ছয়বছৰীয়া ঐতিহাসিক অসম আন্দোলনৰ ফলত হোৱা অসম চুক্তিৰ আধাৰত যদি এন আৰ চি প্ৰস্তুত হৈ আছে তেন্তে কোনো প্ৰকৃত ভাৰতীয়ৰে নাম বাদ পৰাৰ প্ৰশ্নই নুঠে । তাৰোপৰি এজন বিদেশীৰো নাম সোমাব নোৱাৰে। এই মন্তব্য এ আই য়ু ডি এফৰ ধুবুৰীৰ সাংসদ তথা অসম ৰাজ্যিক জমিয়ত উলেমা ই হিন্দৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ।
বৰপেটা জিলাৰ হাউলী সাহিত্য ভৱনত অনুষ্ঠিত হোৱা বৰপেটা জিলা জমিয়তৰ সভাত আজমলে আৰু কয় যে সকলো তথ্য থকা ব্যক্তিৰ শংকাৰ কোনো কাৰণ নাই। যদিহে এন আৰ চিৰ পৰা প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰে তেন্তে সি লাগিলে যি ধৰ্ম, জাতি-জনগোষ্ঠীৰে নহওক সেই লোকসকলক জমিয়ত উলেমা ই হিন্দে সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি সাংসদ গৰাকীয়ে উল্লেখ কৰে।
আনহাতে জমিয়তৰ বিশিষ্ট নেতা হাফিজ বছিৰ কাছিমীয়ে উক্ত সজাগতা সভাত উপস্থিত থাকি অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় ৰক্ষাৰ বাবে জমিয়তৰ ৰাজ্যিক কমিটিয়ে আগৰ পৰাই কাম কৰি আছে আৰু ভৱিষ্যতেও কৰি যাব বুলি স্পষ্টৰূপত উল্লেখ কৰা দেখা যায়।
উল্লেখ্যযোগ্য যে বৰপেটা জিলা জমিয়তৰ উদ্যোগত আৰু বৰপেটা জিলা জমিয়তৰ সভাপতি মৌলানা আক্কেল আলীৰ পৌৰোহিত্যত অনুষ্ঠিত এনআৰচিৰ সজাগতা সভাত আজমলৰ উপৰি এ আই য়ু ডি এফৰ জিলা তথা ৰাজ্যিক পৰ্যায়ৰ বহুতো নেতৃবৃন্দ উপস্থিত থাকে।