• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চিৰ চূড়ান্ত খচৰা : আজি কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2018 12:29 pm
এন আৰ চি
101
VIEWS
Share on FacebookShare on Twitter

অহা ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশৰ পাছত সৃষ্টি হ’ব পৰা কেতবোৰ আইনগত সমস্যাৰ লগতে আনুষংগিক বিষয় আলোচনাৰ বাবে আজি জনতা ভৱনত অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশলৈ আৰু মাত্র এসপ্তাহ বাকী থকা অৱস্থাত আজিৰ এই কেবিনেট বৈঠকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

জানিব পৰা মতে এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশৰ পাছত উদ্ভৱ হ’ব পৰা আইনগত দিশবোৰৰ বিষয়ত ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্রহণ কৰিব সেই বিষয়ে  কেবিনেটত আলোচনা হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশৰ পূর্বে আজি অনুষ্ঠিত হ’বলগীয়া কেবিনেটত খচৰাত নাম বাদ পৰাসকলৰ ক্ষেত্রত কেনে পদক্ষেপ গ্রহণ কৰা হ’ব সেই বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে যোৱা ১ জুনত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এখন গুৰুত্বপূর্ণ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠকতে অগপৰ তিনিজন মন্ত্রীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ মুকলি বিৰোধিতা কৰিছিল।

আনহাতে, ৰাজ্য চৰকাৰে এন আৰ চি উন্নীতকৰণ বিষয়টো চোৱাচিতা কৰা সম্পর্কত মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত এখন কেবিনেট উপসমিতি গঠন কৰিছিল। এই কেবিনেট উপ সমিতিৰ সদস্যসকল হ’ল মন্ত্রী অতুল বৰা, পৰিমল শুক্লবৈদ্য আৰু ৰঞ্জিত দত্ত। এই উপ সমিতিৰ কেইবাখনো বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে।

এন আৰ চিৰ খচৰা প্রকাশৰ পাছত চৰকাৰে সন্মুখীন হ’ব পৰা দিশবোৰৰ ক্ষেত্রত ৰাজ্য চৰকাৰে কি পদক্ষেপ ল’ব, সেই বিষয়ে ইতিমধ্যে কেবিনেট উপ-সমিতিয়ে প্রাৰম্ভিকভাৱে সিদ্ধান্ত গ্রহণ কৰিছে।

উল্লেখযোগ্য যে ৩০ জুলাইত প্রকাশ হ’ব লগীয়া চূড়ান্ত খচৰাত যিসকল লোকৰ নাম বাদ পৰিব তেওঁলোকে পুনৰ তথ্যপাতিৰে নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন জনাব পাৰিব। এই আবেদনৰ বাবে তেওঁলোকে ৪ মাহ সময় লাভ কৰিব। আজি এন আৰ চি সম্পৰ্কীয় এই সকলোবোৰ বিষয় কেবিনেট বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে।

 

Recent News

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলঙ? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলঙ? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

অসম চৰকাৰৰ অমানুষিক উচ্ছেদৰ তীব্ৰ বিৰোধ ‘অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ’

অসম চৰকাৰৰ অমানুষিক উচ্ছেদৰ তীব্ৰ বিৰোধ ‘অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ’

শ্ৰম সংহিতা বাতিল কৰা আৰু বিজেপি চৰকাৰৰ জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে দেশজোৰা ধৰ্মঘটে ‘অসম বন্ধ’ ৰূপ ল’লে ৰাজ্যত

শ্ৰম সংহিতা বাতিল কৰা আৰু বিজেপি চৰকাৰৰ জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে দেশজোৰা ধৰ্মঘটে ‘অসম বন্ধ’ ৰূপ ল’লে ৰাজ্যত

পুনৰ চৰ্চাত ডিমা হাছাওৰ চিইএম ডেব’লাল গোৰ্লোছা! মৃত্যুৰ ভাবুকি প্ৰদানৰ অভিযোগ গোৰ্লোছাৰ বিৰুদ্ধে

পুনৰ চৰ্চাত ডিমা হাছাওৰ চিইএম ডেব’লাল গোৰ্লোছা! মৃত্যুৰ ভাবুকি প্ৰদানৰ অভিযোগ গোৰ্লোছাৰ বিৰুদ্ধে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd