• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘অসমৰ অৱস্থা বৰ্তমান বিৰাট বেয়া, বিজেপি চৰকাৰে অসমখনক শুকুৱাই পেলাইছে’ : সংবাদমেলত দাবী অখিল গগৈৰ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 22, 2018 9:53 pm

2 min read

akhil gogoi kmss assam
315
VIEWS
Share on FacebookShare on Twitter

‘অসমৰ অৱস্থা বৰ্তমান বিৰাট বেয়া, বিজেপি চৰকাৰে অসমখনক প্ৰায় শুকুৱাই পেলাইছে’ আজি এক সংবাদমেলত এই মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।

তেওঁ কয় ‘২০১৫ চনত কেন্দ্ৰীয় চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্য্যাদা কৰ্তন কৰাৰ পিছৰে পৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিত অসম চৰকাৰে দিবলগীয়া অংশটো বৃদ্ধি পোৱাৰ লগে লগে অসমৰ উন্নয়ন স্থবিৰ হৈ পৰিল।’

অসমৰ অৰ্থনৈতিক অৱস্থা একেবাৰে মন্দা বুলি দাবী কৰি তেওঁ  মন্তব্য কৰে যে ‘অসমত বৰ্তমান ব্যৱসায়, ঠিকাৰ কাম স্তব্ধ। লগতে পূৰ্বতে কাৰ্য্যকৰী হোৱা খোৱাপানীৰ প্ৰকল্প বিজেপি চৰকাৰৰ দিনত সম্পূৰ্ণ স্তব্ধ। আনকি বানপানী হৈ যোৱাৰ পিছতো ভগা মাথাউৰি কেইটা নিৰ্মাণ কৰিব পৰাকৈ এই চৰকাৰৰ ধনৰ অভাৱ।’

আনহাতে গগৈয়ে গড়কাপ্তানি বিভাগৰ অধীনত কেৱল কিছুসংখ্যক গাঁৱৰ ৰাস্তা-ঘাটহে পুনৰ নিৰ্মাণ হোৱা বুলি দাবী কৰে।

যোৱা ২০ ফেব্ৰুৱাৰিত অসম চৰকাৰৰ বিত্ত বিভাগৰ পৰা প্ৰকাশ পোৱা জাননীখন সন্দৰ্ভত নেতাজনে কয় ‘এতিয়াৰ পৰা চৰকাৰে চতুৰ্থ বৰ্গৰ চাকৰিসমূহ নিয়মীয়াকৰণ নকৰে লগতে এই পদসমূহত স্থানীয় নিবনুৱাক সংস্থাপন নিদিয়ে।’

এই সন্দৰ্ভত তেওঁ কয় ‘ব্যক্তিগত খণ্ডৰপৰা ঠিকাভিত্তিকভাৱে লোকসকলক আনি এই পদসমূহত ভৰ্তি কৰোৱা হ’ব। এয়া হৈছে অসম কঁপি যাবলগীয়া এটা ঘটনা। ২৬ লাখ নিবনুৱাক চাকৰি দিব বিচৰা চৰকাৰখনে এতিয়া অৰ্থনৈতিক বোজা নাইকিয়া কৰিবৰ বাবে চতুৰ্থ বৰ্গৰ পদসমূহ বন্ধ কৰি দিব বিচৰাটো চৰম লজ্জাজনক কথা।’

আনহাতে কয়লা-চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে আজি পুনৰবাৰ কৃষক নেতাজনক সৰৱ হৈ পৰা দেখিবলৈ পোৱা গ’ল।

তেওঁৰ মতে ‘মাৰ্ঘেৰিটাত কয়লাৰ ছিণ্ডিকেট বন্ধ হৈছে বুলি কোৱা হৈছে যদিও এয়া সম্পূৰ্ণ মিছা কথা। লিডু থানাৰ ৫০ মিটাৰ দূৰত ৫২ টা ক’ক ভাটাই কয়লাৰ ছিণ্ডিকেট চলাই আছে। ক’ল ইণ্ডিয়া লিমিটেডৰ পৰা অনুজ্ঞাপত্ৰ নোলোৱাকৈ চোৰাংভাৱে এই ব্যৱসায় চলাই আছে। আমাৰ হাতত এই সন্দৰ্ভত বহুতো তথ্য আছে। সেয়া আমি সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিম।’

তদুপৰি কৃষক নেতাজনে ৰাজ্যৰ মাৰ্ঘেৰিটা, শিৱসাগৰ, মেৰপানী, নামবৰ ইত্যাদি অঞ্চলবোৰত বৰ্তমানো কয়লা ছিণ্ডিকেট চলি আছে বুলি দাবী কৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ১৮ ফেব্ৰুৱাৰিত গোলাঘাটত ২০ খনকৈ চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰি গোলাঘাট আৰক্ষীক গতাই দিয়া বুলি সদৰী কৰে।

এই সন্দৰ্ভত তেওঁ কয় ‘আব্দুল হামিদ নামৰ এটা চুপাৰি মাফিয়াই ম্যানমাৰ আৰু ইণ্ডোনেচিয়াৰ পৰা অনা ২০ খন ট্ৰাক আমি গোলাঘাটৰ গোঁসাইসত্ৰ গাঁৱৰ পৰা জব্দ কৰি আৰক্ষীক চমজাই দিছিলো যদিও আৰক্ষীয়ে ৮ খন ট্ৰাকহে আৰক্ষীয়ে জব্দ কৰিছে। বাকী চুপাৰিখিনি বৰ্তমানো বাবলু নামৰ ব্যৱসায়ীজনৰ গুদামত জমা আছে।’

বৰ্তমান সময়ত গোলাঘাট আৰক্ষীয়ে বাবলু নামৰ ব্যৱসায়ীজনক জামিন প্ৰদানৰ আখৰাত ব্যস্ত থকা বুলি তেওঁ অভিযোগ কৰে।

এই কেলেংকাৰীৰ সৈতে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেব ৰয় সম্পূৰ্ণৰূপে জড়িত থকাৰ অভিযোগ তোলে কৃষক নেতাজনে।

Recent News

bhaba

হাজোত বনদস্যুৰ বুকুত কঁপনি তুলিছে এগৰাকী মহিলা বন বিষয়াই

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd