• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ প্ৰাক্তন মন্ত্ৰী, জনবন্ধু ৰাম শৰ্মাৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2018 6:52 am
ৰাম শৰ্মা
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন মন্ত্ৰী, জনবন্ধু ৰাম শৰ্মা আৰু নাই। বুধবাৰে সন্ধিয়া ৭ বজাত শেষ নিশ্বাস ত্যাগ কৰে জন দৰদী তথা প্ৰচাৰ বিমুখ নেতাজনে। তেওঁৰ মৃত্যুত সমগ্ৰ গহপুৰ মহকুমা শোকস্তব্ধ হৈ পৰিছে।

এজন জননেতা, সু-বক্তা, সাম্প্ৰতিক সময়ৰ কলুষিত ৰাজনীতিয়ে ঢুকি পাব নোৱাৰা এজন নিষ্ঠাৱান সমাজসেৱক ৰাম শৰ্মাই গহপুৰৰ ধেনুধৰা গাঁৱৰ বাসিন্দা আছিল। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী গহপুৰৰ ৰাম শৰ্মাই ভাতৃৰ ঘৰত থাকি জীৱন অতিবাহিত কৰিছিল।

Apply Now

১৯৭২ চনত তেওঁ প্ৰজা চ’চিয়েলিষ্ট পাৰ্টিৰ পৰা গহপুৰ সমষ্টিৰ হৈ প্ৰতিনিধিত্ব কৰি জয়ী হৈছিল। ১৯৭৮ চনত জনতা দলৰ প্ৰাৰ্থী হিচাপে গহপুৰ বিধান সভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ গোলাপ বৰবৰাৰ মন্ত্ৰী সভাত সংসদীয় সচিব, পৰিবহণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী হিচাপে নিযুক্ত হৈছিল ৰাম শৰ্মা।

১৯৩০ চনৰ ২৫ জানুৱাৰীত শিৱসাগৰ জিলাৰ চিৰাখোৱা চাপৰিত ৰাম শৰ্মাৰ জন্ম হৈছিল। গাঁৱৰ পৰা গুচি আহি হাতীবন্ধিয়া অঞ্চলৰ এঘৰ মানুহৰ ঘৰত থাকি ১৯৪৭ চনত তেওঁ স্থানীয় প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিছিল।

গহপুৰ সমষ্টিৰ কলংপুৰ মৌজাৰ ডিপৰাত ম’হ চৰাই থাকোঁতে ৰাইজৰ সৈতে গোপন মিটিংত তেওঁ লগ পাইছিল জ্যোতি প্ৰসাদ আগৰৱালা আৰু বহু বিশিষ্ট গণ্য মান্য ব্যক্তিক। ইমান আগ্ৰহেৰে মিটিং শুনি থকা দেখি জ্যোতি প্ৰসাদ আগৰৱালাই ৰাম শৰ্মাক ওচৰলৈ মাতি আনি তেওঁৰ লগত পৰিচয় হৈছিল। শৰ্মাই জ্যোতি প্ৰসাদৰ গান এটি গাই জ্যোতি প্ৰসাদ আগৰৱালাক মোহিত কৰিছিল।

১৯৪৮ চনত শ্বহীদ কনকলতা বৰুৱাৰ জন্মভূমি বৰঙাবাৰীৰ এম চি ডিত নাম ভৰ্তি কৰিছিল শৰ্মাই। হাইস্কুল পঢ়ি থকাৰ সময়তে ১৯৫৬ চনত অসমত তেল শোধনাগাৰ আন্দোলন আৰম্ভ হৈছিল। জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে অসমবাসীয়ে এই বৃহৎ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। অসমৰ মাটিৰ পৰা ওলোৱা খাৰুৱা তেল অসমৰ বাহিৰত শোধন কৰাৰ বাবেই অসমৰ ৰাইজে আন্দোলন কৰিছিল। অসমৰ তেল অসমতে শোধন কৰিব লাগিব এই দাবী আছিল ৰাইজৰ। এই প্ৰতিবাদৰ বাবে অসমলৈ আহিছিল জৱাহৰলাল নেহৰু আৰু কে ডি মালৱ্য। এই আন্দোলনত যোগদান কৰি ৰাম শৰ্মাই লখিমপুৰত জেল খাটিবলগীয়া হৈছিল।

জেলৰ পৰা মুক্ত হৈ লখিমপুৰ চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দি তৃতীয় বিভাগত পাছ কৰিছিল। ১৯৫৭ চনত বৰ্তমানৰ চাৰ্কিট হাউছৰ কাষৰ এম ভি স্কুলৰ চৌহদত কেইজনমান সমবয়সীয়া ছাত্ৰ আৰু স্থানীয় ৰাইজৰ সহযোগত উত্তৰ লখিমপুৰ কলেজ স্থাপন কৰিছিল।

১৯৫৪ চনত সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে গহপুৰ গমিৰিৰ ৰোহিতা দেৱীৰ সৈতে শৰ্মাৰ বিবাহ সম্পন্ন হয়। ১৯৬০ চনত গহপুৰ হাইস্কুলত শিক্ষক হিচাপে নিযুক্ত হৈছিল ৰাম শৰ্মা। শিক্ষক হৈ থকা সময়তে তেওঁ জন্ম দিছিল ছয়দুৱাৰ ছাত্ৰ সন্থাৰ। কেইবাবছৰো তেওঁ প্ৰতিষ্ঠাপক সভাপতিৰ আসন আছিল। তেওঁ ১৯৬০ চনৰ পৰা ১৯৭২ চনলৈ গহপুৰ হাইস্কুলত শিক্ষকতা কৰিছিল।

ৰাম শৰ্মাই যেতিয়া গহপুৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল মাত্ৰ ১৯ টকা মূলধন হিচাপে লৈ নিৰ্বাচন খেলিছিল শৰ্মাই। শ্বিলঙৰ বিধান সভাৰ মজিয়ালৈ যাওঁতে মহিম ৰাজখোৱাই এযোৰ জোতা আৰু কীৰ্তি কুমাৰ শৰ্মাই এটা গৰম কোট দিছিল। পৰিবহণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত ১২৬ জন বিধায়কক পৰিবহণ বিভাগৰ পৰা লাভ হোৱা টকাৰে এক লাখকৈ সমষ্টিৰ উন্নয়নৰ নামত দিছিল। ৰাম শৰ্মাৰ জীৱনৰ এনে বহু অলিখিত কাহিনী আছে যিবোৰ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ উৎস হ’ব পাৰে।

জ্যেষ্ঠ ৰাজনৈতিক নেতা, গহপুৰ সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰামচন্দ্ৰ শৰ্মাৰ  মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। এক প্ৰেছ বিবৃতিত সভাপতি বৰাই কয় যে সামাজিক কাম কাজত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰা তথা অগ্ৰণী ভূমিকা পালন কৰা শৰ্মা ডাঙৰীয়াৰ মৃত্যুয়ে কেৱল  গহপুৰৰে নহয়,সমগ্ৰ ৰাজ্যখনৰে  ৰাজনীতিৰ  ক্ষেত্ৰখনত এক অপূৰণীয় শূণ্যতাৰ সৃষ্টি কৰিলে। তেওঁৰ আদৰ্শৰাজি আমাৰ বাবে সদায় অনুকৰণীয় হৈ ৰ’ব। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰয়াত শৰ্মা ডাঙৰীয়াৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালটিক গভীৰ সমবেদনাও জ্ঞাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

June 22, 2026 11:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

পেন্টাগনৰ ব্লেকলিষ্টৰ প্ৰত্যুত্তৰ চীনৰ; আমেৰিকাৰ ১০টা কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

June 22, 2026 2:26 pm
এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd