অসামৰিক সেৱাৰ প্ৰশিক্ষণ শ্ৰেণীৰ আসন বৃদ্ধি কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে

Gauhati-University-Assam-570x320

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ তোৰণ

গুৱাহাটী বিশ্ববিদ্যালয়ে চলিত মাহৰ শেহৰ পিনে আৰম্ভ হ’বলগীয়া দ্বিতীয়টো বৃত্তিমূলক বৰ্ষৰ অসামৰিক সেৱাৰ প্ৰশিক্ষণৰ শ্ৰেণীসমূহত আসনৰ সংখ্যা বৃদ্ধি কৰিব।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক-পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰৰ উপ সঞ্চালক সঞ্জয় কুমাৰ দত্তই কয় যে কেন্দ্ৰটোৱে এইবাৰ অসমাৰিক সেৱাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে আসনৰ সংখ্যা ৫০ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

‘’যোৱা বছৰ মুঠ আসনৰ সংখ্যা আছিল প্ৰায় ১৮। এইবাৰ প্ৰায় ২৫ খন আসন গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়মীয়া স্নাতকোত্তৰ আৰু ইয়াৰ গৱেষক ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত কৰা হ’ব। প্ৰশিক্ষণৰ শ্ৰেণীবোৰ অহা ৩০ এপ্ৰিলৰ পৰা আৰম্ভ কৰা হ’ব,’’-দত্তই কয়।

যোৱা ১৮ এপ্ৰিলত জাৰি কৰা এখন জাননীত কোৱা হৈছে যে নামভৰ্তিৰ ক্ষেত্ৰত আগতীয়াকৈ অহাসকলক অগ্ৰাধিকাৰ ভিত্তিত সুবিধা দিয়া হ’ব।

প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৫,০০০ টকা আৰু বাহিৰৰ প্ৰাৰ্থীৰ বাবে ৭,০০০ টকা মাচুল ধাৰ্য কৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২৫এপ্ৰিলৰ ভিতৰত আৱেদন কৰিব পাৰে।

‘’গুৱাহাটী বিশ্ববিদ্যালয়ৰ আই এ এছ কোচিং চেন্টাৰক ১৯৮৬ চনত প্ৰাক্-পৰীক্ষা প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে নতুনকৈ নামকৰণ কৰা হয়। আশী আৰু নব্বৈৰ দশকত  উৎসাহজনক ফলাফল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হোৱা সত্ত্বেও কেন্দ্ৰটোৱে বহুদিন ধৰি নিষ্ক্ৰিয় হৈ আছিল। মাথোঁ যোৱা বছৰৰ পৰাহে আমি অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে বৃত্তিধাৰী প্ৰশিক্ষক আমন্ত্ৰণ কৰা আৰম্ভ কৰিছিলো।‘’

যোৱা বছৰৰ প্ৰশিক্ষাৰ্থীৰ দলটোৰ এগৰাকী প্ৰাৰ্থী কৃষ্ণ দাসে ইউ পি এছ চিৰ মেইন পৰীক্ষা উত্তীৰ্ণ হৈছে আৰু পাৰ্ছনেলিটি টেষ্টৰ ফলাফললৈ অপেক্ষা কৰিছে। তেওঁ বৰ্তমান বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ।

২০১৭ বৰ্ষৰ প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেন্দ্ৰটোৱে আই আই টি ষ্টাৰ্ট আপৰ এনাৰ্জি চল্যুশ্যনক আমন্ত্ৰণ কৰি আনিছিল।