• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম আন্দোলনৰ ৪০ বছৰ : ৰূপায়ণ নোহোৱা বাবে কেন্দ্ৰৰ নীতিক দোষাৰোপ প্ৰফুল্ল কুমাৰ মহন্তৰ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , June 8, 2018 7:19 pm

2 min read

অসম আন্দোলনৰ ৪০ বছৰ : ৰূপায়ণ নোহোৱা বাবে কেন্দ্ৰৰ নীতিক দোষাৰোপ প্ৰফুল্ল কুমাৰ মহন্তৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৮ জুনত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম আন্দোলন সংগ্ৰামী মঞ্চৰ মেঘদূত ভৱন যাত্ৰা।

101
VIEWS
Share on FacebookShare on Twitter

“অসম আন্দোলন আৰম্ভ হোৱা আজি ৪০ বছৰ হ’ল, এই ৪০ বছৰ সময় আমাৰ হাতেদি ওলাই গ’ল। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সোপা-ঢিলা নীতিৰ কাৰণেই অসম চুক্তি বাস্তৱত ৰূপায়িত হ’ব পৰা নাই।”

শুকুৰবাৰে অসম আন্দোলন সংগ্ৰামী মঞ্চৰ উদ্যোগত মেঘদূত ভৱন যাত্ৰাৰ আৰম্ভণিতে ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

উল্লেখযোগ্য যে শুকুৰবাৰে অসম আন্দোলন সংগ্ৰামী মঞ্চই সংকটত পৰা অসমীয়া বৃহত্তৰ জাতিটোক ৰক্ষা কৰাৰ হেতুকে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ দাবীত লক্ষীধৰ বৰা ক্ষেত্ৰৰ পৰা মেঘদূত ভৱনলৈ যাত্ৰা আৰম্ভ কৰে।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নাগৰিকত্ব আইন সংশোধনৰ জৰিয়তে অসমক বাহিৰৰ বোজা জাপি দিয়াৰ প্ৰক্ৰিয়াটো তেওঁলোকে সদায় বিৰোধিতা কৰি যাব।

আনহাতে এই কাৰ্য্যসূচীত উপস্থিত থকা অসম আন্দোলনত অগ্ৰণী ভূমিকা পালন কৰা নেতা বিৰাজ শৰ্মায়ো ভাষণ প্ৰসংগত বিজেপি চৰকাৰৰ নাগৰিকত্ব আইন সংশোধনীৰ সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰে।

“অসমখনে বৰ্তমানলৈকে আন্দোলন নকৰাকৈ একো বস্তুৱেই পোৱা নাই” বুলি কৈ শৰ্মাই কয়, “আমি আন্দোলন কৰিব লাগিব। যিখন বিধেয়ক সংসদত আনিব বিচাৰিছে, সেইখন যাতে বাতিল হৈ যায় তাৰ কাৰণে আন্দোলন কৰি যাব লাগিব।”

ইয়াৰোপৰি অসম আন্দোলনৰ আৰম্ভণিৰ সময়ছোৱাত তেওঁ গণ সংগ্ৰাম পৰিষদৰ আহ্বায়ক আছিল বুলি সদৰী কৰি লগতে কয় ‘লক্ষীধৰ বৰা ক্ষেত্ৰৰ কাষতে থকা সাহিত্য সভাৰ ভৱনৰ পৰাই অসম আন্দোলনৰ পৰিচালনা হৈছিল। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথম কাৰ্য্যালয় আছিল গুৱাহাটী বিশ্ববিদ্যালয় আৰু দ্বিতীয় কাৰ্য্যালয় আছিল কটন মহাবিদ্যালয়। গণ সংগ্ৰাম পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যৌথ আন্দোলন এসময়ত সফল হৈছিল।”

এই বিধেয়কখনে উত্তৰ-পূৰ্বাঞ্চলক প্ৰচুৰ ক্ষতি কৰিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয়, “মেঘালয় আৰু নাগালেণ্ড চৰকাৰে ইতিমধ্যে এই বিধেয়কখনৰ বিৰোধিতা কৰি দেখুৱালে। আশা কৰিছো উত্তৰ-পূবৰ সকলো ৰাজ্যই এই বিধেয়কখনৰ বিৰোধিতা কৰিব আৰু আমিও হেঁচা প্ৰয়োগ কৰি হ’লেও এই বিলখন বাতিল কৰাব লাগিব।”

প্ৰফুল্ল কুমাৰ নেতৃত্বত অনুষ্ঠিত এই মেঘদূত ভৱন যাত্ৰা কাৰ্য্যসূচীত সদৌ অসম গৰীয়া-মৰীয়া যুৱ ছাত্ৰ পৰিষদ, নাগৰিকত্ব সংশোধনী বিৰোধী মঞ্চৰ তৰফৰ পৰা জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত, অসম আন্দোলন সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক কুমাৰ দীপক দাসকে মুখ্য কৰি প্ৰায় ৫ শতাধিক লোকে অংশগ্ৰহণ কৰে।

প্ৰতিবাদী সমদলৰ অন্তত মেঘদূত ভৱনস্থিত ডাকঘৰৰ পৰা ভাৰতৰ প্ৰধান মন্ত্ৰী,  ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰত্যেক ৰাজ্যৰ ৰাজ্যপাল, মুখ্য মন্ত্ৰীসকললৈ আৰু সাংসদলৈ ডাকযোগে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিল কৰাৰ বাবে আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰে।

Recent News

Imran-1

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ পৌৰাণিক কীৰ্তি চিহ্নলৈ

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd