DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিত ভুৱা তথ্য দাখিল : বৰপেটাত দুজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2018 7:42 am
এন আৰ চি
107
VIEWS
Share on FacebookShare on Twitter

বৰপেটাত ভুৱা পৰিচয়েৰে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলাই আৰক্ষীৰ জালত পৰিল দুজন পুৰুষ-মহিলা। অভিযুক্ত পুৰুষ-মহিলা দুগৰাকী হ’ল ক্ৰমে বৰপেটাৰ কুৰিহা গাঁৱৰ কালু দেৱান আৰু কয়াকুছি পথাৰ গাঁৱৰ চাহিয়া বেগম।

বংশবৃক্ষ পৰীক্ষণৰ সময়ত চাহিয়া বেগমক নিজৰ কন্যা সন্তান বুলি পৰিচয় কৰাই দিছিল কালু দেৱানে। অনুসন্ধানত চাহিয়া বেগম কালু দেৱানৰ কন্যা নহয় বুলি প্ৰমাণিত হয়।

সত্যাসত্য নিৰূপণৰ সময়ত অনুসন্ধানকাৰী বিষয়াই কালু আৰু চাহিয়াৰ জালিয়াতি ধৰা পেলায়।

এন আৰ চিৰ দায়িত্ববাহী বিষয়াৰ অভিযোগৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত জেল হাজোতলৈ প্ৰেৰণ কৰা হয় কালু দেৱান আৰু চাহিয়া বেগমক।

উল্লেখযোগ্য যে এন আৰ চিত আনৰ লিগেচী ডাটা ব্যৱহাৰ কৰি  ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ যোৱা এগৰাকী মহিলাক যোৱা ৮ এপ্ৰিলত নগাঁৱত গ্ৰেপ্তাৰ কৰা হৈছিল। জালিয়াতিৰে আনৰ লিগেচী জমা দি নিজকে সংশ্লিষ্ট ব্যক্তিগৰাকীৰ আত্মীয় বুলি দাবী কৰা ছাহেৰা বেগম নামৰ মহিলাগৰাকীক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পিছতে যোৱা ১১ এপ্ৰিলত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা পৰিয়ালৰ লিগেচী ডাটা ব্যৱহাৰ কৰি ভুৱা বংশবৃক্ষৰ তথ্য সন্নিৱিষ্ট কৰি এটি বাংলাদেশী পৰিয়ালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰাৰ অপচেষ্টাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছিল।

আনহাতে, যোৱা ২১ এপ্ৰিলত ধুবুৰীত এন আৰ চিৰ নামত জালিয়াতি কৰা দুই চৰকাৰী বিষয়া স্বপন দত্ত আৰু ফিদ্দুজ জামানক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল।

নগাওঁ জিলাৰ মিচামুখ পাম উলুৱনি গাঁৱৰ বাসিন্দা জিতেশ চন্দ্ৰ দাসক আনৰ লিগেচী ব্যৱহাৰ কৰি নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে প্ৰচেষ্টা চলোৱাৰ অভিযোগত যোৱা ২৮ এপ্ৰিলত গুৱাহাটীত পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

এনেদৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ভুৱা তথ্য দাখিলেৰে নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলোৱা বহু গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে।

Recent News

Bharat Jodo Yatra

দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই ভাৰত জোড়ো যাত্ৰাত যোগদান!

BBC documentary on Modi

বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি উত্তপ্ত দিল্লী বিশ্ববিদ্যালয়: আটক কেইবাগৰাকীও শিক্ষাৰ্থী

China covid

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd