। ক’ল ইণ্ডিয়া লিমিটেডৰ পৰা অনুজ্ঞাপত্ৰ নোলোৱাকৈ চোৰাংভাৱে এই ব্যৱসায় চলাই আছে। আমাৰ হাতত এই সন্দৰ্ভত বহুতো তথ্য আছে। সেয়া আমি সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিম।’

তদুপৰি কৃষক নেতাজনে ৰাজ্যৰ মাৰ্ঘেৰিটা, শিৱসাগৰ, মেৰপানী, নামবৰ ইত্যাদি অঞ্চলবোৰত বৰ্তমানো কয়লা ছিণ্ডিকেট চলি আছে বুলি দাবী কৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ১৮ ফেব্ৰুৱাৰিত গোলাঘাটত ২০ খনকৈ চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰি গোলাঘাট আৰক্ষীক গতাই দিয়া বুলি সদৰী কৰে।

এই সন্দৰ্ভত তেওঁ কয় ‘আব্দুল হামিদ নামৰ এটা চুপাৰি মাফিয়াই ম্যানমাৰ আৰু ইণ্ডোনেচিয়াৰ পৰা অনা ২০ খন ট্ৰাক আমি গোলাঘাটৰ গোঁসাইসত্ৰ গাঁৱৰ পৰা জব্দ কৰি আৰক্ষীক চমজাই দিছিলো যদিও আৰক্ষীয়ে ৮ খন ট্ৰাকহে আৰক্ষীয়ে জব্দ কৰিছে। বাকী চুপাৰিখিনি বৰ্তমানো বাবলু নামৰ ব্যৱসায়ীজনৰ গুদামত জমা আছে।’

বৰ্তমান সময়ত গোলাঘাট আৰক্ষীয়ে বাবলু নামৰ ব্যৱসায়ীজনক জামিন প্ৰদানৰ আখৰাত ব্যস্ত থকা বুলি তেওঁ অভিযোগ কৰে।

এই কেলেংকাৰীৰ সৈতে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেব ৰয় সম্পূৰ্ণৰূপে জড়িত থকাৰ অভিযোগ তোলে কৃষক নেতাজনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd