DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উন্নত চিকিৎসাৰ বাবে শান্তিৰামক লাগে আপোনাৰ সহায়

by
November 17, 2017 12:05 pm
112
VIEWS
Share on FacebookShare on Twitter

এন ই নিউজ ব্যুৰো, নগাওঁ, ১৭ নৱেম্বৰ : শান্তিৰামৰ জীৱনলৈ হঠাৎ এদিন নামি আহিল অশান্তি। দুখীয়াৰ দুখ কুলাই পাচিয়ে নধৰে। এটি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰাটোৱে হয়তো ভুল হ’ল দিন হাজিৰা কৰি নিজৰ পৰিয়ালক পোহপাল দিয়া শান্তিৰাম কলিতাৰ(৩৫)। সৌ সিদিনালৈকে সকলো ঠিকেই চলি আছিল। কিন্তু হঠাতে শান্তিৰামৰ জীৱনলৈ নামি আহিল এজাক ধুমুহা। কলীয়া ডাৱৰে ছানি ধৰিলে শান্তিৰাম আৰু তেওঁৰ মাকক। বৰ্তমান ৮০ বছৰীয়া ৰুগীয়া মাতৃয়ে পুত্ৰৰ চকুলৈ চায়েই মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে। বৰ্তমান বিছনাখনকে সংগী হিচাপে লোৱা শান্তিৰামক প্ৰয়োজন আপোনাৰ অলপ সহায়ৰ।

শান্তিৰামৰ ভৰিত হোৱা এটা টিউমাৰেই যেন শান্তিৰামৰ জীৱনলৈ অশান্তি নমাই আনিলে। এখন দোকানত কৰ্মচাৰী হিচাপে কাম কৰি মাতৃক পোহপাল দিছিল শান্তিৰামে। বিধিয়ে দিলেও বিধাতাই নিদিয়ে। প্ৰথম অৱস্থাত শান্তিৰামৰ ভৰিখন হঠাৎ ফুলি উঠিছিল। কলংপাৰৰে স্থানীয় কেইজনমান যুৱক তথা স্থানীয় ৰাইজৰ প্ৰচেষ্টাত নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল পুৰণিগুদাম হালুৱাগাঁৱৰ নিবাসী এই দৰিদ্ৰ যুৱকজনক। কিন্তু  টিউমাৰ ধৰা পৰাত চিকিৎসকে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰিলে।

ইতিমধ্যে গাঁৱৰে ৰাইজ আৰু যুৱক কেইজনমানে দৰিদ্ৰ যুৱকজনলৈ কিছু পৰিমাণৰ আৰ্থিক সাহায্য আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয়। অসমৰ বাহিৰত উন্নত চিকিৎসাৰ বাবে নিবলৈ শান্তিৰামক বহু লক্ষাধিক টকাৰ প্ৰয়োজন। শান্তিৰামৰ মাতৃয়ে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্য চৰকাৰ আৰু অসমবাসী ৰাইজৰ সহায়-সহযোগিতা বিচাৰিছে। যদি কোনো ইচ্ছুক হৃদয়ৱান লোকে তেওঁক সহায় কৰিব বিচাৰে তেন্তে ৯৪৩৫২৬০৩০১ নম্বৰত যোগাযোগ কৰিব পাৰে।

Recent News

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd