ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন বা স্পেচিয়েল ইনটেনছিভ ৰিভিজন (SIR) প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি এইবাৰ কেৰালাত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ককৰোচ জনতা পাৰ্টি (CJP)য়ে। অহা ৭ নৱেম্বৰত কেৰালাৰ কোচিত এক বৃহৎ প্ৰতিবাদী সমাৱেশৰ আহ্বান জনাইছে দলটোৱে। নিৰ্বাচন আয়োগৰ SIR প্ৰক্ৰিয়া তৎক্ষণাৎ বাতিল কৰাৰ দাবীৰে এই কাৰ্যসূচীৰ নাম দিয়া হৈছে ‘জন্তৰ মন্তৰ এট কোচি’।
সামাজিক মাধ্যমৰ মঞ্চ এক্সত এটা পোষ্টযোগে দলটোৱে জনোৱা অনুসৰি, ৭ নৱেম্বৰৰ বিয়লি ৪ বজাৰ পৰা কোচিৰ ৰাজেন্দ্ৰ ময়দানত এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হ’ব। দলটোৱে পোষ্টটোত লিখিছে, ‘গণতন্ত্ৰ ৰক্ষা কৰক! SIR বাতিল কৰক! আমাৰ সৈতে যোগ দিয়ক। ৭ নৱেম্বৰ, বিয়লি ৪ বজা, ৰাজেন্দ্ৰ ময়দান, কোচি।’
এই প্ৰতিবাদী সমাৱেশত ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপক নিজে উপস্থিত থাকিব। ইয়াৰ উপৰি দলটোৰ দক্ষিণ অঞ্চলৰ মুৰব্বী বিজয় মাল্লাংগী আৰু ৰাষ্ট্ৰীয় সম্পাদক আফৰিন নৱাজেও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, শেহতীয়াকৈ দিল্লীৰ যন্তৰ মন্তৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু SIR প্ৰক্ৰিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত দিল্লী আৰক্ষীয়ে CJPৰ কেইবাগৰাকীও শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰিছিল। দিল্লীৰ সেই ঘটনাৰ পাছত এয়া দলটোৰ প্ৰথমটো বৃহৎ ৰাজনৈতিক কাৰ্যসূচী।
যোৱা মাহত পূৰ্বৰ অনুমতি অবিহনে যন্তৰ মন্তৰত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে CJPৰ মুৰব্বী অভিজিৎ দীপক, আশুতোষ ৰাংকা আৰু সৌৰভ দাসকে ধৰি কেইবাগৰাকীও নেতাক আটক কৰিছিল। এই ঘটনাৰ পাছতে চৰকাৰে যন্তৰ মন্তৰক প্ৰতিবাদস্থল হিচাপে থকা স্বীকৃতি প্ৰত্যাহাৰ কৰে।
কিন্তু চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদ জনাই সৌৰভ দাস আৰু আশুতোষ ৰাংকাই যন্তৰ মন্তৰত প্ৰৱেশ কৰি জাতীয় পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ ওচৰত লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পাছত প্ৰায় এসপ্তাহ কাৰাগাৰত কটোৱাৰ অন্তত তেওঁলোকে জামিন লাভ কৰে। লিখিত প্ৰতিশ্ৰুতিত যন্তৰ মন্তৰত প্ৰতিবাদৰ নিষেধাজ্ঞা বাহাল থকালৈকে তাত কোনো প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত নকৰাৰ কথা উল্লেখ কৰিছিল।
ইফালে, কনট প্লেচৰ চেণ্ট্ৰেল পাৰ্কত ‘তেৰংগা’ শীৰ্ষক কাৰ্যসূচীৰ আহ্বান জনোৱা অভিজিৎ দীপককো দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। পিছত জামিন লাভ কৰিলেও চৰ্ত অনুসৰি অহা এবছৰ শান্তি-শৃংখলা বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিবলগীয়া হয় তেওঁ।
আনহাতে, যোৱা ১ নৱেম্বৰত দিল্লীত INDIA মিত্ৰজোঁটৰ পদযাত্ৰাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছিল ককৰোচ জনতা পাৰ্টিয়ে। অৱশ্যে ৰামলীলা ময়দানত ৰাহুল গান্ধীৰ নেতৃত্বত অনুষ্ঠিত বৃহৎ জনসভাত দলটোৱে পোনপটীয়াকৈ অংশগ্ৰহণ কৰা নাছিল।





