DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰ এছ এছে অসমৰ চালুকীয়া কিশোৰসমাজক যিদৰে জগাই তুলিছে তাৰ পৰিণতি অসমৰ বাবে ভয়ংকৰ : আলফা (স্বা)

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2018 7:52 pm
ulfa-paresh-abhijit

আলফাৰ সেনাধিনায়ক (বাওঁফালে) আৰু সৰ্বাধিনায়ক। ফাইল ফটো।

157
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক ১৯৩০-৪০ দশকৰ হিটলাৰ যুগৰ সৈতে তুলনা কৰিছে আলফা(স্বাঃ)ই। ‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই অসমৰ চালুকীয়া কিশোৰৰ দলক যেনেদৰে জগাই তুলিছে তাৰ পৰিণতি অসমৰ বাবে অতি ভয়ংকৰ হ’ব।’ সংযুক্ত মুক্তি বাহিনী অসম(স্বাঃ)ৰ সৈনিক দিৱস উপলক্ষে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আৰু সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু সৰ্বাধিনায়ক অভিজিৎ অসমৰ স্বাক্ষৰ থকা দীঘলীয়া বিবৃতিটোত এইদৰে কোৱা হৈছে।

প্ৰেছ বিজ্ঞপ্তিটোৰ যোগে বিদ্ৰোহী সংগঠনটোৰ নেতৃত্বই ব্যক্তিগত স্বাৰ্থৰ সুযোগ ল’বলৈ গৈ গেৰুৱা ৰাজনীতিৰ উত্থানক প্ৰশ্ৰয় দি দোকোলটঁকা বানত চালুকীয়া কিশোৰসকলক উটি-ভাঁহি যাবলৈ নিদিবলৈ সকলো পিতৃ-মাতৃক আহ্বান জনাইছে। পিতৃ-মাতৃসকলে চালুকীয়া কিশোৰসকলক শিক্ষা দি এনে পন্থাৰ প্ৰতি বিকৰ্ষিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰে।

ULFA_Release

বিদ্ৰোহী সংগঠনটোৰ নেতৃবৃন্দই বিবৃতিটোত উল্লেখ কৰে, ‘’১৯৫০ ৰ দশকত ভাৰতীয় স্বয়ংসেৱক সংঘই অসম ভূমিত তীব্ৰ প্ৰচাৰৰে থিতাপি ল’বলৈ কৰা প্ৰচেষ্টা নিষ্ফল হৈছিল। কিন্তু এইবেলি সংঘৰ প্ৰচাৰকসকলে অধিক সংঘবদ্ধতাৰে জোৰ দিছে। সংঘৰ প্ৰচাৰকৰ দলে অসমৰ গাঁৱে-ভূঁয়ে পিয়াপি দি, আখল পৰ্যন্ত পাইছেগৈ। ৰাইজে পুনৰাই এই গুপ্তচৰ সকলক অসম এৰিবলৈ বাধ্য কৰোৱা উচিত।‘’

আনহাতে বিবৃত্তিটোত তেওঁলোকে সতীৰ্থসকলক মাদক দ্ৰব্য আৰু উৎসৱৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান জনাই কয়, ‘’মাদক দ্ৰব্য আৰু মাত্ৰাধিক উৎসৱৰ ৰাগিত ঢোবাং-বাং হোৱা অসমৰ ছবিখন চকু মেলি চোৱাৰ সময় আহি পৰিছে। গতিকে আমাৰ সতীৰ্থসকলে এই ক্ষেত্ৰত নিজকে সজাগ কৰি তোলাৰ প্ৰয়োজনীয়তা আহি পৰিছে।‘’

এই সন্দৰ্ভত বিবৃতিটোত বাখ্যা আগবঢ়াই উল্লেখ কৰে, ‘আমি লক্ষ্য কৰিছো, অসমৰ থলগিৰিৰ উৎসৱৰ সৈতে ন-ন উৎসৱৰ পয়োভৰ আৰু লানি নিছিগা উৎসৱৰ ৰাগিৰ যোগেদি চৌপাশে গঢ়ি উঠা ভয়ংকৰ পৰিস্থিতিৰ পৰা অসমবাসীক আঁতৰাই ৰখা হৈছে। অসমৰ জনসাধাৰণক বিনোদন উপভোগ কৰাত বাধা দিয়া নাই। কিন্তু বিনোদনসৰ্বস্ব জীৱনশৈলী কৰ্ম বমুখতাৰ নামান্তৰ। কৰ্মৰে নিজৰ লগতে আনৰ আৰু দেশৰ উন্নতিৰ পৰা যি অনাবিল আনন্দ সেই প্ৰাপ্য দীৰ্ঘম্যাদী আৰু লগতে হিতকাৰী।’

আনহাতে সেই বিবৃত্তিটোত তেওঁলোকে এন চি চিক কটাক্ষ কৰি স্পষ্টকৈ উল্লেখ কৰে যে যুৱ প্ৰজন্মক দীৰ্ঘদিন ধৰি এন চি চিৰ অনুশীলনৰ প্ৰতি আগ্ৰহী কৰি তোলা হৈছে।

ULFA_2

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd