• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এতিয়া বিদেশীক নাগৰিকত্ব দিয়াৰ হকে মাত মতা বিজয়া চক্ৰৱৰ্তী বিদেশী বহিষ্কাৰৰ অসম আন্দোলনৰ নেত্ৰী আছিল : অধিবক্তা হেমন্ত কুমাৰ নাথ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 28, 2018 9:47 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বৰ্তমানৰ বিজেপিৰ সাংসদ বিজয়া চক্ৰৱৰ্তী বিদেশী বহিষ্কাৰৰ বাবে হোৱা অসম আন্দোলনৰ নেত্ৰী আছিল। অসম আন্দোলনৰ সময়ত তেওঁৰ কষ্ট আৰু ত্যাগ সকলো অসমবাসীয়ে একেমুখে স্বীকাৰ কৰে।” এই মন্তব্য কৰিছে উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ উপদেষ্টা হেমন্ত কুমাৰ নাথে। আজি দিচপুৰ প্ৰেছ ক্লাবত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সন্দৰ্ভত সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে আয়োজন কৰা এখন সংবাদ মেলত অধিবক্তাজনে এইদৰে কয়।

এসময়ত সমগ্ৰ ৰাজ্যক উত্তপ্ত কৰি তোলা বিদেশী বহিষ্কাৰৰ বাবে হোৱা অসম আন্দোলনৰ মহিলাসকলক সবল নেতৃত্ব দিয়া বিজয়া চক্ৰৱৰ্তীয়ে বিজেপি-আৰ এছ এছৰ উচ্চ পৰ্য্যায়ৰ নেতাৰ কথা শুনি এতিয়া হিন্দু বাংলাদেশীক নাগৰিকত্বৰ সমৰ্থন কৰিছে বুলি গুৰুতৰ অভিযোগ তোলে অধিবক্তাজনে।

Apply Now

সেই সময়ৰ পৰিস্থিতিৰ ছবি দাঙি ধৰি অধিবক্তাজনে কয়, “অসম আন্দোলনৰ সময়ৰ অসম চৰকাৰৰ পৰা তেওঁ (বিজয়া চক্ৰৱৰ্তীয়ে) শাস্তি ভোগ কৰিব লগীয়া হৈছিল, লগতে শোণিতপুৰ জিলাৰ ভালুকপুঙত ৰাতি জংঘলত নি এৰি থৈ আহিছিল। ৰাতিটো তেওঁ গছৰ ওপৰত উঠি আছিল।”

উল্লেখযোগ্য যে দুদিনমান পূৰ্বে হিন্দু বাংলাদেশী নহয়, মুছলমান বাংলাদেশীহে অসমৰ বাবে ক্ষতিকৰ বুলি সংবাদমেল যোগে মুকলিকৈ মন্তব্য কৰিছিল সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে। লগতে তেওঁ ১০ হাজাৰহে হিন্দু বাংলাদেশী শৰণাৰ্থী অসমত থকা বুলিও মন্তব্য কৰিছিল।

আনহাতে, হেমন্ত কুমাৰ নাথে বিজয়া চক্ৰৱৰ্তীক তিৰ্য্যক ভাষাৰে সমালোচনা কৰি কয়, “বিজয়া চক্ৰৱৰ্তীয়েই হওক, ৰাষ্ট্ৰীয় নেতা অতলবিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানিকে ধৰি সকলো নাগপুৰৰ পৰা পৰিচালিত হৈ থাকে। তেওঁলোকে এটা সময়ত গৈ নাগপুৰত সেৱা লোৱা দেখিছিলো।”

অন্যহাতেদি অসম আন্দোলন হৈ যোৱাৰ পিছত বিজয়া চক্ৰৱৰ্তীয়ে সুৰ সলোৱা বুলি  উল্লেখ কৰি হেমন্ত কুমাৰ নাথে কয়, “তেওঁ ১৯৮৬ চনত অসম গণ পৰিষদৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। যি উদ্দেশ্যৰে তেওঁ অসম আন্দোলনত অংশগ্ৰহণ কৰি নিৰ্য্যাতিত হৈছিল, সেই উদ্দেশ্যৰ কথা নাপাহৰিব বুলি আমি আশা ৰাখিছো। ভোটৰ আশাত তেওঁ হিন্দু বাংলাদেশীৰ সপক্ষে যুক্তি দিয়াৰ বাবে আমি গৰিহণা দিছো।  তেওঁ ৰাজনৈতিক স্বাৰ্থৰ বাবে দুমুখীয়া চৰিত্ৰটো নাৰাখি অসম আন্দোলনৰ ৮৫৫গৰাকী চহিদৰ তেজৰ মূল্য দিব বুলি আমি আশাবাদী।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd