• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসম মোৰ দ্বিতীয় মাতৃভূমি; অসমৰ মানুহৰ মৰমৰ বাবেই অসমলৈ আহিলেও ঘৰলৈ অহা যেনেই অনুভৱ হয় : পুনম মহাজন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 5, 2018 7:58 pm
punam mahajan
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আঠ বছৰ ধৰি অসমলৈ আহি আছোঁ, মই মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰিছিলো যদিও  অসম মোৰ দ্বিতীয় মাতৃভূমি। অসমৰ মানুহে মোক ইমানেই মৰম দিয়ে যে মুম্বাইৰ পৰা অসমলৈ অহাৰ সময়তো মোৰ এনে লাগে যেন মই ঘৰলৈকে পুনৰ আহিছো।”

আজি ভাৰতীয় জনতা যুব মৰ্চা, অসম প্ৰদেশৰৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত যুৱ প্ৰৱাহ লক্ষ্য ২০১৯-ত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় অধ্যক্ষা পুনম মহাজনে।

Apply Now

এসময়ৰ বিজেপিৰ  প্ৰভাৱশালী নেতা অৰ্থ্যাৎ পুনমৰ পিতৃ প্ৰমোদ মহাজনৰ অসমত বিজেপিক জয়ী কৰাটো এক সপোন আছিল বুলি মন্তব্য কৰি পুনম মহাজনে কয়, “অসমত বিজেপি চৰকাৰ আহিল যদিও প্ৰমোদ মহাজনে সেইটো দেখিবলৈ নাপালে। তেওঁৰ জীয়েক হিচাপে সেই সপোন পূৰা হোৱাটো দেখিবলৈ পাই মই সৌভাগ্যশালী বুলি ভাবো।”

আনহাতে বিজেপি জনতা যুৱ মৰ্চাৰ অধ্যক্ষাগৰাকীয়ে আজি এই যুৱ প্ৰৱাহ অনুষ্ঠানটো ২০১৯-ৰ লোকসভা নিৰ্বাচনী মিশ্যনৰ এক আৰম্ভণি বুলি সদৰী কৰে।

প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ জ্যেষ্ঠ নেতা অতলবিহাৰী বাজপেয়ীয়ে ৮০ দশকত সমগ্ৰ ভাৰততে পদুম ফুলিব বুলি আশা কৰিছিল বুলি কৈ পুনমে কয় যে পশ্চিমত আন্ধাৰ আগতেই আঁতৰিল, কমলো ফুলিল, কিন্তু পূবত প্ৰথমে অসমত সূৰ্য্য উদয় হৈ কমল ফুলিল। ভাৰতৰ ৭০ শতাংশ ৰাজ্যতে এতিয়া বিজেপিৰ দখলত আছে বুলিও বিজেপিৰ নেত্ৰীগৰাকীয়ে কয়।

ত্ৰিপুৰাত বিজেপি দল জয়ী হৈ চৰকাৰ গঠন কৰাৰ পিছত কালি এক সভাত ভাগ লৈ পুনম মহাজনে ভাষণ প্ৰসংগত কোৱা কথাৰ পুনৰ উল্লেখ কৰি কয়, “চৰকাৰ আমি অতি কষ্ট কৰি আনিলো, কিন্তু চৰকাৰ চলাই নিয়াটোহে বহু কষ্টকৰ কাম। যদি ৰাইজৰ হকে কাম কৰি যায় তেন্তে নিশ্চয় ৫ বছৰ চৰকাৰ চলোৱাত মুস্কিল নহ’ব।”

তাৎপৰ্য্যপূৰ্ণ কথা যে সমগ্ৰ দেশৰ ভিতৰত অসমত বিজেপি যুৱ মৰ্চাত যুৱতীৰ সংখ্যা সৰ্বাধিক বুলি পুনম মহাজনে উল্লেখ কৰে। ইয়াত পুৰুষ-মহিলাৰ লিংগ বৈষম্য নাই। যুৱক-যুৱতী সকলোৱে সমানে ওলাই আহিছে, তাৰ বাবে তেওঁ অত্যন্ত সুখী।

“কংগ্ৰেছৰ লুক ইষ্ট পলিচিক লুক এক্ট পলিচী কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে বহুতো পদক্ষেপ লৈছে। চৰকাৰৰ আঁচনিসমূহ জনসাধাৰণক চিনা-পৰিচয় কৰাই দিয়াটো আমাৰ কৰ্তব্য। ইয়াৰ দায়িত্ব কেৱল সোণোৱাল আৰু তেওঁৰ মন্ত্ৰীসকলৰ নহয়। নিৰ্বাচনৰ পূৰ্বে আমি জনতাৰ ঘৰে ঘৰে গৈ কৈছিলো যে যি প্ৰকাৰে গগৈ চৰকাৰে কৰা দুৰ্নীতি, ৰাস্তা-ঘাট নিৰ্মাণ নকৰাৰ কথা কৈছিলো, এতিয়া জনসাধাৰণক আমি বিশ্বাস দিব লাগিব যে আমি অসমৰ বাবে উন্নয়নমূলক কামবোৰ কৰিছো। তেতিয়াহে ৫ বছৰৰ পিছত ভোট বিচাৰি গ’লে মানুহে আমাক বিশ্বাসত ল’ব, মানুহক বিশ্বাস দিব পৰাটো যুৱক-যুবতীসকলৰ দায়িত্ব।” পুনমে কয়।

আনহাতে যোৱা দুটা বছৰে গুৱাহাটীৰ আমূল পৰিৱৰ্তন হোৱা বুলি প্ৰশংসা কৰি কয়, “মই যেতিয়া ২০১০ চনত অসমলৈ আহিছিলো তেতিয়া বিমানবন্দৰৰ পৰা গুৱাহাটী পাবলৈ এক ঘণ্টা সময় লাগিছিল। কিন্তু আজি মই গাড়ীৰে আহি থাকোঁতে দেখিলো যে যোৱা দুটা বছৰত ৰাস্তা-ঘাটৰ আমূল পৰিৱৰ্তন হৈছে।”

উল্লেখযোগ্য যে সভাত পুনমে ধন, জ্ঞান, বিশ্বাসৰ ভিতৰত বিশ্বাস আটাইতকৈ শ্ৰেষ্ঠ বুলি সভাত উপস্থিত সকলোকে এটা সাধুৰ মাধ্যমেৰে বুজাই দিয়ে। তেওঁৰ মতে ধন বেংক, মন্দিৰ অথবা মানুহৰ মানিবেগত থাকে, জ্ঞান বিদ্যালয়-মহাবিদ্যালয় আৰু গুৰুকুলত থাকে আৰু বিশ্বাস এবাৰ আঁতৰি গ’লে ইয়াক ক’তো বিচাৰি পোৱা নাযায়।

ইয়াৰ অৰ্থ বাখ্যা কৰি পুনমে কয় যে অসমৰ মানুহৰো যদি বিজেপিৰ প্ৰতি বিশ্বাস ভাগি যায় তেন্তে সেই বিশ্বাস কেতিয়াও ঘূৰাই নাপায়। যদি বিজেপিৰ কাৰ্য্যকৰ্তা বিশ্বাস দিয়াৰ পৰা দূৰত ৰৈ যায়, তেন্তে সেইজন কেতিয়াও বিজেপিৰ যুব মৰ্চাৰ কাৰ্য্যকৰ্তা হৈ থাকিব নোৱাৰে। কংগ্ৰেছৰ কাৰ্য্যকৰ্তায়ো তেনেকৈ বিশ্বাস ভংগ কৰিছিল। কংগ্ৰেছে যোৱা ১৫ বছৰে অসমৰ জনসাধাৰণক নেতিবাচক তথা ঋণাত্মক দিশবোৰ দেখুৱাই থৈ গ’ল। মানুহৰ এই ঋণাত্মক মনোবৃত্তি নাইকিয়া কৰাটো ভাৰতীয় জনতা পাৰ্টীৰ যুৱ কাৰ্য্যকৰ্তাসকলৰ দায়িত্ব। যেতিয়া এটা এটা বুথত ৩০ গৰাকী যুৱ কাৰ্য্যকৰ্তা থাকিব তেতিয়া সেইসকলৰ কৰ্তব্য হ’ব নিজৰ নিজৰ বুথত গৈ চৰকাৰৰ বিভিন্ন যোজনা-আঁচনিসমূহ ৰাইজক অৱগত কৰোৱা।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd