• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ স্বাৰ্থ বিঘ্নিত কৰিব বিচৰাসকলেহে সদনত চিঞৰ-বাখৰ কৰি আছে : প্ৰফুল্ল মহন্ত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 31, 2018 9:08 pm
Prafulla Kr Mahanta press meet

হোটেল ৰাজধানী ৰিজেন্সিত অসম আন্দোলন সংগ্ৰামী মঞ্চই আহ্বান কৰা এখন সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতেই এই খচৰাত ৪০ লাখৰো অধিক লোকৰ নাম বাদ পৰা বিষয়টোক লৈ লোকসভা-ৰাজ্যসভাত একাংশ সাংসদে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশ সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

আজি ৩১ জুলাইত গুৱাহাটীৰ হোটেল ৰাজধানী ৰিজেন্সিত অসম আন্দোলন সংগ্ৰামী মঞ্চই আহ্বান কৰা এখন সংবাদমেলত মঞ্চৰ হৈ মহন্তই কয়, “অসমৰ স্বাৰ্থ বিঘ্নিত কৰিব বিচৰা সকলেহে এন আৰ চিক লৈ সদনত চিঞৰ-বাখৰ কৰি আছে। এন আৰ চিত প্ৰকৃত ভাৰতীয়ৰ নাম বাদ নপৰে। খচৰাত যিসকলৰ নাম বাদ পৰিছে, তেওঁলোকে ওজৰ-আপত্তিৰ বাবে সময় পাব। গতিকে ইয়াকে হৈ হুলস্থূল কৰাৰ কোনো প্ৰয়োজন নাই।”

Apply Now

মহন্তই লগতে অসম বিদ্বেষী মনোভাবৰ একাংশই এই প্ৰক্ৰিয়াটোত বিধি-পথালি দিয়াৰ বাবেহে এইবোৰ কৰি আছে বুলি মন্তব্য কৰে।

“অসমৰ ৰাইজে এন আৰ চিক মানি লৈছে, তেনে স্থলত অসমৰ বাহিৰত ইয়াৰ বিৰোধিতা কৰাৰ কোনো যুক্তি নাই। এন আৰ চিৰ প্ৰক্ৰিয়াটো কোনো ধৰ্ম, ভাষা বা জাতিৰ বিৰোধী নহয়।”, প্ৰফুল্ল কুমাৰ মহন্তই কয়।

ইপিনে, আজিৰ সংবাদমেলতেই ১৯৮০ চনৰ ১৮ জানুৱাৰিত সদৌ অসম ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল আৰু তাৰ পাছত একেটা বছৰৰে ২ ফেব্ৰুৱাৰিত তদানীন্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেতিয়াৰ আছু নেতৃত্বক আলোচনাৰ বাবে মাতিছিল বুলিও জানিবলৈ দিয়ে।

তেওঁ লগতে ১৯৮৬ চনত অগপৰ প্ৰথমটো কাৰ্যকালৰ সময়ত নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছিল যদিও তেতিয়া একাংশ জনগোষ্ঠীয় সংগঠনে ইয়াৰ আপত্তি দৰ্শাইছিল আৰু সেই সময়ত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰাও এই ক্ষেত্ৰত সহায় পোৱা নাছিল বুলি মন্তব্য কৰে।

একেদৰে ১৯৯৯ চনত অগপৰ দ্বিতীয়টো কাৰ্যকালত এন আৰ চি উন্নীতকৰণৰ কাম পুনৰ হাতত লোৱা বুলি জানিবলৈ দি প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই কয়, “সেইসময়ত কেন্দ্ৰীয় চৰকাৰে এন আৰ চি উন্নীতকৰণৰ বাবে মাত্ৰ ২০ লাখ টকা দিছিল আৰু ইমান কম পৰিমাণৰ টকাৰে এই কাম কৰাটো সম্ভৱ নাছিল।”

তেওঁ লগতে নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টো আতি গুৰুত্ব সহকাৰে লোৱা বাবে উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনায়।

একেখন সংবাদমেলতে তেওঁ নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰোধিতা কৰি কয় যে এই বিধেয়ক ‘অসম চুক্তি’ৰ মূল উদ্দেশ্যৰেই পৰিপন্থী। তেওঁ লগতে যুটীয়া সংসদীয় সমিতিক দিয়া স্মাৰক পত্ৰসমূহৰ উচিত বিবেচনাৰ আহ্বান জনায়।

ইয়াৰ উপৰি সকলো জাতীয় আৰু ৰাজনৈতিক দল-সংগঠন, বৌদ্ধিক মহলক বিধেয়কৰ বিৰুদ্ধে মাত মাতি যাবলৈ আহ্বান জনায়।

এই বিষয়ত অহা ৭ আগষ্টত অসম আন্দোলন সংগ্ৰামী মঞ্চই নতুন দিল্লীত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰিব বুলিও জানিবলৈ দিয়ে।

আনহাতে, এই সংবাদমেলতেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ হোৱাৰ পাছত চিনাক্ত হোৱা বিদেশীসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেয়া স্পষ্ট নোহোৱাক লৈও তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ কয়, “যোৱা বছৰ মই বাংলাদেশলৈ যাওঁতে বাংলাদেশৰ প্ৰধান মন্ত্ৰীৰ লগত হোৱা সাক্ষাতত তেওঁক এই বিষয়ে কৈছিলো। তেওঁ তেতিয়া ভাৰত চৰকাৰে বাংলাদেশক আনুষ্ঠানিকভাৱে এই বিষয়ে একো জনোৱা নাই বুলি জানিবলৈ দিছিল।”

তেওঁ লগতে ভাৰত চৰকাৰে বাংলাদেশৰ লগত এখন প্ৰত্যৰ্পণ চুক্তি শীঘ্ৰেই প্ৰণয়ন কৰাৰ প্ৰয়োজন বুলিও কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

August 4, 2026 10:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd