• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম আৰক্ষীৰ আক্ৰমণৰ বলি হোৱা মিজো সাংবাদিকৰপৰা আৰক্ষীয়ে ক্ষমা মগা উচিত : মিজোৰাম সাংবাদিক সংস্থা

NE NOW NEWS সংযুৱালা মাৰ
আইজল , March 8, 2018 10:36 pm

2 min read

assam police lathicharge in mizoram-assam border

ঘটনাথলীত অসম আৰক্ষী

86
VIEWS
Share on FacebookShare on Twitter

মিজোৰাম সাংবাদিক সংস্থাই বৃহস্পতিবাৰে অসম আৰক্ষীৰ আক্ৰমণৰ বলি হোৱা মিজো সাংবাদিক কেইজনৰপৰা অসম আৰক্ষীয়ে ক্ষমা মাগিব লাগে বুলি বিবৃতি প্ৰকাশ কৰিছে।

অসম সীমান্তৰ কাষৰীয়া মিজোৰামৰ বাইৰাবি চহৰৰ ওচৰৰ বিবদমান এলেকাত বৃহস্পতিবাৰে মিজো ছাত্ৰ সংস্থাই আজি পুৱা এটা জিৰণি চ’ৰা নিৰ্মাণ কৰিবলে চেষ্টা কৰোঁতে অসম আৰক্ষীয়ে বাধা প্ৰদান কৰি লাঠীচালনা কৰোঁতে আন লোকৰ লগতে দুজন সাংবাদিকো আহত হৈছিল।

সাংবাদিকসকলে পৰিচয় পত্ৰ দেখুওৱাৰ সত্বেও অসম আৰক্ষীয়ে তেওঁলোকক আক্ৰমণ কৰে বুলি অভিযোগ কৰি মিজো সাংবাদিক সংস্থাটোৱে কয় যে সাংবাদিকৰ ওপৰত হোৱা এই আক্ৰমণ কোনো কাৰণতে মানি ল’ব নোৱাৰি।

ঘটনাথলীত উপস্থিত থকা মিজো সাংবাদিক এম এচ দংলিয়ানাই কয়, ‘অসমৰ জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু জিলা দণ্ডাধীশগৰাকী ঘটনাথলীত উপস্থিত আছিল, কিন্তু সাংবাদিকসকলক আক্ৰমণৰ সময়ত তেওঁলোকে একো ব্যৱস্থা নল’লে।’

সকলো মিজো সাংবাদিক সংস্থাৰ উমৈহতীয়া সংগঠন মিজোৰাম সাংবাদিক সংস্থা (Mizoram Journalists’ Association)ৰ কলাচিব জিলা সমিতিয়ে ঘটনাথলীত থকা সাংবাদিকসকলৰ বাহনসমূহো অসম আৰক্ষীয়ে আক্ৰমণ কৰিছিল বুলি কৈছে।

আহতসকলৰ ভিতৰত মিজোৰাম সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক, দৈনিক কাকত ‘আইজল প’স্ত’ৰ যুটীয়া সম্পাদক জহমিংমাৱিয়া আৰু ‘দুহলাই’ কাকতৰ যুটীয়া সম্পাদক আৰ লালনুনৱাইয়াও আছিল।

আহত সাংবাদিক কেইজনক বাইৰাবি ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰাৰ পিছত কলাচিবৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

মিজোৰাম সাংবাদিক সংস্থাৰ বিবৃতিটোত কোৱা হৈছে ‘সীমা বিবাদক লৈ মিজোৰাম সাংবাদিক সংস্থাৰ ক’ব লগা নাই। সংস্থাই বিশ্বাস কৰে যে দুয়ো ৰাজ্যৰ চৰকাৰে এক গ্ৰহণযোগ্য সমাধান উলিয়াব। কিন্তু এই আক্ৰমণৰ আমি তীব্ৰ গৰিহণা দিছো আৰু অসম আৰক্ষীৰ পৰা যথাযোগ্য প্ৰতিক্ৰিয়া দাবী কৰিছো। সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সাংবাদিকৰ ওপৰত আক্ৰমণ কোনো কাৰণতে কৈফিয়ৎসাধ্য নহয়।’

সংগঠনটোৰ কলাচিব জিলাৰ সভাপতি মাংহাকাই কয়, ‘সাক্ষী হোৱা আৰু ৰাইজৰ বাবে সংবাদ পৰিৱেশন কৰাটো সাংবাদিক হিচাপে আমাৰ দায়িত্ব।’

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd