DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এনআৰচি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰাজ্যত অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2018 2:42 pm
NRC
90
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যে ৰাজ্য চৰকাৰ সদিচ্চা নাই সেয়া বৃহস্পতিবাৰে স্পষ্ট হৈ পৰিল। অসম চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে স্পষ্ট কৰি দিছে যে এনআৰচি সম্পূৰ্ণ নোহোৱাকৈ ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয়।

যিহেতু এনআৰচিৰ সম্পূৰ্ণ তালিকা ডিচেম্বৰতহে প্ৰকাশ পাব, তেনেক্ষেত্ৰত এইটো স্পষ্ট যে চলিত বৰ্ষত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয়।

উল্লেখযোগ্য যে ২০১৯ৰ আৰম্ভণিতে দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব।  সেয়েহে লোকসভা নিৰ্বাচন পাৰ নোহোৱা পৰ্যন্ত যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কোনো সম্ভাৱনা নাই সেয়া স্পষ্ট।

ৰাজ্যত অব্যাহত থকা এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত প্ৰায় ৪৫হাজাৰ ৰাজ্যিক কৰ্মচাৰী নিয়োজিত হৈ আছে। ইতিমধ্যে পাঁচ বছৰীয়া পঞ্চায়তৰ কাৰ্যকাল সম্পূৰ্ণ হৈছে। কাৰ্যকাল সম্পূৰ্ণ হোৱা পঞ্চায়তসমূহ ভংগ কৰি পঞ্চায়তৰ সকলো কাম-কাজ জিলাৰ উপায়ুক্ত, মহকুমাধিপতি, বি ডি অ’ আদিক চমজি ল’বলৈ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত আয়ুক্তই যোৱা ৪ মাৰ্চতে পত্ৰ প্ৰেৰণ কৰিছিল।

আনহাতে ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিচাৰিছিল যদিও ১৫খনকৈ জিলাৰ উপায়ুক্তই এনআৰচিৰ কামত বিষয়া-কৰ্মচাৰীসকল নিয়োজিত হৈ থকাত নিৰ্বাচনত নিয়োগ কৰিব পৰা নাযাব বুলি আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ যোৱাত এনআৰচিৰ কামত বিঘিনি নোহোৱাকৈ বহিঃৰাজ্যৰ কৰ্মচাৰী নিয়োগ কৰি যদি নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে সেয়া কৰিবলৈ আয়োগৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে। কিন্তু ৰাজ্য চৰকাৰে এই সময়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সন্মত  নোহোৱাত ৰাজ্যিক নিৰ্বাচন আয়োগ থমকি ৰ’বলৈ বাধ্য হৈছে।

বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যতো চৰকাৰৰ সদিচ্ছা নথকাটো পুনৰ স্পষ্ট হৈ পৰিল। কিয়নো ৰাজ্যিক কৰ্মচাৰীৰ সংখ্যা প্ৰায় ৪.৫০ লাখ। এনআৰচিত নিয়োজিত হৈ আছে অৰ্ধ লক্ষাধিকতকৈও কম কৰ্মচাৰী। সম্প্ৰতি লোকসভা নিৰ্বাচনৰ পাছতহে যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব সেয়া ক্ৰমাৎ স্পষ্ট হৈ পৰিছে বুলি প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লষকসকলে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd