DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰণ্যৰ অবাধ ধ্বংসই বৃদ্ধি কৰিছে হাতী-মানুহৰ সংঘাত : বন মন্ত্ৰী

চাজিদ খান by চাজিদ খান
April 11, 2018 6:09 pm
Cheque
324
VIEWS
Share on FacebookShare on Twitter

অৰণ্যৰ পৰিসৰ ক্ৰমাৎ কমি অহাৰ সমান্তৰালভাৱে বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ অন্তৰ্গত ওদালগুৰি জিলাত বিগত দশকত হাতী-মানুহৰ সংঘাত বাঢ়ি আহিছে।  এই মন্তব্য বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ। আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত ওদালগুৰিতেই বিগত ৫টা বছৰত ৮১জন লোকে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱাৰ ঘটনা সংঘটিত হৈছে। হাতীৰ আক্ৰমণৰ বলি হোৱা পৰিয়ালৰ বাবে আটাইতকৈ কষ্টদায়ক কথাটো হৈছে এককালীন সাহায্যৰ বাবে অফিচে অফিচে তাঁতবাতি কঢ়া আৰু তেওঁলোকৰ পাল পৰালৈকে দীঘলীয়া শাৰীত ঠিয় হৈ কেবল অপেক্ষা কৰি থকা।

হাতীয়ে গচকি প্ৰাণ লোৱা লোকৰ ২৫ টা পৰিয়ালে এতিয়ালৈকে এককলালীন সাহায্যৰ চেক লাভ কৰিছে। ১৮টা পৰিয়ালে ১ লাখ টকাকৈ আৰু ৭টা পৰিয়ালে ৪ লাখ টকালৈ লাভ কৰিছে। আনহাতে মঙলবাৰে ওদালগুৰিৰ গাৰুৱাজাৰত এখন সজাগতা আৰু এককালীন সাহায্য প্ৰদান অনুষ্ঠানত হাতীয়ে আহত কৰা লোকৰ নিকটাত্মীয়ই ১২,০০০ৰ পৰা ২৫,০০০ টকাৰ এককালীন সাহায্যৰ চেক লাভ কৰিছে।

এই অনুষ্ঠানত উপস্থিত আছিল ৰাজ্যিক বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম। অনুষ্ঠানত ভাষণ ৰাখি তেওঁ কয় যে হতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে আমি যধেমধে বন ধ্বংস কৰাটো এৰিব লাগিব।

অৰণ্য আৰু হাতী চলাচল কৰা পথত বেদখলৰ ফলত হাতীয়ে মানুহৰ বাসস্থানলৈ আহিবলৈ বাধ্য হৈছে জন্তু-মানুহৰ সংঘাতলৈ ৰূপান্তৰিত হৈছে।

বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই আৰু কয় যে আমি গছ-গছনি ৰোপণ কৰি বনানিকৰণৰ উদ্যোগ গ্ৰহণ কৰি এই সমস্যাটো সমাধান কৰিব লাগে।

এদাল গছ কাটিলে ১০টা গছ পুলি ৰুব লাগে। বন মন্ত্ৰীগৰাকীয়ে হাতীৰ দ্বাৰা আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনাযুক্ত এলকাসমূহত সৌৰ-ফেঞ্চিঙৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ প্ৰদান কৰে।  হাতীৰ চলাচলৰ ওপৰত নজৰ ৰাখিবলৈ কেইটামান নিৰীক্ষণস্তম্ভ নিৰ্মাণ কৰাৰ বতৰাও দিয়ে। অনুষ্ঠানত ধনশিৰি ফৰেষ্ট ডিভিজনৰ ডি এফ অ’ মাধুৰ্য কুমাৰ শৰ্মাই নিৰ্দিষ্ট মুখ্য বক্তাৰ ভাষণ প্ৰদান কৰে। অনুষ্ঠানটো উদ্বোধন কৰিছিল পানেৰিৰ বিধায়ক কমলি বসুমতাৰীয়ে। জনস্বাস্থ১ অভিযান্ত্ৰিক বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰিয়ে নিৰ্দিষ্ট বক্তা হিচাপে অনুষ্ঠানত উপস্থিত থাকে।

তেওংৰ ভাষণত মন্ত্ৰীগৰাকীয়ে হাতী –মানুহৰ সংঘাত নোহোৱা কৰাৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰাৰ কথা দোহাৰে আৰু স্থানীয় লোকৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ পৰা পৰামৰ্শ বিছাৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপেও হাতী-মানুহৰ সংঘাতৰ ওপৰত ভাষণ দিয়ে।

অসম-অৰুণাচল-ভূটান সীমান্তৰ সীমান্তৱৰ্তী ওদালগুৰিৰ জিলাৰ অন্তৰ্গত ভৈৰৱকুণ্ডৰ ছয়খন গাওঁৰ লোকৰ এখন ৱুৰ্বৰ ভূমিলৈ পৰিবৰ্তন কৰাৰ প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰে।

গাওঁবাসীসকলৰ দ্বাৰা জইণ্ট ফৰেষ্ট মেনেজমণ্টৰ অধীনত গ্ৰহণ কৰা উদ্যোগে ৫,৫০০ বিঘা ভূমিক অৰণ্যলৈ পৰ্যৱসিত কৰি বন্য জন্তু আৰু চৰাইৰ বাসভূমি কৰি গঢ়ি তুলিছে। এনেধৰণৰ উদ্যোগ ভাৰতৰ সকলো ঠাইতে গ্ৰহণ কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে। সাংবাদিকগৰাকীয়ে আৰু কয় যে হাতীৰ বাহিৰেও বনৰীয়া গাহৰি আৰু বান্দৰেও ভাৰত-ভূটান সীমান্তত মানুহৰ প্ৰাণ লৈছে বুলি তেওঁ উললএখ কৰিছে। এই সমস্যা সমাধানৰ বাবে উপায় উলিয়াব লাগে বুলি তেওঁ মন্তব্য কৰিছে।

অনুষ্ঠানত বি টি চিৰ সচিব ৰবিন্সন মুছাহাৰী, বি টি চিৰ ই এম জগদীশ সৰকাৰ, ননৈ-ছেৰফাঙৰ এম চি এল এ সুৰেশ তাঁতী, বি টি চিৰ উপাধ্যক্ষ নেৰছৗন বড়োৰ লগতে বহুতো ছাত্ৰ-ছাত্ৰী আৰু বন্য জীৱৰ কৰ্মীসকল উপস্থিত আছিল।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd