অসম চেম্বাৰ অব কমাৰ্চৰ ধৰ্ণা-প্ৰতিবাদত উত্তাল গুৱাহাটী

WhatsApp Image 2018-07-02 at 1.46.01 PM

সোমবাৰে গুৱাহাটীৰ খ্ৰীষ্টান বস্তিত অসম চেম্বাৰ অব কমাৰ্চ আৰু  CAIT (Confederation of All India Traders)ৰ উদ্যোগত যৌথভাৱে চাৰিটা মুল গুৰুত্বপুৰ্ণ দাবী আগত ৰাখি এক ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে।

উল্লেখ্য যে কালিৰ দিনটোত গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন জিলাত থকা অসম চেম্বাৰ অব কমাৰ্চৰ জিলা সদৰ কাৰ্যালয়তো এই ধৰ্ণা কাৰ্যসুচী গ্ৰহণ কৰা হয়।

অসমৰ লগতে ভাৰতবৰ্ষৰ অন্য ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলতো CAIT আৰু সেই ৰাজ্য বিলাকৰ বাণিজ্যিক সংগঠনৰ যৌথ সহযোগত এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হয়।

এই ধৰ্ণা কাৰ্যসূচীত প্ৰধানকৈ ৱালমাৰ্টৰ দ্বাৰা ফ্লিপকাৰ্টৰ অধিগ্ৰহণৰ বিৰোধীতা, জি এছ টি ৰ সৰলীকৰণ, ব্যক্তিগত আয়কৰৰ নিৰ্মূলকৰণ আৰু ব্যৱসায়ীসকলৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।

ধৰ্ণাৰ শেষত অসম চেম্বাৰ অব কমাৰ্চৰ এটা সজাতি দলে দুখন স্মাৰক প্ৰত্ৰ পৃথক ভাৱে অসমৰ মুখ্য মন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰদান কৰে।

এই ধৰ্ণা কাৰ্যসূচীত অসম চেম্বাৰ অব কমাৰ্চৰ গুৱাহাটী জিলা সমিতিৰ সদস্য সকলৰ উপৰি বিভিন্ন দল সংগঠনৰ শতাধিক ব্যক্তিয়ে অংশগ্ৰহন কৰে। পৰৱৰ্তী সময়ত যদিহে এই দাবী সমূহ পূৰণ নকৰে তেন্তে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি যাব বুলি প্ৰেছ বিজ্ঞিপ্তি যোগে প্ৰকাশ কৰিছে।