• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনআৰচিৰ ওপৰত শেনচকু ৰাষ্ট্ৰসংঘৰ : ধৰ্মীয় সংখ্যালঘূ সন্দৰ্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2018 12:22 pm
un11
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  অন্তিমটো খছৰাৰ কাম দ্ৰুত গতিত চলি থকাৰ মাজতেই ৰাষ্ট্ৰসংঘত উত্থাপিত হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  প্ৰসংগ। শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  পৰা এক বৃহৎসংখ্যক সংখ্যালঘু মুছলমানৰ নাম বাদ পৰাৰ আশংকাত সমগ্ৰ বিষয়টোক লৈ ভাৰত চৰকাৰৰ পৰা সবিশেষ তথ্য বিচাৰিছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় বিশেষ কাৰ্যপ্ৰণালী গোটে।ৰাষ্ট্ৰসংঘৰ সংখ্যালঘূ পৰিক্ৰমা বিশেষ বিশেষ দূত চাৰিগৰাকীয়ে স্বাক্ষৰ কৰি  যোৱা ১১ জুনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজলৈ এখন পত্ৰ প্ৰেৰণ কৰি এন আৰ চি সম্পৰ্কে ভাৰত চৰকাৰৰ স্থিতি  কেনেকুৱা পৰ্যায়ত আছে তাক জানিব বিচাৰিছে।

পত্ৰ লাভ কৰাৰ ৬০ দিনৰ ভিতৰত ভাৰত চৰকাৰৰ পৰা উত্তৰ বিচৰা ৰাষ্ট্ৰসংঘই ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ শংকা প্ৰকাশ কৰিছে যে এন আৰ চিৰ পৰা বাদ পৰাসকলক কি কৰা হ’ব তাক লৈ কোনো ধৰণৰ চৰকাৰী নীতি এই পৰ্যন্ত ভাৰতে গ্ৰহণ কৰা নাই।

Apply Now

অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে যোৱা ২০১৭ চনৰ ডিচেম্বৰ মাহত এইবুলি মন্তব্য কৰিছিল যে অসমত বসবাস কৰি থকা অবৈধ বাংলাদেশীসকলক চিনাক্ত কৰাৰ বাবেহে এন আৰ চি প্ৰস্তুত কৰা হৈছে আৰু যিসকল লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নহয়, তেওঁলোকক বহিষ্কাৰ কৰা হ’ব।

এনেধৰণৰ চৰ্চাই সম্প্ৰতি অসমৰ বাঙালী মুছলমান সংখ্যালঘু লোকসকলৰ মাজত ভয়-শংকাৰ সৃষ্টি কৰিছে। মূলতঃ অসমত বসবাস কৰি থকাৰ পাছতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  নাম নথকাৰ বাবে বিদেশী বুলি চিহ্নিত হোৱাৰ আশংকাতে এনেদৰে সংখ্যালঘু মুছলমানসকলৰ মাজত আতংক বৃদ্ধি পাইছে। এই প্ৰসংগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম আৰক্ষীৰ সীমান্ত শাখাক ঘোষিত বিদেশীৰ আত্মীয়ৰ নামো বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় বিশেষ গোটে কয় যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে দুটাকৈ নিৰ্দেশনাৰে  ঘোষিত বিদেশীসকলৰ পৰিয়ালৰ নাম বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰাৰ লগতে তেনে পৰিয়ালৰ নাম স্বয়ংক্ৰিয়ভাৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  পৰা বাদ পৰিব বুলি নিৰ্দেশনা দিছিল।

এনে নিৰ্দেশনাৰ পাছত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  পৰা ২০লাখ লোকৰ নাম কৰ্তন হোৱাৰো অভিযোগ উত্থাপন হৈছে। এই প্ৰসংগতে বিদেশী ন্যায়াধিকৰণৰ ভূমিকা সন্দৰ্ভতো তথ্য উল্লেখ কৰি পত্ৰখনত কোৱা হৈছে যে ১৯৮৫ চনৰ পৰা ২০১৬ চনলৈ ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা ৪৬৮৯৩৪গৰাকী সন্দেহযুক্ত বিদেশীৰ ভিতৰত ন্যায়াধিকৰণে মাথোঁ ৮০১৯৪গৰাকীকহে বিদেশী বুলি ঘোষণা কৰিছে। এই সংখ্যা ২০১৭চনত আৰু অধিক বৃদ্ধি পাইছে।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় বিশেষ কাৰ্যপ্ৰণালী গোটৰ হৈ ফাৰ্ণাণ্ড ডি  ভাৰিনে ( Fernand de Varennes), ই টেনডায়ি আচিউম E Tendayi Achiume), ডাইড কায়ে(Daid Kaye) আৰু আহমেদ শ্বাহীদে স্বাক্ষৰ পৰা পত্ৰখনত এই বুলিও উল্লেখ কৰা হৈছে যে বিদেশী ন্যায়াধিকৰণে মূলতঃ বাঙালী মুছলমানসকলক লক্ষ্য কৰি লোৱাৰ ফলত তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণৰ বাবে দিয়া নিৰ্দেশনাৰ ফলত ক্ষতিগ্ৰস্ত হৈ আহিছে।

ইফালে, এই পত্ৰখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  উপৰিও নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগও উত্থাপন কৰি কাৰ্যপ্ৰণালী গোটে এই বুলি কৈছে যে ভাৰত চৰকাৰে বিধেয়কখনত হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্ছি আৰু খ্ৰীষ্টিয়ানসকলক নাগৰিকত্ব দিয়াৰ পোষকতা কৰিছে যদিও বাঙালী মুছলমান তথা অন্যান্য ধৰ্মীয়  সংখ্যালঘুসকলক এই তালিকাত অন্তৰ্ভুক্ত কৰা হ’ল।

উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত  মুছলমান  সংখ্যালঘূৰ প্ৰতি বৈষম্যৰ সম্ভাৱনাক লৈ ৰাষ্ট্ৰসংঘ উদ্বিগ্ন হৈ পৰা কথা উনুকিয়াই এইক্ষেত্ৰত ভাৰত চৰকাৰৰ পৰা মানৱ অধিকাৰ পৰিষদৰ তৰফৰ পৰা কেতবোৰ পোনপটীয়া প্ৰশ্নৰ উত্তৰ বিচাৰিছে। ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী  সম্পৰ্কে যিসমূহ শংকা প্ৰকাশ কৰা হৈছে সেই বিষয়ে ভাৰত চৰকাৰক মতামত জনাবলৈ কোৱাৰ উপৰি এই কথাও কোৱা হৈছে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  ফলত যাতে ৰাষ্ট্ৰহাৰা লোক অথবা মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰ সৃষ্টি নহয় সেই কথা ভাৰত চৰকাৰে নিশ্চিত কৰিব লাগে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd