• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম পৰ্যটন বিভাগে শীঘ্ৰেই টিপামত নিৰ্মাণ কৰিব চুক্যাফাৰ প্ৰতিমূৰ্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2018 8:41 am
bhadoi1
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক টিপাম পাহাৰক অসম পৰ্যটন বিভাগে পৰ্যটন উদ্যোগৰ অধীনত অন্তৰ্ভুক্ত কৰিছে। শেহতীয়াকৈ টিপামৰ প্ৰতি চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। ২০১৭ বৰ্ষত টিপামত চৰকাৰীভাৱে অসম দিৱস পালন কৰি এই ঐতিহাসিক ঠাইখনক অসমত পৰিচিত কৰি তোলা হৈছিল। তেতিয়াৰে পৰা অসমৰ মানচিত্রত টিপামক পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰাৰ প্ৰচেষ্টা এটা আৰম্ভ হৈছিল।

‘টিপাম চ্যুাকাফা পৰ্যটন প্ৰকল্প’ সমিতিয়ে বহুদিনৰ পৰাই এইক্ষেত্ৰত আগভাগ লৈ আহিছে। টিপামৰ পৰ্যটন প্ৰকল্প হিচাবে গঢ়ি তুলিব পৰাকৈ যি সমল আছে তাৰ সবিশেষ দাঙি ধৰি প্ৰকল্প সমিতিখনে অসমৰ মুখ্যমন্ত্রীক এখনি স্মাৰক-পত্র প্ৰদান কৰি‌ছ‌িল।

Apply Now

চৰকাৰে আলি-পদূলি, ক্ষেত্র পৰিদৰ্শনৰ কাম ইতিমধ্যেই সম্পন্ন কৰাৰ লগতে যোৱা ১৮ মে’ৰ দিনা প্ৰকল্প সমিতিৰ ইদুল গগৈ, টুপিধৰ চাংমাই, প্ৰদীপ কোঁৱৰ, কান্তেশ্বৰ গগৈ, ৰনজিত গগৈ, মানস প্ৰতীম গগৈৰ সহযোগত ডিব্ৰুগড়ত গড়কাপ্তানী বিভাগৰ (গৃহ) কনিষ্ঠ অভিযন্তা আনন্দ শইকীয়াই টিপামৰ ক্ষেত্র পৰিদৰ্শন কৰে।

টিপামত দুখনকৈ আটকধুনীয়া তোৰণ, চকমক টিলাত চ্যুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণ, অতিথিশালা ভৱনৰ কাম অচিৰেই আৰম্ভ হোৱাৰ পথত।

টিপামক আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী বুলি কোৱা হয়। দীৰ্ঘদিন ধৰি টিপাম অৱহেলিত হৈ থকাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে। টিপাম, নাহৰকটীয়া , জয়পুৰ, ভাদৈ পাঁচআলি আদি বৃহৎ অঞ্চলত জাতিৰ জনক চাওল্যুং চুকাফাৰ বহুতো ঐতিহাসিক সমল উপযুক্ত সংৰক্ষণৰ অভাৱত অনাদৃত হৈ থকাৰ বাতৰিও সময়ে সময়ে প্ৰকাশ পাই আহিছে।

ঐতিহাসিকভাৱে টিপামৰ নাম ১২২৮ খ্ৰীষ্টাব্দৰ পৰাই লিপিবদ্ধ হৈ আছে। আহোমৰ প্ৰবাদ পুৰুষ চাওল্যুং চুকাফাই চীন দেশ ত্যাগ কৰি এখন নতুন ৰাজ্যৰ সপোন বুকুত বান্ধি ১৫ বছৰ কাল বিভিন্ন ঠাই ঘূৰি ফুৰিছিল। তাৰ পাছত পাটকাই পাৰ হৈ বুঢ়ীদিহিঙৰ উত্তৰ পাৰৰ টিপাম দেওশালী পাহাৰৰ সুউচ্চ টিলা চকমকত উপস্থিত হৈ তিনি বছৰ কাল টিপামত থাকি আহোম ৰাজ্যৰ পাতনি মেলিছিল।

উপযুক্ত আন্তঃগাঁথনি,উন্নত যোগাযোগ ব্যৱস্থা, উপযুক্ত সুৰক্ষা, বাট-পথৰ ক্ষিপ্ৰ উন্নয়ন, থকা-খোৱাৰ ব্যৱস্থা, উন্নত সেৱা আদিৰ চৰকাৰে ব্যৱস্থা কৰিলে দেশৰ মানচিত্রত নাহৰকটীয়াৰ টিপাম পৰ্যটকৰ বাবে অন্যতম আৰ্কষণীয় কেন্দৰ হিচাবে চিহ্নিত হোৱাৰ থল আছে।

অতি আকৰ্ষণীয় প্ৰাকৃতিক শোভা, ঐতিহাসিক কীৰ্তিচিহ্ন আৰু মঠ -মন্দিৰ, নামঘৰ আদি পৰিদৰ্শন কৰিব পৰাকৈ বৃহৎ অঞ্চলটোত এই সকলোবোৰ আছে। পৰ্যটকসকলে অভয়াৰণ্য দৰ্শন, গ্ৰামাঞ্চল ভ্ৰমণ, বন্যপ্ৰাণী চাবলৈ ভ্ৰমণ কৰিব পৰাকৈ দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য, জয়পুৰ বৰ্ষাৰণ্য টিপামৰ গাতে লাগি আছে। অসমৰ এক অন্যতম পৰ্যটনস্থলী হিচাপে টিপামক গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ দৃষ্টি দিয়াটো সকলোৱে বিচাৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm
ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm
মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

June 21, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd