উত্তৰ-পূবৰ বাবে সুকীয়া সময় মণ্ডল গঠন কৰা নহয় : কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী হৰ্ষ বৰ্ধন

Time-Zone

উত্তৰ-পূবৰ বাবে সুকীয়া সময় মণ্ডল গঠন কৰাৰ কোনো পৰিকল্পনা নাই কেন্দ্ৰীয় চৰকাৰৰ, কালি লোকসভাত এই কথা স্পষ্ট কৰি সমগ্ৰ দেশৰ বাবে এটাই সময় মণ্ডল বাহাল ৰখা হ’ব বুলি কয় কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা দপ্তৰৰ মন্ত্ৰী হৰ্ষ বৰ্ধনে।

দুটা সময় মণ্ডল গঠন কৰাৰ বিষয়টো পৰ্যালোচনা কৰাৰ বাবে পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্চস্তৰিয় কমিটীয়ে দুটা সময় মণ্ডল গঠন কৰিলে জটিলতাৰ সৃষ্টি হ’ব বুলি অৱগত কৰি পৃথক সময় মণ্ডল গঠনৰ বিৰোধিতা কৰিছিল বুলি উল্লেখ কৰি কালি লোকসভাত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা দপ্তৰৰ মন্ত্ৰী হৰ্ষ বৰ্ধনে সুকীয়া সময় মণ্ডল গঠন কৰাৰ বাবে উত্তৰ-পূবৰ বিভিন্ন দল-সংগঠনে দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা দাবীক প্ৰত্যাখ্যান কৰে।

উল্লেখযোগ্য যে কেন্দ্ৰই মানি লোৱাত সৈমান হোৱা নাই যদিও উত্তৰ-পূবৰ বাবে সুকীয়া সময় মণ্ডলৰ ধাৰণাটো যথাৰ্থ ভাৱে আৱশ্যকীয় আৰু এই বিষয়টো মাজে সময়ে অঞ্চলটোৰ কেইবাজনো ৰাজনৈতিক নেতাই উত্থাপনো কৰি আহিছে।

সংসদৰ বিগত অধিৱেশনত সাংসদ গৌৰৱ গগৈয়ে সুকীয়া সময় মণ্ডল গঠনৰ বাবে সংসদত এখন ব্যক্তিগত বিধেয়ক উত্থাপন কৰিছিল। তেওঁৰ উপৰি অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খান্দুৱে ২০১৭ চনৰ জুন মাহত উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুকীয়া সময় মণ্ডলৰ দাবী তুলিছিল।

তেওঁলোকৰ বাহিৰেও বিশিষ্ট চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱাকে ধৰি অসম তথা উত্তৰ-পূবৰ বিভিন্ন দল-সংগঠনেও অঞ্চলটোৰ বাবে সুকীয়া সময় মণ্ডল গঠন কৰাৰ বাবে দাবী তুলি আহিছে।

আনকি বেংগালুৰুস্থিত ইণ্ডিয়ান ইন্‌ষ্টিটিউট অব্‌ এডভান্সড্‌ ষ্টাডিজৰ বিজ্ঞানীসকলেও সুকীয়া সময় মণ্ডল গঠনৰ বাবে শেহতীয়াকৈ চৰকাৰক প্ৰস্তাৱ আগবঢ়াইছিল।

কিন্তু বিজ্ঞানীসকলৰ পৰামৰ্শৰ পিছতো কেন্দ্ৰীয় চৰকাৰে অঞ্চলটোৰ বিভিন্ন সংগঠন তথা সচেতন লোকসকলে সুকীয়া সময় মণ্ডল গঠনৰ বাবে জনাই অহা দাবীক অলপো গুৰুত্ব দিয়া নাই।