এনআৰচিৰ খচৰাত বিসংগতি : এআৰএন নম্বৰৰ বিপৰীতে আবেদনকাৰীৰ নামৰ ঠাইত ওলাল অজ্ঞাত লোকৰ নাম

627cdffb-5667-4b76-8e52-894501cfb5af

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰা তালিকা সোমবাৰে প্ৰকাশ পালে যদিও তালিকাখনত ব্যাপক খেলিমেলি হোৱাৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য মতে, নগাঁও জিলাৰ ধিং সমষ্টিৰ জুৰীয়া আৰক্ষী থানা এলেকাৰ জামুগুৰি-আলিটাঙনী গাঁও পঞ্চায়ত এনআৰচি সেৱা কেন্দ্ৰৰ অন্তৰ্গত জামুগুৰি গাঁৱৰ এটা পৰিয়ালৰ এ আৰ এন নম্বৰৰ বিপৰীতে এটা সম্পূৰ্ণ  অজ্ঞাত পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হোৱাত যথেষ্ট প্ৰতিক্রিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, নবী হুছেইন নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ পৰিয়ালৰ ক্ষেত্ৰত এনে এক অদ্ভুত কাণ্ড সংঘটিত হৈছে। ১৯৫১, ১৯৬৫ আৰু ১৯৭১ চনৰ লিগেচি ডাটা কোড ব্যৱহাৰ কৰি পৰিয়ালটোৱে এআৰএন ১০১৮৩০৫০২০৩৪০৬৩৩০০০৯৪ নম্বৰ যোগে এন আৰ চিৰ প্ৰ-পত্ৰ পূৰণ কৰি জমা দিছিল।

কিন্তু লক্ষ্যণীয়ভাৱে সোমবাৰে প্ৰকাশ কৰা খচৰাত পৰিয়ালটোৰ মুৰব্বী নবী হছেইনৰ ঠাইত সুনীল চন্দ্ৰ দেৱ, হুছেইনৰ পত্নী জুবেদা খাতুনৰ ঠাইত গীতা দেৱী, পুত্ৰ নাছিৰ উদ্দিনৰ ঠাইত অমৰজিত দেৱ, বোৱাৰী ফাতিমা খাতুনৰ ঠাইত মিঠু দেৱী, নাতি মৌচিযা হাচানৰ ঠাইত অভিমূন দেৱ আৰু আন এজনী নাতি মাচুমা খাতুনৰ ঠাইত সমূদ্বী দেৱৰ নাম অন্তৰ্ভূক্ত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

পৰিয়ালটোৰ বাকী থকা নাতি নচিম আহমেদ, আন এজন পুত্ৰ বাছিৰ উদ্দিন আহমেদ, জীয়েক মোকচিতা খাতুনৰ নামো চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত নোহোৱাত পৰিয়ালটোৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে পৰিয়ালটোৱে এন আৰ চিৰ পৰীক্ষণ প্ৰক্ৰিয়াৰ সময়ত অৰ্থাৎ যোৱা ১১ এপ্ৰিল আৰু ৭ মে’ত অজ্ঞাত ব্যক্তিকেইজনৰ নাম সন্নিবিষ্ট হৈ থকাৰ বিষয়টো এন আৰ চিৰ বিষয়-ববীয়াক অৱগত কৰিছিল। আনকি বিষয়টো যোৱা ১২ জুলাইত নগাঁও জিলা উপায়ুক্তকো লিখিতভাৱে অৱগত কৰিছিল।

কিন্তু লক্ষ্যণীয়ভাৱে ইমানৰ পিছতো কিয় এন আৰ চিৰ চূড়ান্ত খচৰা তালিকাত এনে বিসংগতি সংঘটিত হ’বলৈ পালে তাকে লৈ পৰিয়ালটোৱে যথেষ্ট চিন্তিত হৈ পৰিছে।

মন কৰিবলগীয়া কথাটো হ’ল যে জামুগুৰি গাঁৱত কোনো হিন্দু সম্প্ৰদায়ৰ লোক নাই। তেনে ক্ষেত্ৰত কিয় এইধৰণৰ ভুল হ’বলৈ পালে, তাক লৈ যথেষ্ট উদ্বিগ্ন প্ৰকাশ কৰিছে পৰিয়ালটোৰ লগতে সচেতন ৰাইজে।

এতিয়া এই ক্ষেত্ৰত এন আৰ চি কৰ্তৃপক্ষই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।