ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ গোৱালপাৰা আৰু নলবাৰীত আইছিছৰ পতাকা ওলোৱাক লৈ সমগ্ৰ অসমতে ব্যাপক প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে আজি গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত হিন্দু জাগৰণ মঞ্চই এক প্ৰতিবাদ সাব্যস্ত কৰে।
হিন্দু জাগৰণ মঞ্চ গুৱাহাটী মহানগৰ সমিতিয়ে আইছিছৰ পতাকা জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সন্ত্ৰাসবাদী সংগঠনটোক এনেধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ সকীয়াই দিয়ে।
আজিৰ প্ৰতিবাদস্থলীত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদকাৰীসকলে ‘ৰাজ্যখনত মূৰ ডাঙি উঠা আইছিছিৰ দৰে সন্ত্ৰাসবাদী সংগঠন সমূহক যিকোনো প্ৰকাৰে অসম তথা ভাৰতবৰ্ষৰ পৰা উৎখাত কৰা হ’ব’ বুলি উল্লেখ কৰি কয়, ‘এনেকুৱা ধৰণৰ ধৰ্মীয় সন্ত্ৰাসবাদীৰ ময়-মতালি অসমত চলিবলৈ দিয়া নহ’ব।’
তেওঁলোকে ‘চৰ অঞ্চলৰ মাদ্ৰাছাসমূহত এনেধৰণৰ ধৰ্মীয় সন্ত্ৰাসবাদী সংগঠনসমূহে মূৰ ডাঙি উঠা’ বুলিও দাবী কৰে।
আনহাতে, প্ৰতিবাদকাৰীসকলে কালি আলফাৰ গুলীত মৃত্যুক সাবটি লোৱা আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আলফা (স্বা)ৰ নেতা ‘পৰেশ বৰুৱাক নীৰিহৰ তেজেৰে ফাকু খেলাৰ পৰা বিৰত থাকিবৰ’ বাবে সকীয়াই দিয়ে।
উল্লেখযোগ্য যে আইচছিছৰ পতাকা ওলোৱাক লৈ অসম আৰক্ষীয়ে অনুসন্ধান কৰি আছে যদিও বৰ্তমান পৰ্য্যন্ত উক্ত পতাকা উৰুৱাসকলৰ সন্ধান ওলিয়াব পৰা নাই।