• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশীৰ নামমুক্ত এন আৰ চিৰ দাবী : প্ৰতীক হাজেলাক সাক্ষাৎ অগপৰ প্ৰতিনিধি দলৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 6, 2018 7:40 pm
বিদেশীৰ নামমুক্ত এন আৰ চিৰ দাবীত প্ৰতীক হাজেলাক সাক্ষাৎ অগপৰ প্ৰতিনিধি দলৰ। ফটো : য়ু বি।

বিদেশীৰ নামমুক্ত এন আৰ চিৰ দাবীত প্ৰতীক হাজেলাক সাক্ষাৎ অগপৰ প্ৰতিনিধি দলৰ। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিগাঁৱৰ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা ৩৯টা পৰিয়ালৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱা ঘটনাৰ পাছত ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰে অসম গণ পৰিষদে।

এই সন্দৰ্ভত সোমবাৰে দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰে।

Apply Now

ইয়াৰ পাছতেই দলটোৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মহন্তই কয়, “আমি এখন নিখুঁত, বিদেশীৰ নামমুক্ত এন আৰ চি প্ৰস্তুত হোৱাটো বিচাৰো। কিন্তু মৰিগাঁৱৰ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা ৩৯টা পৰিয়ালৰ লোকসকলৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হৈছে। এই তথ্য আৰু অভিযোগসমূহে স্পষ্ট কৰে যে এন আৰ চিৰ চূড়ান্ত খচৰাত নাম থকাসকলৰ ভিতৰত বিদেশী নাগৰিকৰ নাম থাকিল।”

অগপৰ প্ৰতিনিধি দলটোৱে প্ৰতীক হাজেলাক সাক্ষাৎ কৰি এন আৰ চিৰ দ্বিতীয়খন খচৰা পূনৰীক্ষণৰ আহ্বান জনোৱা বুলি কেশৱ মহন্তই প্ৰকাশ কৰে।

“ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ নীতিত সন্নিৱিষ্ট ধাৰা অনুসৰি এন আৰ চিৰ খচৰাৰ suo moto scrutiny হ’ব লাগে। ইয়াৰ পাছত cross scrutiny হ’ব লাগে, অৰ্থাৎ আগৰ যিজন বিষয়া আছিল তেওঁৰ দ্বাৰা নহয়, বেলেগ এজন বিষয়াৰ দ্বাৰা পুনৰীক্ষণ কৰি এই খচৰাখন বিদেশীৰ নামমুক্ত কৰিব লাগে। আমি প্ৰতীক হাজেলাক অসম গণ পৰিষদ দলৰ ফালৰ পৰা এইখিনি কথা ব্যক্ত কৰিছো।”, কেশৱ মহন্তই কয়।

দলটোৰ ফালৰ পৰা প্ৰকাশ কৰা অনুসৰি বিদেশী নাগৰিকৰ নাম এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত হ’লে দাবী, আপত্তি আৰু সংশোধনী আৱেদন কৰাৰ ৱ্যৱস্থা ৰখা হৈছে যদিও ই ফলদায়ক হোৱাটো কঠিন। গতিকে এখন বিদেশীৰ নামমুক্ত এন আৰ চিৰ স্বাৰ্থত এই বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে অসম গণ পৰিষদে আহ্বান জনোৱা বুলি মহন্তই জানিবলৈ দিয়ে।

তেওঁ লগতে কয়, “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন অসমত থকা ভাৰতীয় নাগৰিকৰ স্বাৰ্থত, ভাৰতীয় নাগৰিকক লৈ উন্নীতকৰণ কৰা হৈছে। গতিকে প্ৰতিজন ভাৰতীয় নাগৰিকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত থাকিব লাগিব।”

আনহাতে এন আৰ চিৰ চূড়ান্ত খচৰাত বাদ পৰা ৪০,০৭,৭০৭জন লোকৰ প্ৰসংগত তেওঁ এজনো প্ৰকৃত ভাৰতীয় নাগৰিক যাতে এন আৰ চিৰ পৰা বাদ নপৰে তাৰ বাবে অতি শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

অগপৰ প্ৰতিনিধি দলটোত কেশৱ মহন্তৰ উপৰি ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কমলা কলিতা, সত্যব্ৰত কলিতা আৰু মনোজ শইকীয়াও আছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd