• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

আঠজনকৈ বিধায়কৰ এন পি পিত যোগদানক লৈ অত্যন্ত উৎসাহী কনৰাড চাংমা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2017 12:36 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঁচজনকৈ শাসনাধিষ্ঠিত কংগ্ৰেছী বিধায়কৰ লগতে মুঠ আঠজন বিধায়কে নৱ গঠিত এন পি পিত যোগদান কৰিবলৈ ওলোৱাটোৱে বেচ উৎসাহী কৰি তুলিছে দলটোৰ সভাপতি কনৰাড চাংমাক। আনকি অহা নিৰ্বাচনৰ পিছত এন পি পি দলে চৰকাৰ গঠন কৰিব বুলিও এক প্ৰকাৰৰ ভৱিষ্যদ্বাণী কৰিছে চাংমাই। ‘আঠজনকৈ বিধায়কে পদত্যাগ কৰাটোৱে ইংগিত কৰিছে যে তেওঁলোকে মুকুল চাংমাৰ নেতৃত্বৰ ওপৰত আস্থা হেৰুৱাইছে।’ কনৰাড চাংমাই কালি দলৰ মুখ্য কাৰ্য্যালয়ত এইদৰে কয়।

উল্লেখযোগ্য যে অহা ৪ জানুৱাৰিত প’ল’ গ্ৰাউণ্ডত হ’ব লগীয়া সমাৱেশত এই আঠজন বিধায়কে নেশ্যনেল পীপলছ পাৰ্টিত যোগদান কৰাৰ কথা। কনৰাডে কোৱামতে ৬০ জনীয়া বিধানসভাৰ প্ৰায় ১২ শতাংশ প্ৰতিনিধি দলটোলৈ অহাটোৱে দলটোৰ মনোবল নেতা-কৰ্মীসকলৰ বৃদ্ধি কৰিছে। তেওঁ কয় যে বিধায়কসকলৰ তৃণমূল পৰ্য্যায়ৰ লোকসকলৰ সৈতে সম্পৰ্ক আছে আৰু তেওঁলোকে ভোটাৰৰ আৱেগ-অনুভূতি ভালদৰে বুজি পায়। সেয়ে তেওঁলোকে পদত্যাগ কৰিছে। ‘তৃণমূল পৰ্য্যায়ৰ পৰা মতামত লোৱাৰ পিছতহে তেওঁলোকে এন পি পিত যোগদান কৰিছে, কাৰণ তেওঁলোকে জানে যে এইটোৱে একমাত্ৰ বিকল্প।’ কনৰাডে কয়। তেওঁ নিৰ্বাচনৰ ফলাফল পূৰ্বানুমান বৰ জটিল বুলি কোৱাৰ পিছতো দাবী কৰে যে এন পি পি একক সংখ্যাগৰিষ্ঠ দল হিচাপে থিয় হ’বলৈ সক্ষম হ’ব।

Apply Now

আনহাতে আন এটা মন্তব্যত কনৰাডে কয় যে দল হিচাপে এন পি পিৰ এটা নিজা মতাদৰ্শ আছে। তেওঁলোকে আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী থিয় কৰাব। ‘আমি ৰাজ্যখনৰ আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী থিয় কৰাম। আমি বিজেপিৰ এ বা বি টিম নহয়। আমি নিজৰ জোৰত নিৰ্বাচন খেলিম। তাৰ অৰ্থ এয়ে যে আমাৰ বিজেপিৰ সৈতে কোনো মিত্ৰতা নাই।’ তেওঁ কয়।

বিজেপিৰ সৈতে নিৰ্বাচনৰ পিছত তেওঁলোকে মিত্ৰতা কৰাৰ সম্ভৱনা আছে নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত কয়, ‘প্ৰথমে নিৰ্বাচনৰ বৈতৰণী পাৰ হৈ ল’বলৈ দিয়ক। আমি পৰৱৰ্তী চৰকাৰখন গঠন কৰিব পৰাকৈ প্ৰয়োজনীয় সংখ্যক আসন পাম বুলি আশাবাদী।’

উল্লেখযোগ্য যে দলটোৰ সভাপতি কনৰাড চাংমাই মুখেৰে অস্বীকাৰ কৰিলেও দলটোৰ বিজেপিৰ সৈতে বুজাবুজি থকা বুলি ইতিপূৰ্বে জনাজাত হৈছে। মণিপুৰত দলটোৱে বিজেপিৰ সৈতে চৰকাৰ গঠনত অংশগ্ৰহণ কৰিছে। আনকি দলটোৱে মেঘালয়ত ‘হিন্দু পাৰ্টি’ হিচাপে প্ৰচাৰৰ প্ৰয়াস কৰাও দেখা গৈছে।

 

আনহাতে মুখ্য মন্ত্ৰী মুকুল চাংমাই কৈছে যে বিধায়ককেইজনৰ দলত্যাগে দলত তথা অহা নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd