• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অস্ত্ৰৰ ঠাইত এতিয়া স্ক্ৰু-ড্ৰাইভাৰ, টায়াৰ-টিউবৰ লগত দিন-ৰাতি পাৰ হয় প্ৰাক্তন আলফা ৰাজু ডেকাৰ

NE NOW NEWS মিন্টূ দাস
নগাঁও , June 3, 2018 9:37 pm

1 min read

ad4c8198-eec4-4c0c-9510-05955b8c7c89
111
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ অতিব্যস্ত ডিমৌ চাৰিআলিৰ এখন মটৰ চাইকেল মেৰামতি কৰা দোকান। নাম ‘ডেকা অ’টোমবাইলছ’। স্থানীয় তথা সমীপৱৰ্তী অঞ্চলতো খুবেই পৰিচিত এই দোকানখন। কিয়নো এই দোকানখনত কৰ্মৰত ৰাজু ডেকা নামৰ লোকজন এজন প্ৰাক্তন আলফা সদস্য।

শৈশৱৰে পৰা মনত পুহি ৰখা এটা বিপ্লৱী সত্তাৰ বাবেই ১৯৯০ চনত ডেকাই যোগদান কৰিছিল ‘সংযুক্ত মুক্তি বাহিনী’ অসম চমুকৈ আলফাত। সংগঠনৰ কামত দেশে বিদেশে ঘূৰি, হাতত অস্ত্ৰ লৈ সংগ্ৰাম চলাইছিল প্ৰায় ১০ বছৰ কাল। পিছে ২০০০ চনত ডেকাই মূলসুঁতিলৈ ঘূৰি অহাৰ সিদ্ধান্ত লৈ নগাঁৱত তেতিয়াৰ মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ উপস্থিতিত ৰাজহুৱাভাৱে কৰিলে অস্ত্ৰ সম্বৰণ।

আত্মসমৰ্পণ কৰাৰ পাছৰে পৰাই তেওঁ আৰম্ভ কৰিলে কৰ্ম বিপ্লৱ। প্ৰথম পাঁ‌চটাকৈ বছৰ গাড়ী চালক ৰূপে আৰু পৰৱৰ্তী দুটা বছৰ নগাঁও চহৰৰ এটা গেৰেজত কাম কৰি বিগত ২০০৭ চনৰ পৰা নিজাববীয়াকৈ ঘৰতে এটা গেৰেজ খুলি চলাই গৈছে জীৱন-জীৱিকাৰ সংগ্ৰাম।

6134c926-d832-44c1-b291-6b800965f616

আন দহজনৰ দৰে ইজি মানিৰ পিছত নদৌৰি  তথা কামৰ সৰু বৰ বিচাৰ নকৰি ডেকাই অবিৰতভাৱে অব্যাহত ৰাখিছে মটৰ চাইকেল মেৰামতিৰ কাম। অস্ত্ৰ বিপ্লৱ পৰিহাৰ কৰি আজিৰ ডেকাক কৰ্ম বিপ্লৱেৰে সমাজত প্ৰতিষ্ঠিত হ’বলৈ আহ্বান ৰাজু ডেকাৰ।

উল্লেখ্য যে, ডেকাই মটৰ মেকানিকৰূপে কৰা উপাৰ্জনেৰে বৰ্তমান সুকলমে চলাই গৈছে তেওঁৰ চাৰিজনীয়া পৰিয়ালটো। ডেকাৰ এই প্ৰশংসনীয় কৰ্মই সমাজলৈ যেন দি গৈছে বিপ্লৱী মনৰ এক নতুন সূত্ৰ।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd