• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ মাটিতে এন আৰ চিৰ অপব্যাখ্যা; মমতাৰ পিছত এইবাৰ পাল টোগাড়িয়া বাহিনীৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 2, 2018 4:34 pm
mamata vs togadia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ প্ৰায়ভাগ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম, একাংশ ৰাজনৈতিক দল আৰু নেতা বিশেষকৈ মমতা বেনাৰ্জীয়ে দেশজুৰি চলোৱা অপপ্ৰচাৰৰ পিছত এইবাৰ গুৱাহাটীতে চৰকাৰ আৰু ন্যায়ালয়বিৰোধী মন্তব্যৰে যেন খচৰাৰ অপব্যাখ্যাৰ প্ৰতিযোগিতাত নামি পৰিছে প্ৰবীন ভাই টোগাড়িয়া নেতৃত্বাধীন আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ।

মমতা বেনাৰ্জীয়ে অসমৰ ৪০ লাখ লোকক অন্যায়ভাৱে ‘বিদেশী’ সজাব খোজা বুলি হূলস্থূল লগোৱাৰ সমান্তৰালকৈ এইসকল ‘বিদেশী’ক শীঘ্ৰে বহিষ্কাৰৰ দাবী উত্থাপন কৰিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে।

Apply Now

‘যি ৪০ লাখ বাংলাদেশী বা বিদেশী এন আৰ চিৰ পৰা বাদ পৰিছে, নিশ্চয় মাননীয় উচ্চতম ন্যায়ালয়ে এই ৪০ লাখ বিদেশীক অসমৰ পৰা অতি সোনকালে বহিষ্কাৰ কৰিব বুলি আমি আশা ৰাখিছো,’ গুৱাহাটীত সংবাদমেল পাতি ঘোষণা পৰিষদৰ কাৰ্য্যকৰী সভাপতি ভাস্কৰ কলিতাৰ।

অথচ এন আৰ চি উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়া নিৰীক্ষণ কৰি থকা উচ্চতম ন্যায়ালয়, এন আৰ চি কৰ্তৃপক্ষ, ভাৰত আৰু অসম চৰকাৰ কোনেও খচৰাত নাম নহা ৪০ লাখ লোকক ‘বিদেশী’ বুলি ঘোষণা কৰা নাই।

এধাপ উধাই খচৰাত নাম নহাসকলক ‘বাংলাদেশী’ বুলিও ঘোষণা কৰিলে সংগঠনটোৱে।

‘অসমীয়া জাতি, অসমবাসী, অসমীয়া হিন্দু সমাজ, আজি ৪০ লাখ অবৈধ বাংলাদেশীৰ পৰা মুক্ত বুলি আমি ভাবিছো,’ খচৰাত নাম নহাসকলক ‘বাংলাদেশী বুলি ভাবি লৈছো’ বুলি মন্তব্য কৰি ঘোষণা কলিতাৰ।

খোদ উচ্চতম ন্যায়ালয়ৰ তীক্ষ্ণ নিৰীক্ষণত চলা উন্নীতকৰণৰ প্ৰক্ৰিয়াটোৰ ওপৰতো কাৰ্য্যতঃ প্ৰশ্নৰ অৱতাৰণা কৰে উগ্ৰ হিন্দুত্ববাদী সংগঠনটোৰ নেতাজনে। ‘আমি আশা কৰিছিলো এক কোটি বাংলাদেশী বা অবৈধ বিদেশী ওলাব,’ মন্তব্য উগ্ৰ হিন্দুত্ববাদী নেতাজনৰ।

২০১৮ চনৰ ৩১ ডিচেম্বৰত চূড়ান্ত এন আৰ চি প্ৰকাশ হোৱাৰ পিছত চিনাক্ত ‘বিদেশী’ক চৰকাৰে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বহিষ্কাৰ নকৰিলে পৰিষদে বিদেশী বহিষ্কাৰৰ অভিযান আৰম্ভ কৰিব বুলিও সংগঠনটোৱে হুংকাৰ দিছে।

‘চৰকাৰে যদি দায়িত্ব পালন কৰিব নোৱাৰে, তেতিয়া হ’লে শান্তিপূৰ্ণ জাগৰণ সৃষ্টি কৰি বিদেশী বহিষ্কাৰৰ কাম আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু বজৰং দলে কৰিব,’ সংবাদ মেলত মন্তব্য সাধাৰণ সম্পাদক ড০ জ্ঞানেন্দ্ৰ বৰ্মনৰ।

আনহাতে ‘বিদেশী’ৰ বিৰুদ্ধে সোচ্চাৰ সংগঠনটোৱে আকৌ অসমৰ প্ৰায়ভাগ দল-সংগঠনে বিৰোধিতা কৰা বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়ক গৃহীত কৰি আহিব লগা লোকসকলৰ বাবে ২০ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণাৰ বাবে চৰকাৰক দাবী জনাইছে।

https://www.facebook.com/nenowassam/videos/223225755053785/

আইন বিৰোধী আৰু অশান্তি বিয়পাব পৰা আপত্তিজনক মন্তব্য কৰা ভাস্কৰ কলিতা সাংবাদিকৰ প্ৰশ্নত ধৰাশায়ী হোৱাত তেওঁক ৰক্ষণাৱেক্ষণৰ চেষ্টা কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক বৰ্মনে। বৰ্মনে কয়, ‘কাৰ্য্যকৰী সভাপতিয়ে চৰকাৰে দিয়া তথ্যৰ আধাৰতহে এই কথা কৈছে।’

দেশৰ গৃহ মন্ত্ৰীয়ে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত ‘কোনো লোককে আইন হাতত তুলি ল’বলৈ অনুমতি দিয়া নহ’ব আৰু সকলোৰে সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা কৰা হৈছে। ভয় খোৱা বা আতংকিত হোৱাৰ কোনো কাৰণ নাই। কোনো লোককে নিৰ্য্যাতন চলাবলৈ দিয়া নহ’ব’ বুলি বিবৃতি দিয়াৰ পিছত উগ্ৰ হিন্দুত্ববাদী সংগঠনে গুৱাহাটীতে কৰা এনে প্ৰৰোচনামূলক বক্তব্যৰ পিছত কি ব্যৱস্থা গ্ৰহণ কৰিব সোণোৱাল চৰকাৰে?

সংগঠনটোৰ নেতা প্ৰবীন ভাই টোগাড়িয়াক গুৱাহাটীৰ আৰক্ষী আয়ুক্তই ৰাজহুৱা সভা পতাত বাধা দিয়াৰ পিছতো কিদৰে অসমত বাধাহীনভাৱে এনে ৰাজহুৱা মন্তব্য কৰিব পাৰিছে টোগাড়িয়া অনুগামীয়ে?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd