অসমৰ নাগৰিক পঞ্জীৰ পৰা ৪০ লাখক প্ৰত্যাহাৰৰ বিশ্বজুৰি বিৰোধিতা কৰা হৈছে : আৱাজ

NRC

‘আৱাজ’ নামৰ বিশ্বজুৰি প্ৰচাৰ অভিযান নেটৱৰ্ক  সংস্থাটোৱে জাৰি কৰা এটা বিবৃতিত প্ৰকাশ যে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা ৪০ লাখ লোকৰ নাম প্ৰত্যাহাৰ কৰাৰ বাবে বিশ্বজুৰি ৮০০,০০০ লোকে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সংস্থাটোৱে আশংকা কৰা মতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰা এই ৪০ লাখ লোক ৰাষ্ট্ৰহীন লোকক পৰিণত হ’ব।

মাত্ৰ ৭ মাহ পূৰ্বে প্ৰকাশিত  স্বৰ্তসাপেক্ষ তালিকাখনত অন্তৰ্ভুক্ত নোহোৱা ১৩০ লাখ নাগৰিকৰ মাজৰ পৰা এই ৪০ লাখ লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে।

বিবৃতিটোত আৰু কোৱা হৈছে যে ৰাষ্ট্ৰসংঘৰৰ দ্বাৰা নিয়োজিত বিশেষ প্ৰতিৱেদক আৰু বিশেষজ্ঞসকলৰ আশংকাৰ সুৰতে সুৰ মিলাই আৱাজে চলোৱা বিশ্বজুৰি কৰা প্ৰচাৰ অভিযানে সদ্য প্ৰকাশিত উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক  আন্তৰ্জাতিক ক্ষেত্ৰত ব্যাপক সমালোচনাৰ সন্মুখীন কৰাইছে।।

আৱাজৰ কাৰ্যবাহী সঞ্চালক ৰিকেন পেটেলে কাছে, ‘‘লাখ লাখ লোকক ৰাষ্ট্ৰহাৰা কৰা,  অনিৰ্দিষ্টকালীন ডিটেনশ্যন, হিংসাৰ চিকাৰ কৰিব পৰা ভয়লগাকৈ আগবঢ়া প্ৰক্ৰিয়াটোৰ বিপক্ষে  আন্তৰ্জাতি সম্প্ৰদায়ে যুঁজ কৰি আছে।

অসমৰ নাগৰিকত্বৰ তালিকাৰ পৰা বাদ পৰা, বিশেষকৈ বালাদেশী মুছলমানসকল বাদ পৰাটো ১৯৮২ চনত ম্যানমাৰৰ দ্বাৰা ৰহিঙীয়াসকলৰ অধিকাৰ আৰু সুৰক্ষা প্ৰত্যাহাৰ কৰাৰ সামন্তৰাল।

এইবাবেই গণহত্যা বিশেষজ্ঞ আৰু ৰাষ্ট্ৰসংঘৰ বিশেষভাৱে নিয়োজিত ভালেমান প্ৰতিৱেদকসকলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিপদ সম্পৰ্কে সতৰ্ক কৰি কৰি দিছে।

উল্লেখ্য যে যোৱা বছৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাৰ পৰা ১৩০ লাখ লোক বাদ পৰি যোৱাৰ কেইদিন মান পাছত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছিল যে ঘোষিত হোৱা বিদেশীসকলক মৌলিক আৰু ভোটাধিকাৰকে ধৰি সকলো প্ৰকাৰৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰা হ’ব।

বিবৃতিটোত আৰু কোৱা হৈছে যে তালিকাত অন্তৰ্ভুক্ত নোহোৱাসকলৰ বাবে আইনী সাহায্যৰ আশ্বাস থাকিলেও ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী আৰু অভিযোগৰ সময়সীমাত বহুতো সমস্যা আছে।