উত্তৰ-পূৰ্বাঞ্চলত ব্যঘ্ৰ পিয়লৰ বাবে ১০ কোটি টকা আগবঢ়াইছে কেন্দ্ৰই

kaziranga2

উত্তৰ-পূৰ্বাঞ্চলক বিশেষ গুৰুত্ব প্ৰদান কৰি নতুন দিল্লীয়ে ১০ কোটি টকাৰে ২০১৮ ৰ ব্যাপক ব্যঘ্ৰ পিয়ল অনুশীলনৰ কাম আৰম্ভ কৰিছে।

এইবাৰ এই পিয়ল উপমহাদেশখনত সিঁচৰতি হৈ থকা প্ৰাণীবিধৰ বাসস্থান ভূটান, নেপাল আৰু বাংলাদেশৰ সহযোগত সম্পন্ন কৰা হ’ব।

‘’আমি এই দেশ কেইখনৰ পৰা ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়ালৈ প্ৰশিক্ষণৰ বাবে অহা বিষয়াসকলকো লগত পাম,’’ – এগৰাকী জ্যেষ্ঠ বিজ্ঞানী ওৱাই জালাই কয়।

পূৰ্বতে ব্যঘ্ৰ গণনাৰ ক্ষেত্ৰত যদিও ভাৰতে নেপাল আৰু বাংলাদেশৰ লগত জড়িত আছিল এইবাৰ প্ৰথমবাৰৰ বাবে বিশেষকৈ সীমান্ত অঞ্চল সংযোগী সকলো দেশেই বাঘৰ গণনাৰ ক্ষেত্ৰত একেলগে কাম কৰিব।

জালাই কয় যে এইবাৰ এই অনুশীলন একেলেথাৰিয়ে সম্পন্ন কৰা হ’ব আৰু বাঘৰ দুবাৰ গণনা নহ’ব।

২০০৬ চনত চাৰিবছৰৰ মূৰত কৰা অনুশীলনত প্ৰকাশ পোৱা মতে ভাৰতত মাত্ৰ ১,৪১১ টা বাঘ আছিল। ২০১০ চনত এই সংখ্যা ১,৭০৬ টালৈ বৃদ্ধি পায় আৰু উন্নত সংৰক্ষণ ব্যৱস্থা তথা নতুন হিচাপ পদ্ধতিৰ ফলত ২০১৪ চনৰ গণনাত বাঘৰ সংখ্যা পোৱা যায় ২,২২৬টা।

এই জৰীপ চাৰিটা পৰ্যায়ত ভাগ কৰা হৈছে। শীতকালত আৰম্ভ কৰি ইয়াৰ ফলাফল ২০১৯ ৰ প্ৰথম ভাগত প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে।

বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই কয় যে বাঘৰ সংখ্যা নিৰ্দ্ধাৰণ কৰিবলৈ পৰৱৰ্তী কেইমাহত অধিক প্ৰযুক্তি, মোবাইল এপকে ধৰি অধিক ক্ষেত্ৰ ভিত্তিক জৰীপ চলোৱা হ’ব।

‘’আমি আশাবাদী যে এই জৰীপত অঞ্চলটোত অধিক বাঘৰ সংখ্যা নিৰ্দ্ধাৰণ কৰিব পৰা যাব,’’-বিষয়াগৰাকীয়ে কয়।

সহজতে বিচাৰি নোপোৱাকে ধৰি বিভিন্ন কাৰণত আৰু বাঘসমূহ বিস্তৃত অঞ্চলত সিচৰতি হৈ থকা বাবে উত্তৰ পূৰ্বাঞ্চলক পূৰ্বতে সামৰি ল’লেও পৰ্যাপ্ত জৰীপ হোৱা নাছিল।