• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ কেন্সাৰ ৰোগীলৈ সুখবৰ : কলকাতা, মুম্বাইৰ পিছতে টাটা ট্ৰাষ্টৰ উদ্যোগত অসমত স্থাপন হ’ল ডিজিটেল নাৰ্ভ চেণ্টাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 17, 2018 6:52 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চৌহদত থকা কেন্সাৰ হস্পিটেলত ডিজিটেল নাৰ্ভ চেণ্টাৰ উদ্বোধন কৰিছে টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ফটো : য়ু বি।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চৌহদত থকা কেন্সাৰ হস্পিটেলত ডিজিটেল নাৰ্ভ চেণ্টাৰ উদ্বোধন কৰিছে টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টাটা ট্ৰাষ্টৰ অধীনত কলকাতা আৰু মুম্বাইৰ পাছতে গুৱাহাটীত আজি স্থাপন কৰা হ’ল ডিজিটেল নাৰ্ভ চেণ্টাৰ চমুকৈ ডি আই এন চি।

উল্লেখযোগ্য যে আজি গুৱাহাটী কেন্সাৰ হস্পিটেলত টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা আৰু ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে এই বিশেষ সেৱা।

Apply Now

অসমৰ কেন্সাৰ ৰোগীসকলৰ বাবে এয়া সঁচাকৈয়ে এক সু-খবৰ বুলি উদ্বোধন কৰাৰ পিছত এক সংবাদ মেলযোগে সদৰী কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

তেওঁ লগতে এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে কেন্সাৰ ৰোগীসকলে কেনেকুৱা ধৰণৰ সুবিধা লাভ কৰিব পাৰিব সেই সম্পৰ্কে সংবাদমেলত উল্লেখ কৰে।

তেওঁ কয়, “ডি আই এন চিৰ অসমৰ কেন্দ্ৰটোৰ পৰা টাটা মেম’ৰিয়েল কলকাতা, টাটা মেম’ৰিয়েল মুম্বাইকে ধৰি দেশৰ ১৪৩খন আগশাৰীৰ কেন্সাৰ হস্পিতালৰ সৈতে ডিজিটেলি অৰ্থাৎ অনলাইন সংযোগ স্থাপন কৰিব পাৰিব। লগতে অসমত স্থাপন হ’ব লগীয়া ১৯খন কেন্সাৰ হস্পিতালৰ পৰাও দেশৰ বাকী ১৪৩খন কেন্সাৰ হাস্পতালৰ সৈতে একেদৰে সংযোগ স্থাপন কৰিব পাৰিব।”

এই ব্যৱস্থাৰ জৰিয়তে এখন কেন্সাৰ হস্পিতালত বহিয়েই অন্য এখন হস্পিতালৰ চিকিৎসকসকলে চিকিৎসা প্ৰক্ৰিয়া আৰু প্ৰণালী সম্পৰ্কে আলোচনা কৰিব পাৰিব বুলিও তেওঁ সংবাদ মেলত কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে এজন ৰোগীৰ  এল-৩ পৰ্য্যায়ত যি মেডিকেল ৰেকৰ্ড যুগুতোৱা হ’ব, তেওঁৰ সেই তথ্যখিনি কম্পিউটাৰত জমা  হৈ থাকিব বুলি শৰ্মাই জানিবলৈ দিয়াৰ উপৰি তেওঁ কয় “এখন মাল্টি ডিচিপ্লিনাৰি ব’ৰ্ড থাকিব, সেই ব’ৰ্ডত এটা ক্লিকত কোন তাৰিখত ৰোগীগৰাকীয়ে কি কি চিকিৎসা লাভ কৰিছিল সেইখিনি সঠিক ৰূপত উক্ত ব’ৰ্ডত ওলাই থাকিব।”

আনহাতে, চিকিৎসকসকলৰ সময় বেছিকৈ খৰচ নহ’ব বুলি মন্তৱ্য কৰি তেওঁ কয়, “চিকিৎসকসকলে ৰোগীজনৰ চিকিৎসাৰ ফাইলটো লুটিয়াই থাকিব নালাগে। তাৰ বাবে চিকিৎসকৰ যিখিনি সময় নষ্ট হয়, সেইখিনি বাছি যাব।”

“টিউমাৰ ব’ৰ্ডত যিখিনি আলোচনা কৰা হ’ব সেইখিনিও সংক্ষিপ্ত টোকা আকাৰত মাল্টি ডিচিপ্লিনাৰি ব’ৰ্ডত ওলাই থাকিব।” এইবুলি উল্লেখ কৰি তেওঁ উদাহৰণ সহকাৰে উল্লেখ কৰে, “ধৰা হওক ১৮ জুনত চিকিৎসক এজনে কোৱা কথাখিনি টাইপ হৈ গৈ থাকিব আৰু পিছৰ ২৭ তাৰিখৰ আলোচনাত সেই কথাখিনি আলোচনাৰ পূৰ্বে চিকিৎসকসকলে চাই ল’ব পাৰিব।”

উল্লেখ্য যে কেন্সাৰ ৰোগীসকলে কম খৰচতে কেন্সাৰৰ চিকিৎসা কৰিব পাৰিব বুলি স্বাস্থ্য মন্ত্ৰীজনে সাংবাদিকক জানিবলৈ দিয়ে। তেওঁ কয় যে এজন কেন্সাৰ ৰোগীয়ে প্ৰথম কেম’থেৰাপিটো লোৱাৰ পিছত তেওঁৰ দ্বিতীয় কেম’ ল’বৰ বাবে গুৱাহাটীত চিকিৎসাৰ বাবে আহিবলৈ অসুবিধা হ’লে বা যদি এল-৩ কেন্সাৰ হস্পিতালতো আহিব নোৱাৰে, তেওঁ গাঁৱৰ ভাৰছুৱেল কেম’ চেণ্টাৰত কেম’ থেৰাপি ল’ব পাৰিব। ডি আই এন চিৰ চিকিৎসক এজনে গাঁৱত থকা এম বি বি এছ এগৰাকীক ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি গাইড কৰি থাকিব বুলিও তেওঁ সংবাদমেলত কয়।

“কেন্সাৰ চিকিৎসা প্ৰক্ৰিয়াটোত এখন টিউমাৰ ব’ৰ্ড থাকে, য’ত ৬গৰাকী চিকিৎসকে বহি আলোচনা কৰিহে ৰোগীজনক কেনেকুৱা ধৰণৰ চিকিৎসা কৰিব সেইটো নিৰ্ণয় কৰে। চিকিৎসককেইজনে আলোচনা কৰাৰ পিছত যদিহে চিকিৎসা পদ্ধতিটো কি হ’ব সেইটো বিবেচনা কৰিব নোৱাৰে, তেতিয়া ডি আই এন চিত ভিডিঅ’ কন্ফাৰেন্সিঙৰ জৰিয়তে অন্য দুখন ডি আই এন চিৰ অভিজ্ঞ চিকিৎসকৰ সৈতে চিকিৎসা পদ্ধতি সম্পৰ্কে আলোচনা কৰিব।” ড০ হিমন্ত বিশ্ব শৰ্মাই কয়।

উল্লেখযোগ্য যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু টাটা ট্ৰাষ্টৰ যৌথ বৰঙনিৰে অসমত ১৯খন কেন্সাৰ হস্পিতাল স্থাপনৰ বাবে এটা ফাউণ্ডেইশ্যন গঠন কৰা বুলি কালি এখন সংবাদমেল যোগে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছিল। এই অভিলাষী আঁচনিখনৰ অংশ হিচাপেই আজিৰ ডিজিটেল নাৰ্ভ চেণ্টাৰটো স্থাপন কৰা হৈছে।

আনহাতে আজিৰ উদ্বোধনী সভাখনত টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা উপস্থিত আছিল যদিও সভাত কোনো বক্তব্য নাৰাখিলে বিশিষ্ট উদ্যোগপতি তথা জ্যেষ্ঠ নাগৰিকজনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd