• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ স্বাস্থ্যখণ্ডত নতুন মাইলৰ খুঁটি : টাটাৰ সহযোগত ৰাজ্যত ১৯খন কেন্সাৰ হস্পিটেলৰ আধাৰশিলা স্থাপন

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 18, 2018 6:11 pm
CancerCareCenter
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্কট ৰোগৰ ১৯টা নতুন চিকিৎসাকেন্দ্ৰৰ আধাৰশিলা স্থাপনেৰে আজি ৰাজ্যখনৰ স্বাস্থ্যখণ্ডত এক মাইলৰ খুঁটি স্থাপন কৰা হয়। কেৱল ৰাজ্যৰে নহয়, এই নতুন সংযোজন সমগ্ৰ উত্তৰ-পূবৰ ৰাইজৰ বাবে ডাঙৰ সুবিধা হিচাপে চিহ্নিত হৈছে। অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টে যুটীয়াভাৱে গঠন কৰা আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেইশ্যনৰ অধীনত ৰাজ্যৰ মেডিকেল কলেজকেইখনৰ চৌহদত স্থাপন হ’ব লগীয়া এই ১৯টা চিকিৎসাকেন্দ্ৰৰ আজি আনুষ্ঠানিকভাৱে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসাবিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আধাৰশিলা স্থাপন কৰা হয়।

এই আধাৰশিলা স্থাপন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। অনুষ্ঠানত উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা, অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই, ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা, ৰাজ্য চৰকাৰৰ মুখ্য সচিব টি ৱাই দাস প্ৰমুখ্যে ভালে সংখ্যক আমোলা-বিষয়া আৰু ভাৰতৰ বিভিন্ন স্থানৰ পৰা অহা কৰ্কট ৰোগৰ বিশেষজ্ঞ।

Apply Now

উল্লেখ্য যে, প্ৰায় দুহেজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া এই ১৯টা কৰ্কট চিকিৎসাকেন্দ্ৰৰ বাবে টাটা ট্ৰাষ্টে ৯০০ কোটি টকা আৰু ৰাজ্য চৰকাৰে ১,০৩০ কোটি টকা আগ বঢ়াইছে। ইয়াৰ উপৰি এই কেন্দ্ৰসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেইশ্যনে ১৮০ কোটি টকাৰ অনুদান লাভ কৰিব বুলি আজিৰ অনুষ্ঠানৰ মাজতে স্বাস্থ্য বিভাগৰ বিষয়া প্ৰধান সচিব সমীৰ সিনহাই জানিবলৈ দিয়ে।

আজি গুৱাহাটীৰ লগতে ডিব্ৰুগড়, বৰপেটা, ধুবুৰী, ডিফু, যোৰহাট, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, নলবাৰী, শিলচৰ, তেজপুৰ, তিনিচুকীয়া, দৰং, গোৱালপাৰা, গোলাঘাট, হাফলং আৰু শিৱসাগৰত নিৰ্মাণ হ’ব লগীয়া এই কেন্দ্ৰসমূহৰ একেলগে আধাৰশিলা স্থাপন কৰা হয়।

সভাত ভাষণ প্ৰদান কৰি অমিত শ্বাহে কয়, “এই ১৯টা কেন্দ্ৰ অসমৰ লগতে উত্তৰ-পূবৰ মানুহৰ জীৱনদায়িনী স্বৰূপ হ’ব। ই ভাৰতৰ স্বাধীনতাৰ পাছত অসমৰ স্বাস্থ্যখণ্ডৰ ইতিহাসত সকলোতকৈ ডাঙৰ পদক্ষেপ।”

তেওঁ লগতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক প্ৰশংসাৰে ওপচাই দি কয় যে সোণোৱালৰ নেতৃত্বত অসম এতিয়া দেশৰ এখন উন্নত ৰাজ্য হোৱাৰ সপোন দেখিব পৰা হ’ল।

সমান্তৰালভাৱে অমিত শ্বাহে কংগ্ৰেছক সমালোচনা কৰি কয়, “ভাৰতত প্ৰায় সংখ্যক ৰাজ্যতে স্বাধীনতাৰ পৰা বেছিভাগ সময় কংগ্ৰেছে শাসন কৰিছে। কংগ্ৰেছৰ দিনত দেশৰ জি ডি পি নিম্নগামী হৈ গৈছিল, কিন্তু বিজাপি অহাৰ পাছৰে পৰা জি ডি পি ওপৰলৈ গতি কৰিছে।”

তেওঁ লগতে অসমক বিজেপি চৰকাৰে ৰে’লসেৱা, পথসেৱা আৰু তথ্য-প্ৰযুক্তিৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা বুলি জানিবলৈ দিয়াৰ উপৰি বাংলাদেশৰ চিটাগং বন্দৰৰ লগত অসমৰ পোনপটীয়া যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ প্ৰচেষ্টাৰ কথা দোহাৰে। শ্বাহে লগতে অসমৰ জিডিপি দেশৰ ভিতৰতে সৰ্বাধিক হ’ব বুলিও মন্তব্য কৰে।

অনুষ্ঠানত টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই কয়, “কৰ্কটৰ দৰে নীৰৱ ঘাতকৰ বিৰুদ্ধে আমি যুঁজিব বিচাৰিছো। ভাৰতৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলতেই কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। গতিকে অসমত কৰ্কট ৰোগৰ উপযুক্ত চিকিৎসা কেন্দ্ৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিলো।” তেওঁ লগতে অসম তথা উত্তৰ-পূবত কৰ্কট ৰোগত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰো অশ্বাস দিয়ে।

ইপিনে সোমবাৰে আধাৰশিলা স্থাপন কৰা ১৯টা কৰ্কট চিকিৎসাকেন্দ্ৰৰ নিৰ্মাণকাৰ্য আগন্তুক ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ভাষণ প্ৰসংগত ড০ শৰ্মাই কয়, “এই কেন্দ্ৰসমূহে ভাৰতৰ বিভিন্ন স্থানত থকা আগশাৰীৰ কৰ্কট চিকিৎসালয়সমূহৰ লগত মুহূৰ্তে মুহূৰ্তে যোগাযোগ ৰক্ষা কৰি অসমৰ ৰোগীসকলক সেৱা আগ বঢ়াই যাব। এই সেৱা কেৱল অসমৰ ভিতৰতে সীমাবদ্ধ নাথাকি উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ জনসাধাৰণক সামৰি ল’ব। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে অতল অমৃত যোজনাৰ অধীনত এই কৰ্কট চিকিৎসা কেন্দ্ৰসমূহত ৰোগীয়ে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰি আগন্তুক তিনিমাহৰ ভিতৰত ৰাজ্য চৰকাৰে ‘সমৰ্থ অসম’ নামেৰে এক নতুন আঁচনি মুকলি কৰি ১৪ বছৰ বয়সৰ তলৰ প্ৰতিগৰাকী শিশুৰ যিকেনো ৰোগৰ বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদান কৰিব বুলি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বাস্থ্যখণ্ডৰ এই নৱ-সংযোজনে কৰ্কটৰ দৰে ৰোগত আক্ৰান্ত হৈ দিশহাৰা হোৱা ৰোগীৰ পৰিয়ালৰ বাবে আশাৰ সঞ্চাৰ কৰিব বুলি মন্তব্য কৰে। তেওঁ লগতে এডভাণ্টেইজ আছামত বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে মুঠ ১৪০খন বুজাবুজিৰ চুক্তি হৈছিল বুলি জানিবলৈ দি টাটা ট্ৰাষ্টে দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে টাটাক ধন্যবাদ জনায়।

অনুষ্ঠানত উপস্থিত থাকি অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে এই কৰ্কট চিকিৎসা কেন্দ্ৰসমূহে অৰুণাচল প্ৰদেশৰ ৰাইজকো উপকৃত কৰিব বুলি মন্তব্য কৰে। তেওঁ লগতে অৰুণাচল প্ৰদেশৰ স্বাস্থ্যখণ্ডৰ বাবে ‘আৰোগ্য অৰুণাচল’ নামে এক আঁচনি মুকলি কৰিব বুলিও জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd