DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ বিশ্ববিদ্যালয়ৰ ‘ভুৱা চাৰ্টিফিকেট’ সম্পৰ্কত স্থিতি স্পষ্ট কৰিলে আৰক্ষী মহা পৰিদৰ্শক আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2017 8:04 am
অৰুণাচলৰ বিশ্ববিদ্যালয়ৰ ‘ভুৱা চাৰ্টিফিকেট’ সম্পৰ্কত স্থিতি স্পষ্ট কৰিলে আৰক্ষী মহা পৰিদৰ্শক আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই
113
VIEWS
Share on FacebookShare on Twitter

অৰুণাচলত থকা হিমালয়ান ইউনিভাৰ্ছিটি আৰু অৰুণাচল ইউনিভাৰ্ছিটি অফ্ ষ্টাডিছৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্ট হৈছে। যোৱা ৮ ডিচেম্বৰত দিল্লী আৰক্ষীয়ে বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰা সম্পৰ্কত ৬ জন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত উক্ত বিশ্ববিদ্যালয় দুখনৰ নামো সাঙোৰ খাই পৰাত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল চিন্তিত হৈ পৰা দেখা গৈছে।

বিষয়টো সম্পৰ্কত স্থিতি স্পষ্ট কৰি দিল্লী আৰক্ষীৰ মহাপৰিদৰ্শক ৰবীন হিবুই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ১৫ খন বিশ্ববিদ্যালয়ৰ ভুৱা প্ৰমানপত্ৰ প্ৰদান কৰা চক্ৰৰ ৬ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত মানুহৰ মাজত এটা ভুল ধাৰণা হৈছে যে বিশ্ববিদ্যালয়সমূহেই ভুৱা। কিন্তু আৰক্ষীৰ শৈক্ষিক প্ৰতিষ্ঠানৰ যথাযোগ্যতাৰ তদন্ত কৰাৰ কৰ্তৃত্ব নাই। মহা পৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়ে যে শিক্ষানুষ্ঠান কৰ্তৃপক্ষ আৰু ভুৱা প্ৰমানপত্ৰ দিয়া চক্ৰটোৰ মাজত কিবা সম্পৰ্ক আছে নেকি সেইটো আৰক্ষীয়ে অনুসন্ধান কৰি আছে।

ইয়াৰ মাজতে ইটানগৰত থকা হিমালয়ান ইউনিভাৰ্ছিটি আৰু অৰণাচল ইউনিভাৰ্ছিটি অফ্ ষ্টাডিছৰ ফালৰ পৰা বিশ্ববিদ্যালয় দুখনৰ স্থিতি স্পষ্ট কৰা হৈছে।

হিমালয়ান ইউনিভাৰ্ছিটিৰ ফালৰ পৰা জনোৱা মতে বিশ্ববিদ্যালয়খনৰ ইউ জি চিৰ স্বীকৃতি থকাৰ উপৰি বাৰ কাউন্সিল অফ ইণ্ডিয়া, অল ইণ্ডিয়া কাউন্সিল ফৰ্ টেকনিকেল এডুকেশ্বন, দ্য ৰিহেৱিলেশ্বন কাউন্সিল অফ্ ইণ্ডিয়া আৰু অৰুণাচল প্ৰদেশ গেজেটৰ অনুমোদন আছে।

ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত সৃষ্টি হোৱা আশংকা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা এই কথা স্পষ্ট কৰি কোৱা হৈছে যে বিশ্ববিদ্যালয়খনৰ থাকিবলগীয়া অনুমোদন তথা স্বীকৃতি সকলোবোৰ আছে। গতিকে ছাত্ৰ-ছাত্ৰীসকল সম্পূৰ্ণ সুৰক্ষিত।

অৰুণাচল ইউনিভাৰ্ছিটি অফ্ ষ্টাডিছৰ উপাচাৰ্য প্ৰফেচৰ ভি কে কাৱাট্ৰাই জনাইছে যে স্বীকৃতি তথা অনুমোদন সম্পৰ্কীয় সকলো তথ্য প্ৰতিষ্ঠানটোৰ ৱেবছাইটত আপডেট কৰা হৈছে আৰু যিকোনো লোকেই বিশ্ববিদ্যালয়খনৰ বিষয়ে জানিবলৈ ইয়াত বিচাৰি চাব পাৰে। তেওঁ লগতে কয় যে অৰুণাচল ইউনিভাৰ্ছিটি আৰু অৰুণাচল ইউনিভাৰ্ছিটি অফ্ ষ্টাডিছৰ মাজত পাৰ্থক্য আছে। অৰুণাচল ইউনিভাৰ্ছিটি অফ্ ষ্টাডিছ হৈছে এখন নতুন বিশ্ববিদ্যালয় আৰু ই যোৱা ৫ বছৰত বহুত ভাল পাৰদৰ্শিতা আগবঢ়াইছে।

বৰ্তমান অৰুণাচল ইউনিভাৰ্ছিটি অফ্ ষ্টাডিছত প্ৰায় ২৫০০ ছাত্ৰ-ছাত্ৰী থকাৰ বিপৰীতে হিমালয়ান ইউনিভাৰ্ছিটিত প্ৰায় ৩০০০ ছাত্ৰ-ছাত্ৰী আছে।

দেশৰ প্ৰায় হেজাৰ ছাত্ৰ-ছাত্ৰীক ভুৱা মাৰ্কশ্বিট আৰু চাৰ্টিফকেট দিয়াৰ অভিযোগত যোৱা ৮ ডিচেম্বৰত দিল্লী আৰক্ষীয়ে ৬ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছিল।

Recent News

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd