DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ তথ্য জালিয়াতিৰ অভিযোগত নগাঁৱত তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2018 10:57 am
এন আৰ চি
75
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ তথ্য জালিয়াতিৰ অভিযোগত শনিবাৰে নগাঁৱত তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নগাওঁ জিলাৰ কুঠৰীৰ আনোৱাৰ হুছেইন, আজমল আলী আৰু ৰূপহীহাটৰ কুৰছীদ আলমক তথ্য জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

বতৰ্মান নগাওঁ সদৰ আৰক্ষী থানাত তেওঁলোকক আৰক্ষীয়ে জেৰা কৰি থকা বুলি জানিব পৰা গৈছে। অভিযুক্ত লোক তিনিজনে কাজিৰঙাৰ জালালুদ্দিন নামৰ লোক এজনৰ লিগেচী ডাটা জালিয়াতি কৰি এন আৰ চিৰ নামভৰ্তি প্ৰক্ৰিয়াত জমা দিছিল। কিন্তু নাগৰিক পঞ্জীৰ বংশবৃক্ষ পৰীক্ষণৰ সময়ত এই জালিয়াতি ধৰা পৰে।

আৰক্ষী সূত্ৰই জনোৱা মতে কুঠৰীৰ আনোৱাৰ হুছেইন, আজমল আলী আৰু ৰূপহীহাটৰ কুৰছীদ আলম নামৰ লোক কেইজনৰ নিজৰ লিগেচী ডাটা নথকাত তেওঁলোকে কাজিৰঙাৰ জালালুদ্দিন নামৰ লোক এজনৰ লিগেচী ডাটা ব্যৱহাৰ কৰি এন আৰ চিৰ আৱেদন পত্ৰ জমা দিছিল।

এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ বাবে হোৱা শুনানিৰ সময়ত লোক কেইজনে জখলাবন্ধাৰ এন আৰ চি সেৱা কেন্দ্ৰত আহি উপস্থিত হোৱাত জালালুদ্দিনৰ পৰিয়ালৰ লোকে লোককেইজনৰ জালিয়াতি ধৰা পেলায়।

ইয়াৰ পিছৰে পৰা লোক তিনিজনে নগাওঁ চহৰৰ আজাদ নগৰত বাস কৰা জালালুদ্দিনৰ কন্যাক তেওঁলোকক ভাতৃ বুলি চিনাকি দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰে। শনিবাৰেও লোক তিনিজনে মহিলাগৰাকীৰ স্বামীৰ গৃহত উপস্থিত হৈ তেওঁলোকক জালালুদ্দিনৰ পুত্ৰ তথা তেওঁৰ নিজৰ ভাতৃ বুলি এন আৰ চি কেন্দ্ৰলৈ গৈ পৰিচয় দিবলৈ তীব্ৰ হেঁচা প্ৰয়োগ কৰে।

সেই সময়ত মহিলাগৰাকীৰ স্বামী ঘৰত নাছিল যদিও মহিলাগৰাকীয়ে ফোন যোগে কথাখিনি জনোৱাৰ পিছত তেওঁ সমস্ত কথাখিনি আৰক্ষীক অৱগত কৰে।  নগাওঁ সদৰ আৰক্ষী থানাৰ এটি দল আহি আজাদ নগৰৰ তেওঁলোকৰ বাসগৃহৰ পৰা আনোৱাৰ হুছেইন, আজমল আলী আৰু কুৰছীদ আলমক আটক কৰি লৈ যায়।

Recent News

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd