• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইন্দিৰা গান্ধীৰ মৃত্যুত হাঁহ মাৰি ভোজ খাইছিল ৰিপুণ বৰাই: কংগ্ৰেছৰ পৰা নিলম্বিত পাৰ্থপ্ৰতিম বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 14, 2018 12:59 pm
WhatsApp
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙহৰ যুঁজে তীব্ৰ ৰূপ ধাৰণ কৰিছে কংগ্ৰেছত। মাথোঁ কেইদিনমান পূৰ্বে শ্ব’কজ নিদিয়াকৈ এনএছয়ুআইৰ প্ৰাক্তন সভাপতি পাৰ্থ প্ৰতিম বৰাক কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন কৰাৰ পাছত প্ৰদেশ কংগ্ৰছৰ ভিতৰে- বাহিৰে  এতিয়া সৃষ্টি হৈছে  তীব্ৰ প্ৰতিক্ৰিয়া।

ইয়াৰ মাজতে আজি নিলম্বিত এনএছয়ুআইৰ প্ৰাক্তন সভাপতি পাৰ্থ প্ৰতিম বৰাই মহানগৰীৰ গ্ৰেণ্ড ষ্টাৰলাইন হোটেলত এক সংবাদমেলৰ আয়োজন কৰি নিজৰ ক্ষোভ প্ৰকাশ কৰে।

Apply Now

সংবাদমেলখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰা পাৰ্থ প্ৰতিম বৰাই কয়— ‘ইন্দিৰা গান্ধী মৰাৰ সময়ত হাঁহ মাৰি ভোজ খাইছিল ৰিপুণ বৰাই। তেওঁ তিহাৰ জেললৈ যোৱা কথাটো সম্পূৰ্ণ সঁচা। তেওঁক তেল নমৰা কেইজনক দলৰ পৰা নিলম্বন তথা বহিষ্কাৰ কৰে’।

আনহাতে নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি বৰাই কয় যে কংগ্ৰেছত এতিয়া  একনায়কত্ববাদ চলিছে। এনএছইউআইৰ পৰা নিলম্বিত হৈছে বহু নতুন ছাত্ৰ-ছাত্ৰী। কংগ্ৰেছৰ মাজত ন্যায় নাই। সম্বৰ্ধনা অনুষ্ঠান পতাটো বেয়া কথা নেকি বুলি প্রশ্ন উত্থাপন কৰি বৰাই কয় যে কংগ্ৰেছৰ ৰিপুণ বৰা আৰু তৰুণ গগৈৰ স্বাক্ষৰ আছিল মানপত্ৰত।

সম্বৰ্ধনা অনুষ্ঠানটোত মুঠ ১২০০ ছাত্ৰ- ছাত্ৰীক অভিনন্দন জনোৱাৰ কথা আছিল। কিন্তু ৰিপুণ বৰাৰ তিহাৰৰাজে বঞ্চিত কৰিলে ছাত্ৰ-ছাত্ৰীসকলক।

আনহাতে প্ৰদেশ কংগ্ৰেছক সভাপতি ৰিপুণ বৰাই নিজৰ সম্পত্তি হিচাপে ব্যৱহাৰ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি পাৰ্থ প্ৰতিম বৰাই কয় যে এপিচিচিত বৰ্তমান তেওঁ যি কয় সেইটোৱেই হ’ব লাগিব। নিজৰ পদৰ মৰ্যাদা নাজানে ৰিপুণ বৰাই। তেওঁ লবী আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰিছে।

উল্লেখযোগ্য যে নিলম্বন সন্দৰ্ভত চি পি যোশী আৰু কংগ্ৰছৰ সভাপতি ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি সংবাদ মেলযোগে প্ৰকাশ কৰে পাৰ্থ প্ৰতিম বৰাই।

আনহাতে ৰিপুণ বৰাৰ সহনশীলতা নাই। তেওঁ ব্যক্তিকেন্দ্ৰিক ৰাজনীতি কৰে বুলি অভিযোগ কৰি বৰাই কয় যে কেৱল অভিযোগ আনিলেই দলৰ পৰা নিলম্বন কৰিব নোৱাৰে কোনেও। শ্ব’কজ নিদিয়াকৈ দলৰ পৰা নিলম্বন কৰাৰ নিয়ম নাই।সম্বৰ্ধনা অনুষ্ঠানলৈ ছাত্ৰ-ছাত্ৰীসকলে আহি পুনৰ ঘৰলৈ উভতি যাবলগীয়া হৈছিল।এনএছয়ুআয়ে অনুষ্ঠান পাতিলে কোনো অনুমতি লোৱাৰ প্ৰয়োজন নাই আৰু তেনে কোনো নিয়ম নাই।

আনহাতে সংবাদ মেলখনত পাৰ্থ প্ৰতিম বৰাই কয়— ‘১৯৮৩ চনত আমাৰ ঘৰ বয়কট হৈ আছিল সমাজৰ পৰা। অসম আন্দোলন সময়ত কংগ্ৰেছ কৰাৰ বাবে আমাৰ ঘৰ জ্বলাই দিবলৈ বিচৰা হৈছিল’।

আনহাতে ৰিপুণ বৰাৰ নেতৃত্বত ২০১৯ চনত কংগ্ৰেছে ৮-১০ খন আসন দিব নোৱাৰে আৰু ২১ চনত ৬৪ খন আসন লাভ কৰিব নোৱাৰে বুলিও কটাক্ষ কৰে নিলম্বিত ছাত্ৰ নেতাগৰাকীয়ে।

প্ৰতিম বৰাই লগতে কয় যে তেওঁ পদৰ পৰা ৬ মাহ আগতে পদত্যাগ কৰিব বিচাৰিছিল কিন্তু কংগ্ৰেছৰ নেতৃত্বই দলৰ বেয়া দিন চলি থকাৰ বাবে তেওঁক পদত্যাগ কৰিবলৈ মানা কৰিছিল। আনহাতে অন্য দললৈ যোৱাৰ কোনো হাবিয়াস নাই বুলি উল্লেখ কৰি পাৰ্থ প্ৰতিম বৰাই কয় যে তেওঁ জন্মগতভাৱে কংগ্ৰেছী। সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ৰিপুণ বৰাই যুঁজ দিব নোৱাৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

June 23, 2026 10:20 am
মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

June 23, 2026 9:26 am
কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

June 23, 2026 8:44 am
পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

June 23, 2026 7:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

June 23, 2026 10:20 am
মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

June 23, 2026 9:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd