• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ উৎকৃষ্ট খেলপথাৰখন ৰক্ষা কৰাত বিফলতাৰ বাবে কৃষি বিশ্ববিদ্যালয়ক সমালোচনা প্ৰাক্তন ছাত্ৰৰ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
June 20, 2018 11:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বহুসংখ্যক প্ৰাক্তন ছাত্ৰই যোৱা কিছুবছৰ ধৰি খেলৰ সৈতে সম্পৰ্ক নোহোৱা সীমাহীন কাৰ্য্যকলাপৰ বাবে তেওঁলোকৰ খেলপথাৰখন ধ্বংস হোৱাক লৈ বুধবাৰে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

অসম কৃষি বিশ্ববিদ্যালয়ে ৰাজনৈতিক সভা, প্ৰদৰ্শনী আৰু আনকি ধৰ্মীয় সভাৰ বাবেও ভাৰালৈ দিয়াৰ ফলত এসময়ত অসমৰ একাংশ উৎকৃষ্ট ক্ৰিকেটাৰৰ জন্ম দিয়া গুৱাহাটী মহানগৰৰ দক্ষিণ প্ৰান্তৰ এই সুদৃশ্য খেলপথাৰখন ধ্বংস হৈ গৈছে।

Apply Now

একেৰাহে হৈ থকা ৰাজনৈতিক সভাসমূহে ধ্বংস কৰি পেলাইছে খেলপথাৰখনৰ খেলা-ধূলা কৰা অংশটো। মাটিৰে পোতাৰ ফলত ধ্বংস পাইছে আন্তঃৰাষ্ট্ৰীয় মানৰ যুৰীয়া ক্ৰিকেট পিত্চখন, পকী ব্লক বহুওৱাৰ ফলত ক্ৰিকেট আউটফিল্ডখনো খেলাৰ বাবে সম্পূৰ্ণ অনুপযোগী হৈ পৰিছে।

খেলা-ধূলাৰ লগত সম্পৰ্কহীন কাৰ্য্যসূচীৰ মণ্ডপ প্ৰস্তুতিৰ বাবে নিৰ্মাণ সামগ্ৰীবাহী গধূৰ যান-বাহনৰ আহ-যাহে নষ্ট কৰি পেলাইছে সেউজ ঘাঁহৰ আৱৰণ। শিলৰ দৰে কঠিন হৈ পৰা ফুটবল টাৰ্ফত খোপনি নোপোৱাৰ ফলত ফুটবলাৰসকলে প্ৰায়েই ভৰিৰ সৰুগাঁঠিত আঘাত পায়।

ৰাজনৈতিক সভা আৰু প্ৰদৰ্শনীৰ মণ্ডপ নিৰ্মাণৰ পিছত ৰৈ যোৱা গঁজাল আৰু আন জোঙা সামগ্ৰীৰ বাবে অনুশীলনৰ বাবে খেলপথাৰখনৰ সৰু এক অংশ ব্যৱহাৰ কৰা ফুটবল অনুৰাগীসকলেও প্ৰায়ে আঘাত পাব লগা হয়।

জনসমাগমৰ সহজ প্ৰৱেশৰ বাবে যোৱা বছৰ বিলাকত ৰাজনৈতিক দলবোৰে খেলপথাৰখনৰ সীমাৰ দেৱাল কেইবা ঠাইটো ধ্বংস কৰিলে। অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অভিযোগ কৰা মতে ৰাজনৈতিক সমাৱেশৰ আয়োজকসকলে কোনো অনুমতি নোহোৱাকৈ দেৱালসমূহ ধ্বংস কৰিলে, আৰু বহু অনুৰোধ সত্ত্বেও সেইবোৰৰ পুনৰ্নিৰ্মাণ নকৰিলে।

দৰমহা আৰু উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ ওপৰত নিৰ্ভৰশীল অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষ খেলপথাৰখনক লৈ একধৰণৰ অসহায় অৱস্থাত পৰিছে। ৰাজ্য চৰকাৰে সকলো বিভাগীয় কাৰ্য্যসূচীৰ বাবে খেলপথাৰখন ব্যৱহাৰ কৰাৰ লগতে খেলপথাৰখনত এটা আৰক্ষী চাউনিও খোলা হৈছে।

নৰ্থ ইষ্ট নাও-এ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখন ধ্বংসক লৈ প্ৰকাশ কৰা ধাৰাৱাহিক প্ৰতিবেদনে এক বৃ্হৎসংখ্যক প্ৰাক্তন ছাত্ৰক জগাই তুলিছে আৰু তেওঁলোকে বিষয়টো সন্দৰ্ভত শক্তিশালী প্ৰতিবাদ কৰিছে।

বৰ্তমান নাইজেৰিয়াৰ অ’ফাত থকা এই খেলপথাৰতে অনুশীলন কৰি কৰি ডাঙৰ হোৱা প্ৰতিভাৱান ক্ৰিকেটাৰ তথা বিষয়টোক লৈ প্ৰতিবাদ কৰা এজন অন্যতম প্ৰথম প্ৰাক্তন ছাত্ৰ অংকুৰ হাজৰিকা। গুৱাহাটীৰ দক্ষিণ দিশে থকা এই খেলপথাৰখন সকলো উদীয়মান খেলুৱৈৰ বাবে প্ৰেৰণা বুলি উল্লেখ কৰি তেওঁ কয় ‘খেলপথাৰখনৰ বৰ্তমান অৱস্থা দেখি মই আচৰিত হৈছো।’

খেলপথাৰখনত এসময়ত সদায় চলি থকা শিহৰণকাৰী ক্ৰিকেট আৰু ফুটবলৰ পৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হোৱা বুলি উল্লেখ কৰি হাজৰিকাই কয় ‘আমাৰ লগত অনুশীলন কৰা সকলোৱে টেন্দুলকাৰৰ নিচিনা ক্ৰিকেটাৰ হ’ব খুজিছিল।’

অসম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰা চৌহদত শেহতীয়াকৈ এটা ভাষণ প্ৰদান কৰিবলৈ আহিছিল গুৰগাওঁস্থিত মাইক্ৰ’বায়’লজিষ্ট তৰণী কান্ত বৰ্মন। খেলপথাৰখনৰ মিডিয়াত প্ৰচাৰিত ভিডিঅ’ আৰু ছবিসমূহ আশ্চৰ্য্যজনক বুলি উল্লেখ কৰি তেওঁ কয় ‘১০ বছৰৰ মূৰত মই চৌহদটোলৈ গৈছিলো, আৰু আন্তঃগাঁথনিৰ উন্নতি দেখি মই শিহৰিত হৈছিলো।’

খানাপাৰা ফিল্ডৰ এসময়ৰ ছবি

আই আই টি, নতুন দিল্লীৰ পৰা নেন’ প্ৰযুক্তিৰ ডক্টৰে’টধাৰী বৰ্মনে খেলপথাৰখনৰ পুনৰ্নিৰ্মাণ আৰু উন্নীতকৰণৰ বাবে উপাচাৰ্য্যক তেওঁৰ কাৰ্য্যবাহী ক্ষমতা প্ৰয়োগ কৰাৰ বাবে অনুৰোধ কৰিছে। ‘এই ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কঠোৰ পদক্ষেপ ল’ব লাগে আৰু এই ক্ষেত্ৰত নিষ্ঠা দেখুৱালে সকলো ৰাজনৈতিক দলৰ বিৰুদ্ধে কৰ্তৃপক্ষৰ কাষত সকলো প্ৰাক্তন ছাত্ৰ থিয় দিব,’ তেওঁ কয়।

খেলপথাৰত খেলৰ লগত জৰিত নোহোৱা সকলো কাৰ্য্যসূচী নিষিদ্ধ কৰাৰ বাবে সকলো ঐক্যবদ্ধ হ’ব লাগে বুলি উল্লেখ কৰি বৰ্মনে কয় ‘ৰাজনৈতিক দল আহে আৰু যায়, আৰু খেলপথাৰ ৰক্ষা বা সংৰক্ষণৰ বাবে তেওঁলোক বিন্দুমাত্ৰ দায়বদ্ধ নহয়।’

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ হৈ থকা কালতে সুঠাম খেলুৱৈ নয়ন দাসে অসম দলক প্ৰতিনিধিত্ব কৰিছিল। ‘বিষয়টোক লৈ অনাহক বিতৰ্ক কৰি থকাতকৈ অসম চৰকাৰে খেলপথাৰখন পুনৰ্নিৰ্মাণৰ বাবে যথোপযুক্ত কাৰ্য্যব্যৱস্থা লোৱা দৰকাৰ,’ তেওঁ কয়।

দাস বৰ্তমান মহাৰাষ্ট্ৰৰ মালেগাওঁ নিবাসী। ‘অসমৰ খেলপথাৰসমূহ সুচাৰুৰূপে পৰিচালিত হোৱাটো নিশ্চিত কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব, আৰু এইসমূহ কাকো ধ্বংস কৰিবলৈ দিয়া অনুচিত,’ তেওঁ লগতে কয়।

প্ৰীমিয়াৰ পশু চিকিৎসা মহাবিদ্যালয়খনৰ আন এজন প্ৰাক্তন ছাত্ৰ মৃণাল ডেকাই কয় এইটো আচৰিত কিদৰে অসম কৃষি বিশ্ববিদ্যালয়ে খেলপথাৰখন ধন ঘটাৰ যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। ‘খেলৰ লগত সম্পৰ্ক নথকা কাৰ্য্যসূচীৰ বাবে খেলপথাৰখন কিদৰে ভাৰা দিব পাৰে কৰ্তৃপক্ষই?,’ তেওঁৰ প্ৰশ্ন।

ডেকা ৰঙিয়া নিবাসী আৰু পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ৰাজনীতিত যোগ দিবলৈ সিদ্ধান্ত কৰে। ‘মই বুজি পোৱা নাই মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্য চৰকাৰৰ সৈতে বিষয়টো কিয় আলোচনা কৰা নাই,’ তেওঁ কয়।

পশ্চিম বংগৰ বিঢ়ামপুৰস্থিত পশু চিকিৎসক জয় দেই কয় যে খেলপথাৰখনৰ দুৰাৱস্থাক লৈ মত প্ৰকাশ কৰিবলৈ তেওঁৰ কোনো ভাষা নাই। খেলপথাৰখন ধ্বংসৰ বাবে তেওঁ অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা দুয়োটাকে জগৰীয়া কৰে। ‘মই বুজি পোৱা নাই ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰূপজ্যোতি দত্তই খেলৰ লগত সম্পৰ্ক নথকা কাৰ্য্যসূচীত একো ভুল নাই,’ তেওঁ কয়।

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ১৯৯২ বৰ্ষৰ ছাত্ৰ দেই কয় যে খেলপথাৰখনক লৈ এনে মন্তব্য কৰিবৰ বাবে সাধাৰণ সম্পাদকজন নিশ্চয় চাপত পৰিছে। ‘তেওঁ ছাত্ৰ সভা এখনৰ নেতৃত্ব দিয়াৰ বাবে যোগ্য নহয়,’ তেওঁ কয়।

প্ৰায় প্ৰতিগৰাকী প্ৰাক্তন ছাত্ৰই খেলপথাৰখনক লৈ নৰ্থ ইষ্ট নাও-এ প্ৰকাশ কৰা ধাৰাৱাহিক প্ৰতিবেদন যোৱা কিছুদিন ধৰি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছে। চ’চিয়েল মীডিয়া গ্ৰুপত বাতৰিসমূহ বিভিন্নজনে শ্বেয়েৰ কৰিছে আৰু বিষয়টোক লৈ সকলোৱে নিজৰ মত প্ৰকাশ কৰিছে।

খেলপথাৰখন ৰক্ষাৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ জাগি উঠিবনে অসম কৃষি বিশ্ববিদ্যালয়? নে, পৰি ৰ’ব আৰু সাক্ষী হ’ব অসমৰ উৎকৃষ্টতম খেলপথাৰখনৰ নিশ্চিত মৃত্যুৰ?

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd