DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ স্বাৰ্থ বিঘ্নিত কৰিব বিচৰাসকলেহে সদনত চিঞৰ-বাখৰ কৰি আছে : প্ৰফুল্ল মহন্ত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 31, 2018 9:08 pm
Prafulla Kr Mahanta press meet

হোটেল ৰাজধানী ৰিজেন্সিত অসম আন্দোলন সংগ্ৰামী মঞ্চই আহ্বান কৰা এখন সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফটো : য়ু বি।

86
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতেই এই খচৰাত ৪০ লাখৰো অধিক লোকৰ নাম বাদ পৰা বিষয়টোক লৈ লোকসভা-ৰাজ্যসভাত একাংশ সাংসদে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশ সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

আজি ৩১ জুলাইত গুৱাহাটীৰ হোটেল ৰাজধানী ৰিজেন্সিত অসম আন্দোলন সংগ্ৰামী মঞ্চই আহ্বান কৰা এখন সংবাদমেলত মঞ্চৰ হৈ মহন্তই কয়, “অসমৰ স্বাৰ্থ বিঘ্নিত কৰিব বিচৰা সকলেহে এন আৰ চিক লৈ সদনত চিঞৰ-বাখৰ কৰি আছে। এন আৰ চিত প্ৰকৃত ভাৰতীয়ৰ নাম বাদ নপৰে। খচৰাত যিসকলৰ নাম বাদ পৰিছে, তেওঁলোকে ওজৰ-আপত্তিৰ বাবে সময় পাব। গতিকে ইয়াকে হৈ হুলস্থূল কৰাৰ কোনো প্ৰয়োজন নাই।”

মহন্তই লগতে অসম বিদ্বেষী মনোভাবৰ একাংশই এই প্ৰক্ৰিয়াটোত বিধি-পথালি দিয়াৰ বাবেহে এইবোৰ কৰি আছে বুলি মন্তব্য কৰে।

“অসমৰ ৰাইজে এন আৰ চিক মানি লৈছে, তেনে স্থলত অসমৰ বাহিৰত ইয়াৰ বিৰোধিতা কৰাৰ কোনো যুক্তি নাই। এন আৰ চিৰ প্ৰক্ৰিয়াটো কোনো ধৰ্ম, ভাষা বা জাতিৰ বিৰোধী নহয়।”, প্ৰফুল্ল কুমাৰ মহন্তই কয়।

ইপিনে, আজিৰ সংবাদমেলতেই ১৯৮০ চনৰ ১৮ জানুৱাৰিত সদৌ অসম ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল আৰু তাৰ পাছত একেটা বছৰৰে ২ ফেব্ৰুৱাৰিত তদানীন্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেতিয়াৰ আছু নেতৃত্বক আলোচনাৰ বাবে মাতিছিল বুলিও জানিবলৈ দিয়ে।

তেওঁ লগতে ১৯৮৬ চনত অগপৰ প্ৰথমটো কাৰ্যকালৰ সময়ত নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছিল যদিও তেতিয়া একাংশ জনগোষ্ঠীয় সংগঠনে ইয়াৰ আপত্তি দৰ্শাইছিল আৰু সেই সময়ত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰাও এই ক্ষেত্ৰত সহায় পোৱা নাছিল বুলি মন্তব্য কৰে।

একেদৰে ১৯৯৯ চনত অগপৰ দ্বিতীয়টো কাৰ্যকালত এন আৰ চি উন্নীতকৰণৰ কাম পুনৰ হাতত লোৱা বুলি জানিবলৈ দি প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই কয়, “সেইসময়ত কেন্দ্ৰীয় চৰকাৰে এন আৰ চি উন্নীতকৰণৰ বাবে মাত্ৰ ২০ লাখ টকা দিছিল আৰু ইমান কম পৰিমাণৰ টকাৰে এই কাম কৰাটো সম্ভৱ নাছিল।”

তেওঁ লগতে নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টো আতি গুৰুত্ব সহকাৰে লোৱা বাবে উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনায়।

একেখন সংবাদমেলতে তেওঁ নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰোধিতা কৰি কয় যে এই বিধেয়ক ‘অসম চুক্তি’ৰ মূল উদ্দেশ্যৰেই পৰিপন্থী। তেওঁ লগতে যুটীয়া সংসদীয় সমিতিক দিয়া স্মাৰক পত্ৰসমূহৰ উচিত বিবেচনাৰ আহ্বান জনায়।

ইয়াৰ উপৰি সকলো জাতীয় আৰু ৰাজনৈতিক দল-সংগঠন, বৌদ্ধিক মহলক বিধেয়কৰ বিৰুদ্ধে মাত মাতি যাবলৈ আহ্বান জনায়।

এই বিষয়ত অহা ৭ আগষ্টত অসম আন্দোলন সংগ্ৰামী মঞ্চই নতুন দিল্লীত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰিব বুলিও জানিবলৈ দিয়ে।

আনহাতে, এই সংবাদমেলতেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ হোৱাৰ পাছত চিনাক্ত হোৱা বিদেশীসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেয়া স্পষ্ট নোহোৱাক লৈও তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ কয়, “যোৱা বছৰ মই বাংলাদেশলৈ যাওঁতে বাংলাদেশৰ প্ৰধান মন্ত্ৰীৰ লগত হোৱা সাক্ষাতত তেওঁক এই বিষয়ে কৈছিলো। তেওঁ তেতিয়া ভাৰত চৰকাৰে বাংলাদেশক আনুষ্ঠানিকভাৱে এই বিষয়ে একো জনোৱা নাই বুলি জানিবলৈ দিছিল।”

তেওঁ লগতে ভাৰত চৰকাৰে বাংলাদেশৰ লগত এখন প্ৰত্যৰ্পণ চুক্তি শীঘ্ৰেই প্ৰণয়ন কৰাৰ প্ৰয়োজন বুলিও কয়।

Recent News

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd