• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশৰ যুৱ সমাজৰ মাজত ক্ৰীড়া সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে সোমবাৰে অনুষ্ঠিত হয় ‘ৰান ফৰ স্পোৰ্ট’ছ’ মিনি মাৰাথন

NE NOW NEWS এন ই নাও নিউজ
ইটানগৰ , February 20, 2018 12:24 pm

2 min read

Some participation in Mini Marathon From Arunachal
101
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ ক্ৰীড়া বিভাগে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ উন্নয়ন সাধন তথা যুৱ সমাজৰ মাজত ক্ৰীড়া সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে ‘ৰান ফৰ স্পোৰ্ট’ছ’ শীৰ্ষক এক মিনি মাৰাথনৰ আয়োজন কৰে।

সোমবাৰে আনজ’ৰ হাৱাইত ৰাজ্যিক ভিত্তিত আয়োজিত মিনি মাৰাথন প্ৰতিযোগিতাখন পুৰুষ আৰু মহিলা উভয় শাখাতে অনুষ্ঠিত হয়।

প্ৰতিযোগিতাখনৰ শুভউদ্বোধন কৰে উপায়ুক্ত মমতা ৰিবাই। উদ্বোধনী অনুষ্ঠানত নিজৰ ভাষণ প্ৰসংগত ৰিবাই খেলে কিদৰে দৈনন্দিন জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় সেই সম্পৰ্কে মত পোষণ কৰে।

উল্লেখ্য যে প্ৰতিযোগিতাখনৰ মহিলা শাখাত ইলুছী গী, দিবানলু বেলাই আৰু জিনানলু গাডঙএ ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখন কৰিবলৈ সক্ষম হয়।

আনহাতে পুৰুষৰ শাখাত নিছামছা পুলে প্ৰথম, বিথেমছ’ বীয়ে দ্বিতীয় আৰু ৰুৱাটছো ট’ছিকে তৃতীয় স্থান দখল কৰে।

ইফালে ৰাজ্যখনৰ নামনি সোৱনশিৰি জিলাৰ জিৰ’ৰ জিলা খ্ৰীড়া বিভাগে একেধৰণৰ মিনি মাৰাথনৰ আয়োজন কৰে।

১০ কিলোমিটাৰ দূৰত্বৰ লক্ষ্য স্থান নিৰ্ধাৰণ কৰা প্ৰতিযোগিতাখন হাপোলিৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভণি হৈ পুৰণি জিৰ’ত সমাপন ঘটে।

এই প্ৰতিযোগিতাৰ উদ্বোধন কৰে ইএচি ম’কাৰ ৰিবাই। প্ৰতিযোগিতাখনত অঞ্চলৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

মুদাং অম’য়ে পুৰুষৰ শাখাত আৰু টায়’ ৰিনিয়ে মহিলাৰ শাখাত বিজয়ীৰ খিতাপ দখল কৰে।

ইয়াৰ উপৰি টিৰাপৰ খংছাতো আয়োজিত মিনি মাৰাথনৰ উদ্বোধন কৰে জিলা উপায়ুক্ত পি এন থাংগনে।

খংছাৰ মিনি মাৰাথনত ককাই পানছাই পুৰুষৰ শাখাত প্ৰথম আৰু মহিলাৰ শাখাত নিইনিয়ামে আবোহে শীৰ্ষ স্থান দখল কৰে। তেওঁলোকে লক্ষ্যস্থান পাবলৈ সময় লয় ক্ৰমে ৪৩ আৰু ৪৮ মিণিট।

উল্লেখ্য যে অৰুণাচল প্ৰদেশ ক্ৰীড়া বিভাগৰ উদ্যোগত ৰাজ্যখনৰ জিলা ক্ৰীড়া বিভাগ সমূহে যুৱ সমাজৰ মাজত ক্ৰীড়া সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে এই মিনি মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰে বুলি জানিবলৈ দিয়ে।

Recent News

IMG_20210304_104520

আই আই টিৰ নতুন পদ্ধতি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণ; ৰঙাপানীত আৰম্ভ হ’ল নিৰ্মাণ কাৰ্য

deadbody recovered final

শালনাৰ সোণাজুৰিৰ শিলৰ কোঁৱাৰীত সন্ধানহীন হোৱা লোকৰ মৃতদেহ উদ্ধাৰ

tajmahal_web

তাজমহলত বোমাতংক : পৰ্যটকৰ মাজত হাহাকাৰ; এজন ব্যক্তিক আটক আৰক্ষীৰ

Krishnai

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তত দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd