• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমতে বাথৰুমৰ ভিতৰত কিলবিলাই ফুৰিছে ৩০ টা সাপ! দেখি গা শিয়ৰি উঠা দৃশ্য; ভাইৰেল ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2024 10:04 am
ফটো সৌজন্যঃ ছচিয়েল মিডিয়া।

ফটো সৌজন্যঃ ছচিয়েল মিডিয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জংঘলত সাপ দেখাটো সিমান আতংকৰ কথা নহয়। কিন্তু ঘৰৰ দুৱাৰমুখত যদি জংঘলৰ সেই বিভীষিকা দেখা দিয়ে, তেন্তে সেয়া হাৰ্ট ফেইল কৰাৰ দৰে ঘটনা। অসমতো ঘটিছে এনে এক ঘটনা। বাথৰুমৰ দুৱাৰ খুলি ঘৰৰ মালিকে কিলবিলাই ফুৰা সাপবোৰ দেখি একপ্ৰকাৰ মূৰ্চা যোৱা অৱস্থা। এটা বা দুটা নহয়, এটা এটাকৈ উদ্ধাৰ কৰা হ’ল ৩০টা সাপৰ পোৱালি। সেই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। য’ত দেখা গৈছে তাত বেৰৰ ফাটবোৰৰ পৰা কেইবাটাও নতুনকৈ ফুটা সাপৰ পোৱালি ওলাই আহিছে।

নগাঁও জিলাৰ কলিয়াবৰত সংঘটিত হৈছে এই ঘটনা। এটা ঘৰৰ বাথৰুমত বহু সাপ দেখি ঘৰৰ মালিকে ঘৰৰ পৰা ওলাই আহিল। এই খবৰ শুনি স্থানীয় ৰাইজে সাপ চাবলৈ ভিৰ কৰিলে। দেখা গৈছে যে বাথৰুমৰ বেৰৰ ফাটবোৰত অসংখ্য সাপৰ পোৱালি ইটোৱে সিটোৰ লগত বান্ধ খাই আছে। বাথৰুমৰ মজিয়াত কিছুমানে ঘূৰি ফুৰিছে।

এই দৃশ্য দেখি স্থানীয় ৰাইজে সঞ্জীৱ ডেকা নামৰ প্ৰসিদ্ধ সাপ উদ্ধাৰকাৰীজনক খবৰ দিয়ে। অঞ্চলটোত তেওঁক ‘সৰ্প মানৱ’ বুলি জনা যায়। সেই ঘৰৰ পৰা এটা এটাকৈ ৩০ টা সাপ উদ্ধাৰ কৰা হয়। সঞ্জীৱে কয়, নতুনকৈ কণীৰ পৰা ফুটা প্ৰতিটো সাপ বিষহীন। মানুহৰ বাবে বিপদজনক নহ’লেও এই সাপটো অতি আক্ৰমণাত্মক। স্থানীয়ভাৱে তেওঁলোকক ঢোৰাসাপ বুলি জনা যায়।

Apply Now

#WATCH | Around 35 snakes crawl were found in a house in the Kaliabor area of Assam’s Nagaon district.

The snakes were recovered by Sanjib Deka who is an animal lover. pic.twitter.com/vOVcqzcbgM

— ANI (@ANI) May 27, 2024

বিশেষজ্ঞসকলৰ মতে, গ্ৰীষ্মৰ পিছত বাৰিষাৰ আৰম্ভণিৰ এই সময়খিনি সাপৰ প্ৰজননৰ বাবে আদৰ্শ সময়। ফলত অৰণ্যৰ ওচৰৰ অঞ্চলত এই সময়ছোৱাত সাপৰ প্ৰাদুৰ্ভাৱ অলপ বাঢ়ি যায়। সেই বুলি ঘৰৰ সকলোৰে অলক্ষিতে বাথৰুমত সাপৰ কণী পৰা আৰু সেই কণী ফুটি পোৱালি ওলোৱাটো সঁচাকৈয়ে আচৰিত কথা।

উল্লেখ্য যে কলিয়াবৰত এয়াই প্ৰথমবাৰৰ বাবে সাপ উদ্ধাৰৰ ঘটনা নহয়, কিছুদিন পূৰ্বে এই অঞ্চলৰ চাহ বাগিচাৰ পৰা উদ্ধাৰ হৈছিল এটা বাৰ্মিজ পাইথন। প্ৰায় ১৪ ফুট দীঘল আৰু ৫৫ কিলোগ্ৰাম ওজনৰ পাইথনটো চাবলৈ অঞ্চলটোত ভিৰ হৈছিল। সৰ্প মানৱ সঞ্জীৱ ডেকাই উদ্ধাৰ কৰিছিল সেই বিশাল সাপটো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd