• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ভিতৰতে অসমীয়া হৈ থাকিবলৈ বিচাৰে ডিমাচাসকলে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2018 1:29 pm
Anup_Chetia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ আগলৈকে মাইবাংবাসীৰ প্ৰতিবাদ সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু অপ্ৰৰোচিত আছিল।’

আজি গুৱাহাটী প্ৰেছক্লাবত আয়োজিত এখন সভাত আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই হাফলঙৰ ঘটনাৰ পিছত মাইবাং ভ্ৰমণ কৰি পোৱা নিজৰ অভিজ্ঞতাৰ বিৱৰণ দি এইদৰে কয়।

Apply Now

তেওঁ কয় যে দুপৰীয়া পৰ্য্যন্ত প্ৰতিবাদকাৰীসকলে নাগালিম বিষয়টোত নিজৰ অৱস্থান ধৰ্মঘটৰ মাজেৰে কৰা প্ৰতিবাদ সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে সাব্যস্ত কৰি আহিছিল। তেওঁলোকে আৰক্ষী আৰু প্ৰশাসনৰ সৈতে সহযোগ কৰি আহিছিল।  আনকি তেওঁলোকে প্ৰথমে যিডোখৰ ঠাইত অৱস্থান কৰিছিল তাৰ পৰা আৰক্ষী প্ৰশাসনৰ নিৰ্দেশমৰ্মে আন এডোখৰ ঠাইলৈ সলনিও কৰিছিল প্ৰতিবাদৰ স্থান। তেওঁলোকে আৰক্ষী-প্ৰশাসনক কৈছিল যে ১২ ঘণ্টা অৱস্থান কৰাৰ পিছত তেওঁলোক গুচি যাব। ইতিমধ্যে বহু সংখ্যক প্ৰতিবাদকাৰী ঘৰমুৱা হ’বলৈ ধৰিছিলেও।

তেনে সময়তে জিলাখনৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক আহি প্ৰতিবাদস্থলীত উপস্থিত হৈছিল। আৰু হঠাতে ঘটনাই নতুন আৰু অভাৱনীয় মোৰ লয়। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠী চালনা কৰাৰ লগে লগে প্ৰতিবাদকাৰীসকলেও প্ৰত্যাক্ৰমণ কৰিবলৈ উদ্যত হয়। অলপ পিছতে আৰক্ষীয়ে গুলী চালনা কৰাৰ ফলত দহজনৰো অধিক লোক গুৰুতৰভাৱে আহত হয়। ইয়াৰে দুজনৰ পিছত মৃত্যু হয়।

অনুপ চেতিয়াই কয় যে মাইবাং তথা ডিমাচাবাসীৰ মনত এতিয়া প্ৰচুৰ ক্ষোভৰ উমান পোৱা গৈছে। তেওঁলোকে অসমীয়া মানুহ তথা অসমৰ মূল সুঁতিৰ মানুহখিনিয়ে তেওঁলোকক অৱজ্ঞা তথা দমন কৰা বুলি ভাবিবলৈ বাধ্য হোৱা বুলি চেতিয়াই মন্তব্য কৰিছে। ডি চিজনো অসমীয়া তথা গুলীচালনা কৰাসকলো অসমীয়া হোৱা বাবে এই ধাৰণাই তেওঁলোকৰ মনত স্বাভাৱিকভাৱেই খোপনি পুতিছে বুলি চেতিয়াই মন্তব্য কৰে। আনহাতে তেওঁ জিলাৰ উপায়ুক্ত ৰঞ্জিৎ হাজৰিকাক তাৎক্ষণিকভাৱে বদলি কৰাৰ দাবী তোলে।

আনহাতে মাইবাং ভ্ৰমণ কৰোতে ডিমাচা সকলে তেওঁলোকৰ আগত প্ৰকাশ কৰা আন এটা ডাঙৰ ক্ষোভৰ কথা উল্লেখ কৰি আলফাৰ সাধাৰণ সম্পাদকজনে কয় যে ডিমাচাসকলক পূৰ্বে মেঘালয়ৰ অন্তৰ্ভুক্ত কৰিব খোজোতেও তেওঁলোকে তাৰ বিৰোধিতা কৰি অসমৰ সৈতে থাকিবৰ ইচ্ছা কৰিছিল। এতিয়া আকৌ নাগালমিৰ অন্তৰ্ভুক্ত কৰিব খুজিছে। নাগালিমৰ পৰিৱৰ্তে অসমৰ লগত অসমীয়া হৈ থাকিব বিচৰা বাবেই তেওঁলোকক এনেদৰে বৰ্বৰভাৱে আক্ৰমণ কৰা হৈছে বুলিও তেওঁলোকে ক্ষোভ ব্যক্ত কৰা বুলি চেতিয়াই দাবী কৰে। লগতে তেওঁলোকে এই ক্ষোভো ব্যক্ত কৰিছিল যে অসমৰ মূল ভূখণ্ডত এই ঘটনাৰ কোনো প্ৰতিবাদ কৰা দেখা পোৱা নাই।

উল্লেখযোগ্য আজি প্ৰেছ ক্লাবত অসমৰ সদ্য প্ৰয়াত অৰ্থনীতিবিদ মুকুল মহন্তৰ এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈছিল মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত। স্মৃতিচাৰণ সভাখনত অংশগ্ৰহণ কৰি অনুপ চেতিয়াই নিজৰ এই বক্তব্যখিনি দাঙি ধৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm
যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

June 23, 2026 11:11 am
বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

June 23, 2026 10:20 am
মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

June 23, 2026 9:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm
যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

June 23, 2026 11:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd