আইছিছৰ পতাকা সন্দৰ্ভত ইচলামিক মৌলবাদী নহয়, বিজেপিৰ কৰ্মকৰ্তাক সোধা-পোছা আৰক্ষীৰ

ISIS-570x320

আইছিছৰ পতাকা সন্দৰ্ভত কোনো ইচলামিক মৌলবাদী নহয়, কেইবাজনো বিজেপিৰ কৰ্মকৰ্তাকহে আজি সোধা-পোছা কৰিছে আৰক্ষীয়ে। অৰ্থাৎ সচেতন মহলে কৰা সন্দেহেই সঁচা নেকি?

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসমীয়া মানুহৰ মাজত সামগ্ৰিক জাগৰণৰ সময়তে নামনি অসমত আইছিছৰ পতাকা উদ্ধাৰৰ খবৰ বিয়পি পৰিছিল। অৱশ্যে এইবোৰ খবৰে মানুহৰ মনোযোগ এইবাৰ আচল বিষয়ৰ পৰা আঁতৰাই নিব নোৱাৰিলে। বৰং সচেতন লোকসকলে ইয়াৰ অন্তৰালত থাকিব পৰা নাগৰিকত্ব সংশোধনী বিষয়টোৰ পৰা অসমীয়া মানুহৰ মনোযোগ আঁতৰাই নিয়াৰ ষড়যন্ত্ৰৰ গোন্ধ বিচাৰি পালে। কিন্তু আজি বেলশৰ আৰক্ষীয়ে নলবাৰী জিলাৰ বেলশৰত আইছিছৰ পতাকা উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত বিজেপিৰ কৰ্মকৰ্তাক সোধা-পোছাৰ বাবে আটক কৰাৰ কথাটোৱে মানুহৰ সন্দেহ যে অমূলক নাছিল, তাৰে ইংগিত দিয়ে নেকি?

এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰামতে, বিশেষ সূত্ৰৰ পম খেদি আজি পুৱতি নিশা বেলশৰ আৰক্ষীয়ে বিজেপি কৰ্মী ক্ৰমে- কৈহাটীৰ পৰা তপন বৰ্মন, চামতাৰ পৰা মোজাম্মিল আলী, বৰুৱাকুৰৰ পৰা মুন আলী, বেলশৰৰ পৰা পুলক বৰ্মন, পিপলিবাৰীৰ পৰা দীপজ্যোতি ঠাকুৰীয়া, সৰজ্যোতি বৈশ্য আৰু খেলুৱা পাটোৱাৰীক সোধা-পোছাৰ বাবে আটক কৰি আনে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসমত শুনানি ল’বলৈ যুটীয়া সংসদীয় সমিতি অহাৰ দুদিন পূৰ্বে নামনি অসমৰ গোৱালপাৰা আৰু নলবাৰী জিলাত ‘আইছিছৰ পতাকা’ উদ্ধাৰৰ ঘটনা ঘটিছিল। ইয়াৰে নলবাৰী জিলাৰ বেলশৰত যোৱা বৃহস্পতিবাৰে এজোপা গছত join ISIS বুলি লিখা পতাকাৰ চিহ্ন পোৱা গৈছিল। এই সন্দৰ্ভত আজি আৰক্ষীয়ে উপৰোক্ত অভিযুক্তকেইজনক আটক কৰা বুলি জানিব পৰা গৈছে। পতাকা উদ্ধাৰৰ খবৰ পোৱাৰ পিছৰ পৰাই আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত চলাই আছিল।

আনহাতে গোৱালপাৰাৰ অনুৰূপ ঘটনাটোৰো তদন্ত কৰি আছে আৰক্ষীয়ে। আৰক্ষীয়ে এয়া সমাজত উত্তেজনাৰ সৃষ্টি কৰাৰ অভিপ্ৰায় থকা কোনো দুৰ্বৃত্তৰ কাম বুলি মত প্ৰকাশ কৰিছে।

ৰাইজে এইবোৰ নাগৰিকত্ব সংশোধনী বিধেয়কখনক পাকে-প্ৰকাৰে গৃহীত কৰাব খোজা মহলৰ ষড়যন্ত্ৰ বুলি কৰা সন্দেহক আৰক্ষীৰ কথা-কাণ্ডই নতুন মাত্ৰা দিছে।